আপুনি বিচনাত বহি খাদ্য খাই নেকি? ই ভাল নে বেয়া, জানক বিশেষজ্ঞৰ পৰা…

খাদ্য খোৱাৰ অভ্যাসে মানুহৰ স্বাস্থ্যত প্ৰভাৱ পেলায়। আগতে প্ৰায় সকলোৱে তলত বহি ভাল খাইছিল। কিন্তু আজিকালি বহুতে বিচনাত বহি খাদ্য খায়। পিছে প্ৰশ্ন হয়, বিচনাত বহি খাদ্য খোৱা ভাল নে বেয়া?

আপুনি বিচনাত বহি খাদ্য খাই নেকি? ই ভাল নে বেয়া, জানক বিশেষজ্ঞৰ পৰা...

খাদ্য খোৱা

Published: 

12 Oct 2025 | 09:50 PM

সময়ৰ লগে লগে মানুহৰ জীৱনশৈলী সলনি হৈছে। ঠিক তেনেদৰে খাদ্য খোৱাৰ ধৰণো সলনি হৈছে। আগতে মানুহে মজিয়াত বহি ভাত খাইছিল। কিন্তু এতিয়া বহুতে ডাইনিং টেবুল, চোফা, বিচনা আদিত বহি ভাত খায়। কিন্তু আপুনি জানেনে ক’ত বহি খাদ্য গ্ৰহণ কৰা ভাল? কেৱল পৰম্পৰা নহয়, বিজ্ঞানেও কৈছে কেনেকৈ খাদ্য গ্ৰহণ কৰা মানুহৰ বাবে উপকাৰী। এই লেখাটোত এই বিষয়ে উল্লেখ কৰা হ’ল।

তলত বহি খাদ্য খোৱা

তলত বহি খাদ্য খালে শৰীৰটো স্বাভাৱিকভাৱে নমনীয় হৈ থাকে। যেতিয়া আপুনি মজিয়াত ভৰি দুখন ক্ৰছ কৰি বহি থাকে তেতিয়া পাচনতন্ত্ৰ সক্ৰিয় হয়। যোগাসনত এই অৱস্থাত সুখাসন বুলি জনা যায়। ই হজম শক্তি ভাল কৰে। এই অৱস্থাত শৰীৰৰ পেশীবোৰ টান খাই যায় আৰু ৰক্ত সঞ্চালন উন্নত হয়। ইয়াৰ লগতে এনেকৈ খালে বেছি খাদ্য খোৱা নাযায়। আগতে বহু মানুহে এই পদ্ধতিতে খাদ্য খাইছিল।

বিশেষজ্ঞৰ মতে,মজিয়াত বহি খাদ্য খোৱা এক ভাল অভ্যাস। ই মানুহৰ মন-আন্ত্ৰিক সংযোগ শক্তিশালী কৰে। এনেকৈ খাদ্য খালে মগজুৱে সংকেত লাভ কৰে যিয়ে ওজন নিয়ন্ত্ৰণত সহায় কৰে। ই মেৰুদণ্ড আৰু গাঁঠিৰ বাবে উপকাৰী। এই অভ্যাসৰ ফলত ডায়েবেটিছ আৰু ৰক্তচাপৰ দৰে ৰোগৰ পৰাও সকাহ পাব পাৰে।

বিচনাত বহি খাদ্য খোৱা

বিচনাত বহি খাদ্য খোৱা বেয়া অভ্যাস। বিচনাত বহি খাদ্য খোৱাৰ সময়ত শৰীৰৰ ভংগীমা ঠিক নাথাকে। যাৰ বাবে খাদ্য ভালকৈ চোবাই খাব নোৱাৰে আৰু হজম শক্তিক প্ৰভাৱ পৰে। ইয়াৰ ফলত গেছৰ সমস্যা হ’ব পাৰে। ইমানেই নহয়, বিচনাত বহি খাদ্য খালে খাদ্যৰ কনা বিচনাত পৰিব পাৰে। যাৰ ফলত বিচনাত বেক্টেৰিয়া হ’ব পাৰে।

নিয়মিতভাৱে বিচনাত খাদ্য গ্ৰহণ কৰিলে আপোনাৰ পাচন প্ৰক্ৰিয়া দুৰ্বল হ’ব পাৰে। ইয়াৰ বাবে মেদবহুলতা,টোপনিৰ সমস্যা আদি হ’ব পাৰে। বিচনাত খাদ্য গ্ৰহণ কৰিলে মেৰুদণ্ডৰ ওপৰত চাপ বৃদ্ধি পায়। ইয়াৰ ফলত কঁকালৰ বিষ, গাঁঠিৰ বিষ হ’ব পাৰে। ইয়াৰোপৰি বিচনাখন লেতেৰা হ’ব পাৰে। যাৰ ফলত এলাৰ্জী বা ছালৰ সংক্ৰমণ হ’ব পাৰে।

 

অন্য খবৰ পঢ়কঃ নিশা বেছিকৈ প্ৰস্ৰাৱ অহা, পেটৰ বিষ…কি ৰোগৰ লক্ষণ, জানক বিশেষজ্ঞৰ পৰা…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...