ৰাতিপুৱা দেখা পোৱা এই সমস্যাবোৰ ডায়েবেটিছৰ লক্ষণ হ’ব পাৰে, জানক

ডায়েবেটিছৰ লক্ষণসমূহ যথেষ্ট পলমকৈ ধৰা পৰে। কিন্তু মানুহে ইয়াক আওকাণ কৰা দেখা যায় । এনে কিছুমান লক্ষণ আছে যিবোৰ ৰাতিপুৱা সাৰ পোৱাৰ পিছত দেখা যায়।

ৰাতিপুৱা দেখা পোৱা এই সমস্যাবোৰ ডায়েবেটিছৰ লক্ষণ হ’ব পাৰে, জানক

প্ৰতীকী ফটো

manas-borah
Published: 

22 Mar 2025 06:50 AM

ডায়েবেটিছৰ ক্ষেত্ৰত এটা ডাঙৰ সমস্যা হ’ল ইয়াৰ লক্ষণসমূহ যথেষ্ট পলমকৈ ধৰা পৰে। ইয়াৰ লক্ষণসমূহ বহুদিনৰ পাছত দেখা দিবলৈ আৰম্ভ কৰে । কিন্তু মানুহে ইয়াক আওকাণ কৰা দেখা যায় । এনে কিছুমান লক্ষণ আছে যিবোৰ ৰাতিপুৱা সাৰ পোৱাৰ পিছত দেখা যায়।

দিল্লীৰ ডাঃ অজিত জৈনে কয় যে, কিছুমান লক্ষণক আওকাণ কৰা উচিত নহয়। যদি ৰাতিপুৱা সাৰ পাই ভাগৰুৱা অনুভৱ কৰে, সঘনাই প্ৰস্ৰাৱ হয়, ডিঙি শুকান হৈ থাকে, যদি হঠাতে ভোক বাঢ়িছে বা কমিছে, তেন্তে এই সকলোবোৰ ডায়েবেটিছৰ লক্ষণ হ’ব পাৰে। এইবোৰক আওকাণ কৰা উচিত নহয়। যদি এই লক্ষণসমূহ দেখা যায় তেন্তে আপুনি তৎক্ষণাত আপোনাৰ চুগাৰৰ মাত্ৰা পৰীক্ষা কৰিব লাগে।

ডায়েবেটিছ কিয় বাঢ়িছে?

ডাঃ জৈনে কৈছে যে, টাইপ-১ ডায়েবেটিছ জিনীয় কাৰণত হয়, আনহাতে টাইপ-২ ডায়েবেটিছ বেয়া খাদ্যাভ্যাস আৰু জীৱনশৈলীৰ বাবে হয়। আগতে মানুহে ৫০ বছৰ বয়সৰ পিছত টাইপ-২ ডায়েবেটিছ ৰোগত আক্ৰান্ত হৈছিল । কিন্তু এতিয়া এই ৰোগ কম বয়সতো অৰ্থাৎ ২৫ৰ পৰা ৩৫ বছৰ বয়সৰ লোকৰ ক্ষেত্ৰতো দেখা গৈছে। ইয়াৰ মূল কাৰণ হৈছে বেয়া খাদ্যাভ্যাস আৰু জীৱনশৈলী। মানুহৰ খাদ্যাভ্যাসত বাঢ়িছে জাংক ফুড। মদ্যপানৰ প্ৰতি আসক্তি বাঢ়িছে। শুই থকা আৰু সাৰ পোৱাৰ ধৰণটো বেয়া হৈ আহিছে। এই কাৰণেই মানুহ টাইপ-২ ডায়েবেটিছৰ বলি হৈ পৰিছে।

ডায়েবেটিছ কেনেকৈ প্ৰতিৰোধ কৰিব পাৰি ?

  • ডায়েবেটিছ ৰোধ কৰিবলৈ শৰীৰ চৰ্চা কৰাটো অতি প্ৰয়োজন । মানুহে কমেও আধা ঘণ্টা ব্যায়াম কৰিব লাগে ।
  • খাদ্যত মিঠাৰ পৰিমাণ কম কৰক । ইয়াৰ লগতে নিমথৰ পৰিমাণ কম কৰক ।
  • মানসিক চাপ গ্ৰহণ নকৰিব । মানসিক চাপ আপোনাৰ বহু ৰোগৰ কাৰণ । গতিকে মানসিক চাপ নিয়ন্ত্ৰণ কৰিবলৈ ধ্যান কৰিব পাৰে ।
  • প্ৰতিদিনে সময়মতে শুবলৈ যাওক আৰু কমেও ৮ ঘণ্টা টোপনি যাওক ।
মানচেষ্টাৰত ইতিহাস ৰচিলে শুভমন গিলে, পাকিস্তানৰ হাতৰ পৰা কাঢ়ি আনিলে এই বৃহৎ অভিলেখ
উপকাৰী গুণেৰে ভৰপূৰ হালধি মিহলি গাখীৰো হ’ব পাৰে ক্ষতিৰ কাৰণ, এইসকল লোক হওক সাৱধান
উচ্চ ৰক্তচাপ তৎক্ষণাত নিয়ন্ত্ৰণ কৰিবলৈ কি কৰিব? উপায় জানক
প্ৰস্ৰাৱ পৰীক্ষা কৰিলে কি কি ৰোগ প্ৰাৰম্ভিক পৰ্যায়তে ধৰা পৰে? বিশেষজ্ঞৰ পৰা জানক