খাদ্য খোৱাৰ আগত নে পাছত? পানী খোৱাৰ সঠিক সময় কি জানেনে? জানক…

Drink Water: ভাল স্বাস্থ্যৰ বাবে পানী খোৱা অতি প্ৰয়োজন। প্ৰতিদিনে পৰ্যাপ্ত পৰিমাণৰ পানী খাব লাগে। কিন্তু পানী খোৱাৰো আছে সঠিক উপায়। এই ক্ষেত্ৰত সকলোৱে জ্ঞাত হোৱাৰ প্ৰয়োজন।

খাদ্য খোৱাৰ আগত নে পাছত? পানী খোৱাৰ সঠিক সময় কি জানেনে? জানক...

পানী খোৱাৰ সঠিক পদ্ধতিসমূহ

Published: 

29 Sep 2025 18:34 PM

ভাল স্বাস্থ্যৰ বাবে প্ৰতিদিনে পৰ্যাপ্ত পৰিমাণৰ পানী খাব লাগে। পিছে পানী খোৱাৰো সঠিক পদ্ধতি জনা আৱশ্যক। বহুতে কয়, খাদ্য খোৱাৰ লগে লগে পানী খাব নালাগে। ই হজম শক্তি নষ্ট কৰে আৰু মেদবহুলতাৰ কাৰক। পিছে সত্য কি? প্ৰশ্ন হয়, খাদ্য খোৱাৰ লগে লগে পানী খোৱা সঁচাকৈ ক্ষতিকাৰক নেকি?

খাদ্য হজম হ’বলৈ শৰীৰক গেষ্ট্ৰিক ৰস আৰু এনজাইমৰ প্ৰয়োজন হয়। ই খাদ্যবোৰ ভাঙি পেলাই আৰু হজম শক্তি ভাল কৰে। বহুতে কয়, যেতিয়া খাদ্য খোৱাৰ লগে লগে পানী খোৱা হয় তেতিয়া ৰসবোৰ পাতল হয় আৰু হজম শক্তি প্ৰভাৱিত হয়। পিছে সঁচা কি, সবিশেষ তলত উল্লেখ কৰা হ’ল-

খাদ্য খোৱাৰ লগে লগে পানী

দিল্লী চৰকাৰৰ মুখ্য আয়ুৰ্বেদিক চিকিৎসা বিষয়া ডাঃ আৰ পি পৰাশৰে কয় যে, আপুনি খাদ্য খোৱাৰ সময়ত মাজে মাজে কম পৰিমাণে পানী খাব পাৰে। ইয়াৰোপৰি খাদ্য খোৱাৰ পূৰ্বেও আপুনি কিছু পৰিমাণে পানী খাব পাৰে। ইয়াৰ ফলত খাদ্য কমকৈ খোৱা যায় আৰু হজম শক্তিও ভালে থাকে। ইয়াৰ ফলত অতিৰিক্ত খাদ্য খোৱাৰ পৰা আপুনি ৰক্ষা পৰিব পাৰে।

কেতিয়া খাব লাগে

খাদ্য খোৱাৰ পূৰ্বে পানীঃ খাদ্য খোৱাৰ পূৰ্বে পানী খোৱা ভাল। যদি খাদ্য খোৱাৰ ২০-৩০ মিনিট পূৰ্বে আপুনি এগিলাচ পানী খাই তেন্তে পেট অলপ ভৰি যায়। ইয়াৰ ফলত বেছি খাদ্য খোৱাৰ পৰা ৰক্ষা পৰে। ইয়াৰ ফলত অভাৰইটিঙৰ সমস্যা কম হয় আৰু ওজন নিয়ন্ত্ৰণত থাকে।

খাদ্য খোৱাৰ সময়ত পানীঃ খাদ্য খাই থকাৰ মাজে মাজে পানী খোৱা বেয়া নহয়। বহুতে ভাবে ইয়াৰ ফলত পাচনতন্ত্ৰ দুৰ্বল হয়। কিন্তু আচলতে খাদ্য খোৱাৰ মাজে মাজে অলপ অলপ পানী খাব পাৰে। এনে কৰিলে খাদ্য খোৱা, চবোৱাত সুবিধা হয়। অৱশ্যে বেছিকৈ পানী খাব নালাগে। ই হজম লেহেমীয়া কৰিব পাৰে। যাৰ ফলত গেছৰ সমস্যা হ’ব পাৰে।

খাদ্য খোৱাৰ পাছতঃ খাদ্য খোৱাৰ পাছত পানী খাব নালাগে। কিয়নো সেই সময়ত খাদ্যই হজম হোৱাৰ কাম কৰি থাকে। এনে অৱস্থাত যদি আপুনি পানী এগিলাচ খাই দিয়ে তেন্তে পেট ফুলা যেন অনুভৱ হ’ব পাৰে। লগতে গেছ, এচিডিটি, হজম লেহেমীয়া আদিৰ দৰে সমস্যা হ’ব পাৰে। গতিকে খাদ্য গ্ৰহণ কৰাৰ ২০-৩০ মিনিট পাছত পানী খাব লাগে।

সঠিক উপায়

  • খাদ্য খোৱাৰ ২০-৩০ মিনিট আগত এগিলাচ খাওক।
  • খাদ্য খোৱাৰ মাজত একেবাৰে সামান্য পৰিমাণে খাব।
  • খাদ্য খোৱাৰ ২০-৩০ মিনিট পাছত পানী খাব।

 

অন্য খবৰ পঢ়কঃ কোনো মহিলা HIV ত আক্ৰান্ত হ’লে কি কি লক্ষণে দেখা দিয়ে? জানক বিশেষজ্ঞৰ পৰা…

প্ৰস্ৰাৱ কৰাৰ সময়ত জ্বলা-পোৰা বা বিষ হয় নেকি? হ’ব পাৰে এনে স্বাস্থ্যজনিত সমস্যাৰ লক্ষণ
আপোনাৰ ভোক কমি গৈছে নেকি? ই কি কি ৰোগৰ ইংগিত দিব পাৰে...
আপোনাৰ শোৱা কোঠাটো কেনেকুৱা হ’ব লাগে? বাস্তুত কি কোৱা হৈছে ?
নালাগে জিম যাব! এই ৫ বিধ ঘৰুৱা পানীয়ই কম কৰিব পেটৰ চৰ্বি...
মেছিক চাবলৈ নাপাই কলকাতাৰ ষ্টেডিয়ামত উত্তপ্ত পৰিস্থিতি...
কলকাতাত নিজৰেই প্ৰতিমূৰ্তি উন্মোচন মেছিৰ...
জুবিন গাৰ্গ হত্যাকাণ্ডৰ অভিযুক্তক মৃত্যুদণ্ডৰ দাবী...
এগৰাকী আইতাৰ সৈতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা