মাংস খোৱাৰ পাছত ভুলতো নাখাব এইবোৰ বস্তু! হ’ব পাৰে ডাঙৰ বিপদ…

খাদ্যৰ জুতি সকলোৰে বেলেগ বেলেগ। কিছুমানে মাংস খাই বৰ ভাল পায়। বিশেষকৈ ছাগলীৰ মাংস। কিন্তু আপুনি জানেনে, ছাগলীৰ মাংস খোৱাৰ পাছত কিছুমান বিশেষ বস্তু খাব নালাগে।

মাংস খোৱাৰ পাছত ভুলতো নাখাব এইবোৰ বস্তু! হব পাৰে ডাঙৰ বিপদ...

ছাগলীৰ মাংস

Updated On: 

20 Aug 2025 | 09:28 PM

সকলোৰে খাদ্যৰ জুতি বেলেগ বেলেগ। কিছুমানে যদি নিৰামিষ খাদ্য খাই ভাল পাই কিছুমানে আকৌ আমিষ ভাল পায়। কিছুমান মানুহক দৈনিক মাছ, কণী বা মাংস লাগে। এয়া এক প্ৰকাৰ অভ্যাস। কিছুমানে সপ্তাহত ২-৩ দিন কুকুৰা বা ছাগলীৰ মাংস খায়। যদি কোনো বিশেষ ৰোগ নাথাকে, তেন্তে বহুতৰ পুষ্টিৰ বাবে কুকুৰা বা ছাগলীৰ মাংস উপকাৰী। অৱশ্যে মাংস খোৱাৰ পাছত কিছুমান খাদ্য খোৱা একেবাৰই বেয়া। আপুনি জানেনে এই তালিকাত কি কি আছে?

উল্লেখ্য যে, ছাগলীৰ মাংসত চৰ্বি থাকে। যাৰ বাবে বহুতে ছাগলীৰ মাংস খোৱাৰ পাছত কোল্ড ড্ৰিংক খোৱা দেখা যায়। কিন্তু ই শৰীৰৰ বাবে ভাল নহয়। ছাগলীৰ মাংস গৰম। কিন্তু ছাগলীৰ মাংস খোৱাৰ পাছত কেতিয়াও শীতল পানীয় খাব নালাগে। যদি কোনো ব্যক্তিয়ে ছাগলীৰ মাংস খোৱাৰ পাছত শীতল পানীয় খাই তেন্তে সেই মাংসৰ চৰ্বি ব্যক্তিজনৰ শৰীৰত জমা হয়।

ইয়াৰোপৰি বিশেষজ্ঞসকলৰ মতে, খাহিৰ মাংস খোৱাৰ পিছত গাখীৰ বা চাহ খাব নালাগে। ইয়াৰোপৰি ছাগলীৰ মাংস খোৱাৰ পাছত মৌ খোৱা বেয়া। কাৰণ মাংস খোৱাৰ পাছত এইবোৰ খালে বিহৰ দৰে কাম কৰে। ইয়াৰ ফলত খাদ্যৰ বিষক্ৰিয়া হ’ব পাৰে। মৌ খালে শৰীৰৰ উষ্ণতা বৃদ্ধি পায়। যি শৰীৰৰ বাবে ভাল নহয়। অৱশ্যে তালিকা ইয়াতেই শেষ নহয়। বিশেষজ্ঞসকলৰ মতে, ছাগলীৰ মাংস খোৱাৰ পাছত গাখীৰ, দুগ্ধজাত সামগ্ৰী বা গাখীৰৰ পৰা তৈয়াৰ কৰা যিকোনো মিঠাই খাব নালাগে। এনে কৰিলে পাচনতন্ত্ৰৰ সমস্যা হ’ব পাৰে।

 

(ওপৰোক্ত লেখাটোত সাধাৰণ দিশ কিছুমান অন্তৰ্ভুক্ত কৰা হৈছে। ইয়াৰ বিষয়ে অধিক জানিবলৈ বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰিব পাৰে)

 

অন্য খবৰ পঢ়কঃ নকৰিব আওকান! চুলি সৰাৰ সমস্যা হ’ব পাৰে এই ৪ টা ৰোগৰ সংকেত…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব