শীতকালত পেটটো ফুলি থকা যেন লাগে নেকি? ঘৰুৱা পদ্ধতিৰে দূৰ কৰক পাচনৰ লগতে বিভিন্ন সমস্যা!

বিশেষজ্ঞসকলৰ মতে, শীতকাল অহাৰ আগতে মৌ আৰু হালধি খাব লাগে। অতীজৰে পৰা ঘৰুৱা ঔষধত মৌ আৰু হালধি ব্যৱহাৰ হৈ আহিছে। বেক্টেৰিয়া আৰু ভাইৰাছৰ সংক্ৰমণৰ চিকিৎসাত ই উপকাৰী। হালধি আৰু মৌ খোৱাৰ উপকাৰিতাৰ বিষয়ে জানক।

শীতকালত পেটটো ফুলি থকা যেন লাগে নেকি? ঘৰুৱা পদ্ধতিৰে দূৰ কৰক পাচনৰ লগতে বিভিন্ন সমস্যা!
Updated On: 

02 Dec 2025 | 06:27 PM

শীতকালৰ আগমন ঘটিছে। কিছুমান মানুহে শীতকাল বৰ ভাল পায়। শীতকালৰ বতৰত বহুতো স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি হয়। এই বতৰত অধিকাংশ লোকে জ্বৰ, কাহ, চৰ্দিত অসুবিধা পায়। এনে পৰিস্থিতিত শীতকাল অহাৰ আগতে হালধি আৰু মৌ ব্যৱহাৰ কৰিব পাৰি। বিশেষজ্ঞসকলৰ মতে, ই স্বাস্থ্যৰ বাবে অতি উপকাৰী হ’ব। বিশেষকৈ যিসকল লোকৰ ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল তেওঁলোকে নিজৰ স্বাস্থ্যৰ প্ৰতি অধিক গুৰুত্ব দিয়াৰ প্ৰয়োজন। তেনে লোকে চৰ্দি আৰু ভাইৰাছৰ সমস্যাৰ সৈতে যুঁজিব পাৰে।

হালধিত এন্টিভাইৰেল আৰু এন্টিবেক্টেৰিয়েল গুণ আছে, যিয়ে সংক্ৰমণৰ বিৰুদ্ধে যুঁজ দিয়ে। আয়ুৰ্বেদত ইয়াৰ যথেষ্ঠ গুৰুত্ব আছে।

বিশেষজ্ঞসকলৰ মতে, শীতকাল অহাৰ আগতে মৌ আৰু হালধি খাব লাগে। অতীজৰে পৰা ঘৰুৱা ঔষধত মৌ আৰু হালধি ব্যৱহাৰ হৈ আহিছে। বেক্টেৰিয়া আৰু ভাইৰাছৰ সংক্ৰমণৰ চিকিৎসাত ই উপকাৰী। হালধি আৰু মৌ খোৱাৰ উপকাৰিতাৰ বিষয়ে জানক।

ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পাব

মৌ আৰু হালধি দুয়োবিধতে এন্টিঅক্সিডেন্টৰ পৰিমাণ বেছি। এইবোৰে ফ্ৰী ৰেডিকেল আৰু মানসিক চাপৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰে। এক চামুচ মৌ আৰু হালধি খালে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায়। ই সংক্ৰমণ আৰু বেমাৰ কমোৱাত সহায় কৰে।

পাচনতন্ত্ৰক শক্তিশালী কৰিব

যদি আপুনি শীতকালৰ আগতে আপোনাৰ পাচনতন্ত্ৰ শক্তিশালী কৰি ৰাখিব বিচাৰে তেন্তে হালধি আৰু মৌ সৰ্বোত্তম বিকল্প। এইবোৰে পাচনতন্ত্ৰ সুস্থ কৰি ৰখাত সহায় কৰে। ইয়াৰ উপৰিও মৌ আৰু হালধি মিহলাই খালেও গেছ আৰু কোষ্ঠকাঠিন্যৰ সমস্যাৰ পৰা উপশম পোৱা যায়।

হৃদযন্ত্ৰ সুস্থ কৰি ৰাখক

নিয়মিতভাৱে মৌ আৰু হালধি খালে হৃদযন্ত্ৰৰ স্বাস্থ্য উন্নত হয়। হালধী হৃদযন্ত্ৰৰ তন্ত্ৰ, এণ্ডোথেলিয়াল কাৰ্য উন্নত কৰি আৰু ৰক্তবাহী নলীত কলেষ্টেৰলৰ পৰিমাণ হ্ৰাস কৰি কাম কৰে। নিম্ন ৰক্তচাপ থকা লোকৰ বাবেও ই অতি উপকাৰী।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...