গৰমত গুপ্তাংগৰ খজুৱতি হয় নেকি? এইকেইটা উপায়েৰে পাব সকাহ

গ্ৰীষ্মকালত ঘাম আৰু আৰ্দ্ৰতাৰ বাবে গোটেই শৰীৰত খজুৱতি হয়। এই সময়ত বহুলোকৰ গুপ্তাংগৰো খজুৱতি হয়। আজি জানো আহক এই সমস্যাৰ পৰা কেনেকৈ উপশম পাব।

গৰমত গুপ্তাংগৰ খজুৱতি হয় নেকি? এইকেইটা উপায়েৰে পাব সকাহ

গৰমত গুপ্তাংগৰ খজুৱতি হয় নেকি?

Published: 

30 Jul 2025 | 10:10 PM

উৎকট গৰমে দহিছে ৰাজ্য। এই সময়ত ছাল, চুলি আৰু শৰীৰত বিভিন্ন সমস্যাই দেকা দিয়ে। গ্ৰীষ্মকালত ঘামৰ বাবে গুপ্তাংগত আৰ্দ্ৰতা বৃদ্ধি পাব পাৰে, যাৰ ফলত খজুৱতি, জ্বলা, দুৰ্গন্ধ, সংক্ৰমণ আৰু অস্বস্তিৰ দৰে সমস্যাৰ সৃষ্টি হয়। কিন্তু কিছুমান ঘৰুৱা উপায় গ্ৰহণ কৰি এই সমস্যাৰ পৰা সকাহ পাব পাৰি। যিবোৰ চেষ্টা কৰিলে আপুনি গ্ৰীষ্মকালত খজুৱতিৰ পৰা মুক্তি পাব পাৰে। ফৰিদাবাদৰ ক্লাউডনাইন গ্ৰুপ অৱ হস্পিতালছৰ সহযোগী সঞ্চালক ডাঃ পূজা চি থুক্ৰালে এই সন্দৰ্ভত তথ্য আগবঢ়াইছে।

গ্ৰীষ্মকালত গুপ্তাংগৰ খজুৱতি কেনেকৈ কম কৰিব?

  • গ্ৰীষ্মকালত ঢিলা কাপোৰ পৰিধান কৰিব।
  • বিশেষকৈ পেণ্টী ঢিলা আৰু কপাহী কাপোৰৰ হ’ব লাগে যাতে বতাহ সহজে পাৰ হ’ব পাৰে।
  • যদি গুপ্তাংগৰ খজুৱতি হয় , তেন্তে বিশুদ্ধ নাৰিকল তেল লগাব লাগে।
  • ইয়াৰ উপৰিও দৈ আৰু ক্ৰেনবেৰী আদি খাদ্য খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিব পাৰে। ইয়াৰ ফলত সংক্ৰমণৰ কাৰণ হোৱা সকলো ক্ষতিকাৰক বেক্টেৰিয়াৰ বৃদ্ধি হ্ৰাস পায়।
  • সুগন্ধি থকা প্ৰসাধন সামগ্ৰী পৰিহাৰ কৰক। এইবোৰে ছালৰ সংবেদনশীলতা আৰু অধিক বৃদ্ধি কৰিব পাৰে।
  • পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ প্ৰতিও যত্ন লওক।
  • কুহুমীয়া পানীৰে ছালখন ধুব, তেতিয়া খজুৱতি কম হ’ব।
ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব