এলোভেৰাই মাতিব পাৰে বিপদ! এলোভেৰাৰ অপকাৰী গুণৰ বিষয়ে জানক

এলোভেৰা জেল প্ৰয়োগ কৰিলে সূৰ্যৰ পোহৰৰত সংবেদনশীলতা হ’ব পাৰে। ইয়াৰ ফলত টেনিং বা ৰ’দত পোৰাৰ কাৰণ হ’ব পাৰে। ইয়াৰ ফলত প্ৰচণ্ড ৰ’দৰ পোহৰত ছালত বিষ বা ৰঙা পৰা হ’ব পাৰে। ইয়াৰ ফলত ৰ’দত পোৰাৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে। এলোভেৰাৰ অপকাৰী গুণৰ বিষয়ে জানক...

এলোভেৰাই মাতিব পাৰে বিপদ! এলোভেৰাৰ অপকাৰী গুণৰ বিষয়ে জানক
Published: 

06 Nov 2025 | 07:40 PM

এলোভেৰা জেলৰ সঠিক ব্যৱহাৰে আপোনাৰ ছালৰ বাবে আশীৰ্বাদ স্বৰূপ হ’ব পাৰে, কিন্তু প্ৰয়োগ কৰাৰ আগতে আপোনাৰ ছালখনৰ বিষয়ে বুজাটো গুৰুত্বপূৰ্ণ। এলোভেৰা জেল পোনে পোনে মুখত লগালে কিছু অসুবিধা হ’ব পাৰে। ইয়াৰ ফলত হোৱা পাৰ্শ্বক্ৰিয়াৰ বিষয়ে জানো আহক।

কেঁচা এলোভেৰা প্ৰয়োগৰ ৪ টা পাৰ্শ্বক্ৰিয়া

এলাৰ্জিঃ এলোভেৰাত থকা লেটেক্সৰ ফলত কিছুমান মানুহৰ ছালত এলাৰ্জি হ’ব পাৰে। এলোভেৰা জেল লগালে মুখত খজুৱতি, ৰঙা পৰা বা ফুলাৰ দৰে সমস্যা হ’ব পাৰে। যদি আপোনাৰ ছালত এই লক্ষণ দেখা দিয়ে তেন্তে লগে লগে ব্যৱহাৰ বন্ধ কৰক।

ছালৰ জ্বলনঃ কেঁচা এলোভেৰাত কিছুমান প্ৰাকৃতিক এনজাইম থাকে, যিয়ে চেনচিটিভ ছালত বিষৰ সৃষ্টি কৰিব পাৰে। পোনপটীয়াকৈ প্ৰয়োগ কৰিলে ছালত সামান্য জ্বলা-পোৰা বা চেঁচা অনুভৱ হ’ব পাৰে। গতিকে প্ৰয়োগ কৰাৰ আগতে টেষ্ট কৰিব লাগে।

সূৰ্যৰ পোহৰৰ সংবেদনশীলতা: এলোভেৰা জেল প্ৰয়োগ কৰিলে সূৰ্যৰ পোহৰৰত সংবেদনশীলতা হ’ব পাৰে। ইয়াৰ ফলত টেনিং বা ৰ’দত পোৰাৰ কাৰণ হ’ব পাৰে। ইয়াৰ ফলত প্ৰচণ্ড ৰ’দৰ পোহৰত ছালত বিষ বা ৰঙা পৰা হ’ব পাৰে। ইয়াৰ ফলত ৰ’দত পোৰাৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে।

ছালৰ আদ্ৰতাঃ কিছুমান লোকৰ বাবে বাৰে বাৰে ছালত এলোভেৰা জেল লগালে আৰ্দ্ৰতা আঁতৰি যাব পাৰে, যাৰ ফলত ছালখন শুকান আৰু নিৰ্জীৱ হৈ পৰে। গতিকে সম্ভৱ হ’লে গোলাপ জল, বিলাহীৰ ৰস বা বেচনৰ লগত মিহলাই এলোভেৰা প্ৰয়োগ কৰিব লাগে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...