কেৱল কেঞ্চাৰেই নহয়, ধূমপানৰ ফলত হ’ব পাৰে আপুনি ভাবিব নোৱাৰা এনে চিন্তনীয় সমস্যা…

সাধাৰণতে চিগাৰেটৰ ক্ষতিৰ কথা শুনিলেই কেঞ্চাৰৰ দৰে ৰোগৰ কথাই আমাৰ মনলৈ আহে। কিন্তু ধূমপানৰ ফলত কেৱল কেঞ্চাৰেই নহয়, আন বহু চিন্তনীয় সমস্যায়ো আগুৰি ধৰিব পাৰে। এই সমস্যাসমূহৰ বিষয়ে আমি প্ৰায় ধাৰণাই কৰিব নোৱাৰোঁ।

কেৱল কেঞ্চাৰেই নহয়, ধূমপানৰ ফলত হ’ব পাৰে আপুনি ভাবিব নোৱাৰা এনে চিন্তনীয় সমস্যা...

প্ৰতিনিধিত্বমূলক ছবি

Published: 

07 Aug 2025 17:12 PM

ধূমপান স্বাস্থ্যৰ বাবে অত্যন্ত ক্ষতিকাৰক। এই কথা আমি সকলোৱে শুনিছো বা সকলোৱে জানো। তাৰ পিছতো কিন্তু বহু লোকে ধূমপান কৰে। কিছুসংখ্যক লোকৰ বাবে এয়া এক এৰিব নোৱাৰা অভ্যাস হৈ পৰে, যাৰ বাবে দিনটোত ইটোৰ পিছত সিটোকৈ কেইবাটাও চিগাৰেট সেৱন কৰে সাধাৰণতে চিগাৰেটৰ ক্ষতিৰ কথা শুনিলেই কেঞ্চাৰৰ দৰে ৰোগৰ কথাই আমাৰ মনলৈ আহে কিন্তু ধূমপানৰ ফলত কেৱল কেঞ্চাৰেই নহয়, আন বহু চিন্তনীয় সমস্যায়ো আগুৰি ধৰিব পাৰে এই সমস্যাসমূহৰ বিষয়ে আমি প্ৰায় ধাৰণাই কৰিব নোৱাৰোঁ

কমবেছি পৰিমাণে আমাৰ সকলোৰে জ্ঞাত যে ধূমপানৰ বাবে হাওঁফাওঁৰ সমস্যা, উশাহ-নিশাহৰ সমস্যাৰ সৃষ্টি হয়। বিশেষজ্ঞসকলৰ মতে, এই সমস্যাসমূহৰ উপৰিও ধূমপানৰ ফলত শ্লিপ ডিস্কৰ দৰে সমস্যাও পাৰে ধূমপানে মেৰুদণ্ডৰ হাড়ত যথেষ্ট প্ৰভাৱ পেলায় বুলি বিশেষজ্ঞসকলে জানিবলৈ দিয়ে।

ইয়াৰ ফলত পিঠি আৰু কঁকালত অসহ্যকৰ বিষ হ’ব পাৰে। লাহে লাহে ই ভয়ংকৰ অৱস্থালৈ গতি কৰিব পাৰে এই হাড়ৰ সমস্যাৰ বাবে শুই থকা, বহি থকা বা খোজ কঢ়াৰ সময়তো অস্বস্তি অনুভৱ হ’ব পাৰে। সেইবাবেই চিকিৎসকলে ধূমপানৰ পৰা আঁতৰি থাকিবলৈ পৰামৰ্শ আগবঢ়ায়

শ্বিলঙৰ উত্তৰ-পূব ইন্দিৰা গান্ধী স্বাস্থ্য প্ৰতিষ্ঠানৰ চিকিৎসকসকলে এক অধ্যয়নত এই বিষয়ে চৰ্চালৈ আহিছে বুলি জানিবলৈ দিছে। এজন ৰোগীক চিকিৎসা কৰাৰ সময়ত অত্যধিক ধূমপানৰ ফলত মেৰুদণ্ডৰ হাড়সমূহ অভাৱনীয়ভাৱে ক্ষতিগ্ৰস্ত হোৱা দেখিবলৈ পোৱা যায় বুলি তেওঁলোকে কয় আৰু এনে ক্ষতিৰ বাবে অস্ত্ৰোপচাৰ কৰিবলগীয়া হয় বুলি জানিবলৈ দিয়ে।

তেওঁলোকে লগতে শ্লিপ ডিস্কৰ সমস্যাৰ কথাও উল্লেখ কৰে। উল্লেখ্য যে মেৰুদণ্ডৰ হাড়ৰ মাজৰ অংশ লৰচৰ কৰিলে ডিঙি আৰু ভৰিৰ তীব্ৰ বিষ আৰম্ভ হয়। স্নায়ুতো ইয়াৰ প্ৰভাৱ পৰে। এই সমস্যা মূলতঃ বৃদ্ধসকলৰ মাজত দেখা গৈছিল যদিও এতিয়া ধূমপায়ীসকলৰ ক্ষেত্ৰতো এই সমস্যা দেখা গৈছে।

বিশেষ দ্ৰষ্টব্যঃ এই প্ৰতিবেদনৰ উদ্দেশ্য কেৱল তথ্য প্ৰদান কৰা। যদি আপোনাৰ কোনো সমস্যা আছে, নিশ্চিতভাৱে চিকিৎসকৰ পৰামৰ্শ লওক।

মুৰ্গীৰ লিভাৰ খোৱাটো শৰীৰৰ বাবে ভাল বা বেয়া, কি কয় পুষ্টিবিদসকলে?
ৰাখী পিন্ধোৱাৰ সময়ত ভাতৃয়ে কোন দিশত বহিব লাগে? ভুল কৰিলে সৰ্বনাশ!
ওঁঠৰ চাৰিওফালে ক'লা দাগ পৰিছে নেকি? এনেকৈ কৰক আঁতৰ...
আপোনাৰ শোৱা কোঠাত কেলেণ্ডাৰ আছে নেকি? জীৱনত কি প্ৰভাৱ পৰিব পাৰে জানেনে?