আপুনিও বেছিকৈ ছ’চিয়েল মিডিয়াত REEL চাই থাকে নেকি? তেন্তে হ’ব পাৰে এই বেমাৰ

ছ’চিয়েল মিডিয়াত Shorts বা Reel প্ৰতিটো সময়ত চোৱাটো আজিকালি জীৱনৰ অংশ হৈ পৰিছে। যেতিয়াই সময় পায় সকলোৱে মোবাইলত Reel চাবলৈ আৰম্ভ কৰে। কিন্তু আপুনি জানেনে ইয়াৰ ফলত আপোনাৰ কিমান অপকাৰ হৈছে?

আপুনিও বেছিকৈ ছ’চিয়েল মিডিয়াত REEL চাই থাকে নেকি? তেন্তে হ’ব পাৰে এই বেমাৰ

আপুনিও বেছিকৈ ছ’চিয়েল মিডিয়াত REEL চাই থাকে নেকি?

Published: 

14 Jan 2025 | 04:01 PM

আজিকালি শিশুৰ পৰা বয়োজ্যেষ্ঠলৈ সকলোৱে ছ’চিয়েল মিডিয়াত Shorts বা Reel চাই আনন্দ লয়। ঘৰতে নহয়, বজাৰ বা অফিচতো বহু লোকে Reel চাই থাকে। আগতে আজৰি সময়ত কিতাপ পঢ়াৰ অভ্যাস সকলোৱে গঢ়িছিল, এতিয়া মোবাইলত Reel চোৱাত ব্যস্ত হৈ পৰে। কিন্তু ৰিল চোৱা কিমান বিপদজনক আপুনি জানেনে? শেহতীয়াকৈ কৰা এক গৱেষণাত পোৱা গৈছে যে, Reel চোৱাৰ ফলত আপোনাৰ স্বাস্থ্যৰ ওপৰত বেয়া প্ৰভাৱ পৰিব পাৰে। যদি যুৱক-যুৱতীসকলে শুই উঠিয়েই মোবাইলত অধিক সময় কটায়, তেন্তে উচ্চ ৰক্তচাপ হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়।

ধাৰাবাহিকভাৱে Shorts বা Reel চোৱাৰ ফলত শৰীৰ আৰু মন সক্ৰিয় হৈ থাাকে। ইয়াৰ বাবে শৰীৰে জিৰণি নাপায়। এনে ক্ষেত্ৰত মানসিক চাপৰ মাত্ৰা বৃদ্ধি পাব পাৰে। যাৰ ফলত উচ্চ ৰক্তচাপ হ’ব পাৰে। মোবাইলত বেছি সময় কটালে টোপনিৰ গুণাগুণ ক্ষতিগ্ৰস্ত হয় আৰু হৃদযন্ত্ৰ আৰু মগজুত বেয়া প্ৰভাৱ পেলায়।

গৱেষণাৰ ক্ষেত্ৰত আচৰিত ধৰণৰ সত্য

শেহতীয়াকৈ বিএমচি জাৰ্নেলে চীনৰ ৪,৩১৮ জন যুৱক-যুৱতী আৰু মধ্যবয়সীয়া লোকৰ ওপৰত এক অধ্যয়ন চলাইছে। তাত দেখা গৈছে যে, যিসকলে Shorts বা Reel চোৱাত বেছি সময় কটায় তেওঁলোকৰ উচ্চ ৰক্তচাপ আনতকৈ বেছি সোণকালে হয়। দিল্লীৰ কাৰ্ডিঅ’লজিষ্টৰ মতে, Shorts বা Reel ৰিলৰ প্ৰতি আসক্ত যুৱ আৰু মধ্যবয়সীয়া লোকৰ উচ্চ ৰক্তচাপ আৰু মানসিক চিন্তাৰ সম্ভাৱনা বেছি। ইয়াৰ পৰা আঁতৰি থাকিব লাগে। চিকিৎসকৰ মতে, মোবাইলত বেছি সময় কটোৱাৰ পৰিৱৰ্তে দুই-চাৰিজন মানুহৰ লগত কথা পতা ভাল।

Shorts বা Reel-ৰ নিচা বেয়া

গৱেষণাত শুই থকাৰ সময়তো Shorts বা Reel চোৱাৰ পৰা বিৰত থাকিবলৈ সকীয়াই দিছে। মানুহে কম শাৰীৰিক কাৰ্যকলাপেৰ বাবে আজিকালি বেমাৰ বেছি বৃদ্ধি পাইছে। শুই উঠাৰ সময়ত Shorts বা Reel চোৱাটো আমাৰ মানসিক আৰু শাৰীৰিক ক্ষতিকাৰক বুলি প্ৰমাণিত হৈছে। আচলতে বেছিভাগ মানুহেই শুই থকা অৱস্থাত Shorts বা Reel চায়, যিটো ভুল। আমি যিমানেই ইয়াৰ পৰা আঁতৰি থাকিম সিমানেই আমাৰ শৰীৰ সুস্থ হৈ উঠিব।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...