ভ্ৰমণ কৰি ভাল পায় নেকি? তেন্তে কম খৰচতে যাওক মনোমোহা স্থানলৈ…

পৰিয়ালৰ সৈতে ভ্ৰমণৰ পৰিকল্পনা কৰিছে নেকি? তেন্তে এই মনোমোহা ঠাইবোৰলৈ যাব পাৰে। বিশেষকৈ যিসকলে প্ৰকৃতিৰ মাজত সময় কটাবলৈ ভাল পায় তেওঁলোকৰ বাবে এই ঠাইবোৰ ভ্ৰমণৰ বাবে উপযোগী হ’ব।

ভ্ৰমণ কৰি ভাল পায় নেকি? তেন্তে কম খৰচতে যাওক মনোমোহা স্থানলৈ...

ভ্ৰমণ কৰি ভাল পায় নেকি?

Published: 

20 Aug 2025 21:25 PM

এতিয়া দেশৰ প্ৰায় প্ৰতিটো প্ৰান্তত বৰষুণ হৈ থাকে। এই বতৰত মানুহে ভ্ৰমণৰ পৰিকল্পনা কৰে। বৰষুণৰ সমানে প্ৰকৃতিৰ মনোমোহা দৃশ্য চালে মন আৰু হৃদয়ত শান্তি পোৱা যায়। আজি তেনে কিছুমান প্ৰাকৃতিক স্থানৰ বিষয়ে জানো আহক…

মছুৰী

উত্তৰাখণ্ড ৰাজ্যত অৱস্থিত অতি জনপ্ৰিয় পাহাৰীয়া ষ্টেচনসমূহৰ ভিতৰত অন্যতম হৈছে মছুৰী। ইয়াৰ প্ৰাকৃতিক ধুনীয়া পাহাৰ আৰু হ্ৰদবোৰে মানুহক মুগ্ধ কৰি তোলে। জুলাই মাহত পৰিয়াল আৰু বন্ধু-বান্ধৱীৰ সৈতে ইয়ালৈ যোৱাৰ পৰিকল্পনা কৰিব পাৰে। ইয়াত আপুনি লাল টিব্বা, কেম্পটি জলপ্ৰপাত, নাগ টিব্বা আৰু গাম হিলৰ দৰে আচৰিত ঠাইসমূহ চোৱাৰ সুযোগ পাব।

গেংটক

জুলাই মাহত ভ্ৰমণৰ ভাৰতৰ অন্যতম মনোমোহা ঠাই গেংটক। ই হিমালয়ৰ পৰ্বতমালাৰ শিৱলিক পাহাৰৰ পৰা ১৪৩৭ মিটাৰ উচ্চতাত অৱস্থিত। গেংটকৰ পৰিবেশ অতি সুন্দৰ। য’ত বান ঝাক্ৰী, চাংগু হ্ৰদ নামেৰেও জনাজাত ছ’মগো হ্ৰদ আৰু টাছি ভিউ পইণ্টো অন্যতম শ্ৰেষ্ঠ স্থান। গেংটকৰ পৰা প্ৰায় ৪৯ কিলোমিটাৰ দূৰত্বত ১২,৩১০ ফুট উচ্চতাত অৱস্থিত টছমগো হ্ৰদটো এটা হিমবাহৰ হ্ৰদ। পাহাৰেৰে আগুৰি থকা এই হ্ৰদটোৱে ৰং সলনি কৰি থাকে।

ভেলী অফ ফ্লাৱাৰ্ছ, উত্তৰাখণ্ড

এই ফুলৰ উপত্যকাটো প্ৰকৃতিয়ে মানৱজাতীক দিয়া উপহাৰৰ দৰে। উত্তৰাখণ্ডৰ চামোলী জিলাত থকা এই ৰাষ্ট্ৰীয় উদ্যানখন ৫০০শতকৈও অধিক প্ৰজাতিৰ ফুলেৰে সজ্জিত হৈ আছে। যাৰ বাবে এই অঞ্চলটো উদ্যানবিশেষজ্ঞ তথা ফুল প্ৰেমীসকলৰ বাবে এক অন্যতম পছন্দৰ স্থান হৈ পৰিছে।বিশেষকৈ বাৰিষাৰ সময়ত ইয়াত থকা ফুলবোৰ ফুলাৰ বাবে উদ্যানখন এক অনন্য সৌন্দৰ্যৰ অধিকাৰী হৈ পৰে।

 

গণেশ চতুৰ্থীত কেনেকৈ সন্তুষ্ট কৰিব গণপতি বাপ্পাক?
পাকঘৰত ব্যৱহাৰ কৰা এইসমূহ বস্তু হ'ব পাৰে কৰ্কট ৰোগৰ কাৰণ, জানক...
আপোনাৰ হাতলৈ অহা নাই নেকি আশানুৰূপ ধন? তেন্তে আজিয়েই কৰক এই কাম!
৩০ বছৰ পাছত বিৰল সংযোগ! ভাল দিন আহিব ৩ ৰাশিৰ লোকৰ জীৱনলৈ...