বৰা চাউলৰ জলপান আপোনাৰ প্ৰিয়নে? খোৱাৰ পূৰ্বে জানি লওক এই কথা
আহোম ৰজাৰ শাসনকালত নিৰ্মাণ কৰা পকী ভৱন যেনে কাৰেংঘৰ, ৰংঘৰ আদি সাজোঁতে কৰালৰ মিশ্ৰণত বৰা চাউল ব্যৱহাৰ কৰা হৈছিল। বিশ্ব বিখ্যাত চীনৰ প্ৰাচীৰ সাজোঁতেও বৰা চাউল ব্যৱহাৰ কৰাৰ প্ৰমাণ পোৱা গৈছে।

বৰা চাউলৰ জলপান আপোনাৰ প্ৰিয়নে?
বৰা চাউল অসমৰ থলুৱা খাদ্য। অসমীয়া সমাজৰ প্ৰতিটো অনুষ্ঠান-পৰ্বতে ইয়াৰ সহায়ত অতিথিক আপ্যায়ন কৰা হয়। বিহুৰ পৰা আৰম্ভ কৰি মৃতকৰ সকামতো ইয়াৰ যথেষ্ঠ ব্যৱহাৰ হয়। বৰা চাউল ঘাইকৈ পূব আৰু দক্ষিণ-পূব এচিয়াৰ দেশসমূহত উৎপাদিত হোৱা এবিধ চাউল। সিজালে এই চাউলবিধ আঠাযুক্ত হয়। ইংৰাজীত ইয়াক Glutinous rice বুলি কোৱা হয়। অসমৰ বাহিৰেও এচিয়াৰ বিভিন্ন দেশ যেনে চীন, থাইলেণ্ড, ইণ্ডোনেচিয়া, বাৰ্মা (ম্যানমাৰ), বাংলাদেশ আদিত বৰা চাউলৰ ৰন্ধন প্ৰকৰণৰ বিশেষ প্ৰচলন আছে। অসমত প্ৰধানকৈ জলপান হিচাপে আৰু পিঠা পুৰিবলৈ বৰা চাউল ব্যৱহাৰ কৰা হয়। অসমীয়া জনগোষ্ঠীসমূহৰ পৰম্পৰাগত পানীয় যেনে লাওপানী আদিৰ প্ৰস্তুতকৰণত বৰা চাউল এক প্ৰধান উপকৰণ হিচাপে ব্যৱহৃত হয়।
বৰা চাউল লাওছ, থাইলেণ্ড, কম্বোডিয়া, ভিয়েটনাম, মালয়েচিয়া, ইণ্ডোনেচিয়া, ম্যানমাৰ, বাংলাদেশ, উত্তৰ ভাৰত, চীন, জাপান, কোৰিয়া, টাইৱান আৰু ফিলিপাইনচত উৎপাদিত হয়। লাওছত উৎপাদিত হোৱা চাউলৰ ৮৫ শতাংশই বৰাজাতীয় চাউল। বিভিন্ন দেশত বিভিন্ন প্ৰকাৰৰ বৰা চাউলৰ খেতি কৰা হয়। অসমত উৎপাদিত হোৱা প্ৰকাৰসমূহ হৈছে বকুল বৰা, আঘোণী বৰা ইত্যাদি।
আহোম ৰজাৰ শাসনকালত নিৰ্মাণ কৰা পকী ভৱন যেনে কাৰেংঘৰ, ৰংঘৰ আদি সাজোঁতে কৰালৰ মিশ্ৰণত বৰা চাউল ব্যৱহাৰ কৰা হৈছিল। বিশ্ব বিখ্যাত চীনৰ প্ৰাচীৰ সাজোঁতেও বৰা চাউল ব্যৱহাৰ কৰাৰ প্ৰমাণ পোৱা গৈছে।
ভজা বৰা চাউলৰ জলপান- এই জলপানবিধ প্ৰস্তুত কৰোঁতেও বৰাধান খিনি কেৰাহীত তিনিদিন তিয়াই থৈ টুকি এখন কেৰাহীত অলপ-অলপকৈ ভাজিব লাগে। ভজা-ভজা গোন্ধ ওলালে বা এটা-দুটা ধান ফুটিলে পাচিত নমাই থৈ দিব লাগে। পাছদিনা সেই ধান খুন্দি আনি চাউল কৰি থৈ দিব লাগে। এই ভজা বৰা চাউল খাবৰ সময়ত দুবাৰমান ধুই অলপ গৰম পানীত তিয়াই থলে ই অলপ কোমল আৰু লিকটিয়া হ‘ব। তাৰ পাছত তাক গাখীৰ আৰু গুড়ৰ সৈতে খাব লাগে।
বৰা চাউলৰ পিঠাগুৰিৰ মাজত তিল আৰু গুৰৰ মিশ্ৰণ সুমুৱাই শুকানকৈ খোলাত ভজা পিঠাক তিল পিঠা বোলা হয়। একে পদ্ধতিৰে মাজত ভজা নাৰিক আৰু চেনীৰ মিশ্ৰণ ভৰায়ো পিঠা প্ৰস্তুত কৰিব পাৰি। তিল পিঠাৰ দৈৰ্ঘ্য ৪ ইঞ্চিৰ পৰা ১০ ইঞ্চি মানলৈকে হয়। বহু অসমীয়াই বৰাচাউলৰ জলপানৰ সৈতে দৈ গুৰলৈ খাই ভাল পায়।
বৰা চাউলত যে কেৱল তৃপ্তিহে থাকে এনে নহয়। ই যথেষ্ট পুষ্টিকাৰকো। ইয়াৰ একাপ প্ৰস্তুত দ্ৰব্যত কাৰ্বোহাইড্ৰেট ৩৬.৭ গ্ৰাম, প্ৰ’টিন ৩.৫ গ্ৰাম, আঁহ ১.৭ গ্ৰাম, স্নেহ পদাৰ্থ ০.৩ গ্ৰাম আৰু ছডিয়াম ৯ মি:গ্ৰাম পোৱা যায়। লগতে এইটোও উপলব্ধ যে ইয়াৰ এশ গ্ৰাম দ্ৰব্যৰ পৰা ৯৭ কেলৰি শক্তি পোৱা যায়। আমাৰ বোধেৰে অন্য চাউলত থকা খনিজ লৱণ আৰু ভিটামিনৰ উপস্থিতি বৰা চাউলতো বিশেষভাৱে পৰিলক্ষিত হ’ব। বৰঞ্চ কোনো কোনো উপাদানৰ আধিক্য ঘটাহে আশাপ্ৰদ বুলিব পাৰি।