ৰক্তহীনতাৰ পৰা দাঁতৰ সমস্যা দূৰ কৰালৈ… ৰবাব টেঙাৰ উপকাৰী গুণৰ কথা জানো আহক

ৰবাব টেঙা সকলোৰে প্ৰিয়। অসমীয়া লোকে খাই বৰ ভাল পায়। এই টেঙাত ভিটামিন চি পোৱাৰ উপৰিও আছে বহু উপকাৰী গুণ।

ৰক্তহীনতাৰ পৰা দাঁতৰ সমস্যা দূৰ কৰালৈ... ৰবাব টেঙাৰ উপকাৰী গুণৰ কথা জানো আহক

ৰবাব টেঙাৰ উপকাৰী গুণৰ কথা জানো আহক

Updated On: 

31 Aug 2025 09:20 AM

ৰবাব টেঙা খাই ভাল পায়নে? বিশেষকৈ ৰবাব টেঙা পৈণত হ’লে আৱৰণৰ পৰা এৰুৱাই নিমখ সানি আৰু জলকীয়া লৈ খায়। বিভিন্ন স্থানত কাতি বিহুতো ৰবাব টেঙা খোৱাৰ পৰম্পৰা আছে। ৰবাব টেঙা খাই ভাল পায়নে? বিশেষকৈ ৰবাব টেঙা পৈণত হ’লে আৱৰণৰ পৰা এৰুৱাই নিমখ সানি আৰু জলকীয়া লৈ খায়। বিভিন্ন স্থানত কাতি বিহুতো ৰবাব টেঙা খোৱাৰ পৰম্পৰা আছে।

ৰবাব টেঙাৰ উপকাৰিতা

  1. অৰ্শ্ব ৰোগীৰ বাবেও ৰবাব টেঙা উপকাৰী । কাৰণ ইয়াত প্ৰচুৰ পৰিমাণে আঁহ থাকে
  2.  প্ৰস্ৰাৱৰ বেক্টেৰিয়াজনিত সংক্ৰমণ বা প্ৰস্ৰাৱ জ্বলা-পোৰা কৰা আদি বিভিন্ন সমস্যাত উপকাৰী
  3. পটাছিয়াম, মেগনেছিয়াম, ভিটামিন চি, আঁ হ আদি থকাৰ বাবে উচ্চ ৰক্তচাপ, কলেষ্টৰেল আৰু মেদবহুলতাৰ সমস্যাত উপকাৰী
  4. হজমী শক্তি বৃদ্ধি কৰে আৰু ভোক বঢ়ায়, পেট খোলোচা কৰে
  5. হাড়ৰ গঠন মজবুত কৰাত সহায় কৰে । অষ্টিঅপ’ৰ’ছিছ সমস্যাত ভোগা লোকৰ বাবেও ই উপকাৰী
  6. অকালতে পৰা বয়সৰ চাপ কম কৰাতো ই সহায় কৰে । ই একপ্ৰকাৰৰ বডী দিতক্স বা শৰীৰ শোধনকাৰক হিচাপে কাম কৰে। ইয়াত থকা এণ্টিঅক্সিডেণ্টে অকালতে অহা বয়সৰ চাপ ৰোধ কৰে
  7. ভিটামিন চি থকা বাবে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে । বতৰ সলনি হোৱাৰ সময়ত হোৱা কাহ, জ্বৰ, এলাৰ্জিজনিত সমস্যাৰ পৰাই বচাই ৰাখে
  8. দাঁতৰ সুস্বাস্থ্যৰ বাবেও ই সহায়ক । কাৰণ প্ৰচুৰ পৰিমাণে ভিটামিন চি আছে । দাঁতৰ আলুৰ পৰা তেজ ওলোৱা সমস্যাত (gums bleeding) ৰবাব টেঙা খালে সুফল পোৱা যায়
  9. ৰক্তহীনতা বা এনিমিয়া ৰোগতো উপকাৰী
  10. সৰু ল’ৰা-ছোৱালীৰ কৃমি পেলুৰ সমস্যাত ৰবাব টেঙা খুৱালে সুফল পোৱা যায়
  11. চুলিৰ সৌন্দৰ্যবৰ্ধনত ৰবাব টেঙা উপকাৰী । ভিটামিন এ, ভিটামিন বি কমপেহ্লক্স , ভিটামিন চি, জিংক আদি থকাৰ বাবে
পুৰুষৰ বাবে টাইট জিন্স হ’ব পাৰে বহু সমস্যাৰ কাৰণ, হ’ব পাৰে যৌন সমস্যাও! জানি লওক এতিয়াই
উশাহত কষ্ট, কাহ বা বুকুৰ বিষ নহয় ! গোপনে দেখা দিয়া হাওঁফাওঁৰ কৰ্কট ৰোগৰ ৩ টা লক্ষণ জানক
লিভাৰ চিৰ’ছিছ কেনেকৈ চিনিব? আগতীয়াকৈ দেখা দিয়া লক্ষণবোৰ জানক
যকৃতৰ সমস্যা হ'লে প্ৰাৰম্ভিক অৱস্থাত দেখা দিয়ে এই ৫টা লক্ষণ, জানক...
ডিমা হাছাওত ক্ৰিকেট খেলিলে মুখ্যমন্ত্ৰীয়ে
কংগ্ৰেছ আৰু বিৰোধী মানে কোন? মুখ্যমন্ত্ৰীৰ প্ৰশ্ন...
BTC ৰ আন্দোলন সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া...
জাতীয় পৰিষদক কটাক্ষ মুখ্যমন্ত্ৰীৰ...