মাইগ্ৰেণৰ সমস্যাত ভুগি আছে নেকি? জানক ইয়াৰ প্ৰধান কাৰণসমূহ কি কি
মাইগ্ৰেণৰ ক্ষেত্ৰত মূৰৰ বিশেষ অংশত বিষ হ’ব পাৰে। যদি আপুনি বাৰে বাৰে তীব্ৰ মূৰৰ বিষ অনুভৱ কৰি আছে, তেন্তে ইয়াক আওকাণ নকৰিব।

বহু সময়ত আমি যেতিয়া অবিৰতভাৱে কাম কৰো তেতিয়া মানসিক চাপৰ মাত্ৰা বৃদ্ধি পায়। ইয়াৰ বাবে তীব্ৰ বিষ অনুভৱ কৰা হয়। যদিও মূৰৰ বিষক সাধাৰণ সমস্যা বুলি গণ্য কৰো, তথাপিও কেতিয়াবা ই মাইগ্ৰেণৰ লক্ষণো হ’ব পাৰে। মাইগ্ৰেণৰ ক্ষেত্ৰত মূৰৰ বিশেষ অংশত বিষ হ’ব পাৰে। যদি আপুনি বাৰে বাৰে তীব্ৰ মূৰৰ বিষ অনুভৱ কৰি আছে, তেন্তে ইয়াক আওকাণ নকৰিব।
মাইগ্ৰেণ এক প্ৰকাৰৰ মূৰত হোৱা বেদনা। সাধাৰণতে মূৰৰ এফালে হয় যদিও দুয়োফালে হোৱাও দেখা যায়। মূৰৰ বিষ থকা লোকসকলৰ, শব্দ, পোহৰ, গন্ধ, বায়ুৰ চাপৰ তাৰতম্য আৰু কিবা খোৱাৰ যেনে চকলেট, আঙুৰৰ ৰস, পনিৰ ইত্যাদিৰ প্ৰভাৱত পুনৰ নতুনকৈ ভয়ঙ্কৰ মূৰৰ বিষ আৰম্ভ হ’ব পাৰে। মাইগ্ৰেণৰ লগত আৰু বহুকেইটা স্নায়বিক উপসৰ্গ জড়িত হৈ থাকে, যেনে কিছুমান শব্দ আৰু পোহৰৰ অনুভূতি। উপসৰ্গ অনুহৰি মাইগ্ৰেণক বিভিন্ন প্ৰকাৰত ভাগ কৰা হৈছে।
ডায়েটিচিয়ানে কয় যে, মাইগ্ৰেণৰ বিষ নিয়ন্ত্ৰণৰ বাবে আয়ুৰ্বেদিক ব্যৱস্থা পালন কৰিব পাৰি। মাইগ্ৰেণৰ বিষ হ’লে কি কি কথা মানি চলিব লাগে বিশেষজ্ঞসকলৰ পৰা জানক।
ত্ৰিফলা খোৱা
আমলখি, ভোমোৰা আৰু শিলিখা এই তিনিটা বস্তু ত্ৰিফলাত অন্তৰ্ভুক্ত। এইবোৰ খালে মাইগ্ৰেইনৰ বিষৰ পৰা সকাহ পোৱা যায়। নিয়মীয়াকৈ ত্ৰিফলা খালে শৰীৰৰ পৰা বিষাক্ত পদাৰ্থবোৰ আঁতৰ হয়। ইয়াৰ লগতে পাচনতন্ত্ৰ শক্তিশালী কৰাৰ কামো কৰে। ৰাতি শুই উঠাৰ আগতে এচামুচ ত্ৰিফলা গুড়ি গৰম পানীৰ লগত খাব পাৰে।
ব্ৰাহ্মী চাহ
শৰীৰৰ তাপ শীতল কৰাত ব্ৰাহ্মীও অতি উপকাৰী। ইয়াৰ উপৰিও পিত্তৰ সমস্যা দূৰ কৰাত সহায় কৰে। যদি মাইগ্ৰেণৰ বিষে আপোনাক বাৰে বাৰে অশান্তি দিছে, তেন্তে ৰাতি ব্ৰাহ্মী চাহ খাব পাৰে।
নাৰিকল পানী
নাৰিকল পানীয়ে হৰম’নৰ পৰিৱৰ্তন নিয়ন্ত্ৰণত সহায় কৰে। ইয়াৰ লগতে চৰ্দি লগাৰ সমস্যাও হ্ৰাস কৰে। সপ্তাহত কমেও তিনিবাৰকৈ নাৰিকল পানী খালে মাইগ্ৰেণৰ বিষৰ পৰা সকাহ পাব।