Health Tips: কচুৰ এই উপকাৰী গুণৰ বিষয়ে জানেনে? বিশেষজ্ঞই কি কয় জানক

শীতকালত সহজে বেমাৰৰ পৰা হাত সাৰিবলৈ শাক-পাচলিক অধিক অগ্ৰাধিকাৰ দিয়া উচিত। এই সময়ত যদি কচু খায় তেন্তে যথেষ্ঠ উপকাৰ লাভ কৰিব।

Health Tips: কচুৰ এই উপকাৰী গুণৰ বিষয়ে জানেনে? বিশেষজ্ঞই কি কয় জানক
Updated On: 

13 Nov 2025 | 05:42 PM

শীতকাল আৰম্ভ হৈছে। এই সময়ত খাদ্যাভ্যাসৰ প্ৰতিও গুৰুত্ব দিব লাগে। ঠাণ্ডাৰ বাবে সহজে বেমাৰৰ পৰা হাত সাৰিবলৈ বতৰৰ ফলমূল আৰু শাক-পাচলিক অধিক অগ্ৰাধিকাৰ দিয়া উচিত। তদুপৰি আঁহ, এন্টিঅক্সিডেন্ট, পটাছিয়াম, মেগনেছিয়াম, ভিটামিন চি, ই সমৃদ্ধ খাদ্যই তেজত শৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰণ কৰি হৃদৰোগ আৰু কৰ্কট ৰোগৰ আশংকা ৰোধ কৰিবলৈ সক্ষম হয়।

বিভিন্ন ৰাজ্যই বিভিন্ন ৰূপত কচু খায়। কচুৰ কিছু স্বাস্থ্য উপকাৰীতা আছে। কাচুত থকা আঁহ, পটাছিয়াম, মেগনেছিয়াম, আৰু ভিটামিন চি আৰু ইৰ এক উত্তম উৎস। ইয়াৰ উপৰিও ই তেজৰ চেনিৰ মাত্ৰা, আন্ত্ৰিক, আৰু হৃদৰোগ উন্নত কৰা আদি বিভিন্ন স্বাস্থ্য উপকাৰীতা প্ৰদান কৰে। আমাৰ অসমীয়া পৰম্পৰাগত খাদ্যত কচু শাক বিশেষভাৱে ব্যৱহাৰ কৰা হয় । দৃষ্টিশক্তিৰ দুর্বলতা, কেটেৰেক্ট আদি হোৱাৰ পৰা চকুক ৰক্ষা কৰাত সহায় কৰে কচুৱে।

অসমত বিভিন্ন প্ৰকাৰৰ কচু উপলব্ধ। অসমত পৰম্পৰাগতভাৱে প্ৰস্তুত বিভিন্ন ধৰণৰ জুতিলগা ব্যঞ্জনৰ ভিতৰত কলপাতত দিয়া কচুথোৰৰ পিটিকা, কণ বিলাহী আৰু মাছেৰে বনোৱা কচুথোৰৰ জোল, মাগুৰ, শিঙি আদি মাছৰ লগত বনোৱা কচুথোৰৰ জালুকীয়া, কঠাল গুটিৰ লগত কচুৰ তৰকাৰী আদি অন্যতম।

কেৱল কচুৱেই নহয়, কচুৰ পাতো উপকাৰী। কচুপাত পুষ্টিকৰ গুণেৰে ভৰপূৰ ৷ এইবোৰত চৰ্বিৰ পৰিমাণ কম হয় ৷ এই পাতত প্ৰচুৰ পৰিমাণে আঁহ আৰু মিথিঅ’নিন থাকে, যিয়ে কলেষ্টেৰলৰ মাত্ৰা বৃদ্ধি হ্ৰাস কৰাত সহায় কৰে ৷

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...