প্ৰস্ৰাৱ কৰোঁতে সমস্যা হয় নেকি? আপোনাৰ এটা ভুলে সৃষ্টি কৰিব পাৰে গুপ্তাংগত সমস্যা!

আপুনি জানেনে তাত থকা নোম দীঘল হ‘লেও সমস্যা দিয়ে। পৰিস্কাৰ নকৰিলে এই অংশত দুৰ্গন্ধ, খজুৱতি, ফোহা আৰু সংক্ৰমণৰ সম্ভাৱনা বৃদ্ধি পায়। ভুল প্ৰডাক্ট ব্যৱহাৰ কৰিলে বা ভুল পদ্ধতিৰে নোম আঁতৰালে ছালৰ এলাৰ্জী, জ্বলন আৰু ভেঁকুৰৰ সংক্ৰমণ হ’ব পাৰে।

প্ৰস্ৰাৱ কৰোঁতে সমস্যা হয় নেকি? আপোনাৰ এটা ভুলে সৃষ্টি কৰিব পাৰে গুপ্তাংগত সমস্যা!
Published: 

07 Jan 2026 | 04:19 PM

পুৰুষেই হওক বা মহিলাই হওক সকলোৱে শৰীৰৰ পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ যত্ন লোৱা উচিত। বহুতে প্ৰায়ে নিজৰ ব্যক্তিগত অংশৰ কথা মুকলিকৈ কবলৈ লাজ কৰে বা শংকা বোধ কৰে। এনে সমস্যাক লৈ একেবাৰেই দ্বিধাবোধ কৰাৰ প্ৰয়োজন নাই। ভেঁকুৰৰ সংক্ৰমণেই ইয়াৰ আটাইতকৈ ডাঙৰ কাৰণ, সাধাৰণতে পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ অভাৱত এনে হয়। ইয়াৰ উপৰিও দুৰ্গন্ধ আৰু তীব্ৰ খজুৱতি হ’ব পাৰে। আনকি কিছুমান লোকে বিষো অনুভৱ কৰিবলৈ আৰম্ভ কৰে। গৰ্ভাৱস্থা আৰু মাহেকীয়াৰ সময়ত মহিলাৰ হৰম’নৰ পৰিৱৰ্তনো ইয়াৰ কাৰণ হ’ব পাৰে।

আপুনি জানেনে তাত থকা নোম দীঘল হ‘লেও সমস্যা দিয়ে। পৰিস্কাৰ নকৰিলে এই অংশত দুৰ্গন্ধ, খজুৱতি, ফোহা আৰু সংক্ৰমণৰ সম্ভাৱনা বৃদ্ধি পায়। ভুল প্ৰডাক্ট ব্যৱহাৰ কৰিলে বা ভুল পদ্ধতিৰে নোম আঁতৰালে ছালৰ এলাৰ্জী, জ্বলন আৰু ভেঁকুৰৰ সংক্ৰমণ হ’ব পাৰে। খাদ্যত ফল-মূল, শাক-পাচলি, দৈ আদি স্বাস্থ্যকৰ খাদ্য অন্তৰ্ভুক্ত কৰক। ধূমপান বা টাইট কাপোৰ পিন্ধাৰ দৰে অস্বাস্থ্যকৰ জীৱনশৈলীৰ অভ্যাস পৰিহাৰ কৰক। ঘৰুৱা উপাদান হিচাপে মুলতানি মাটি, এলোভেৰা, বা দৈ আৰু মৌৰ পেষ্ট ব্যৱহাৰ কৰিব পাৰে।

গুপ্তাংগৰ খজুৱতি কেনেকৈ কম কৰিব?

  1. গ্ৰীষ্মকালত ঢিলা কাপোৰ পৰিধান কৰিব।
  2. যদি গুপ্তাংগৰ খজুৱতি হয় , তেন্তে বিশুদ্ধ নাৰিকল তেল লগাব লাগে।
  3. পৰিস্কাৰ-পৰিচ্ছন্নতাৰ প্ৰতিও যত্ন লওক।
  4. কুহুমীয়া পানীৰে ছালখন ধুব, তেতিয়া খজুৱতি কম হ’ব।
  5. ইয়াৰ বাবে আপুনি চিকিৎসকৰ পৰামৰ্শ ল’ব নাপাহৰিব।
ব্যায়ামৰ আগতে এই পানীয় খালে দ্ৰুতগতিত চৰ্বি কমে, তেজৰ চুগাৰো নিয়ন্ত্ৰণত থাকে
জিভাত সোৱাদ লগাৰ বাবেই অতিমাত্ৰা ড্ৰাই ফ্ৰুটছ খায় নেকি? সাৱধান, হ’ব পাৰে এনে সমস্যা
ইনষ্টাগ্ৰামৰ follower বাঢ়ি আকৌ কমি যায় নেকি? এই টিপচ অনুসৰণ কৰক
শীতকালত কোনসকল লোকে দৈ খোৱাটো অনুচিত, খোৱাৰ পূৰ্বে জানি লওক...
বুকুত মুখ্যমন্ত্ৰীৰ ছবি আঁকিলে অনুৰাগীয়ে...
শ্বহীদ স্মাৰকত নৃত্য কৰি ভাইৰেল যুৱতী...
বাজপেয়ী ভৱনত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থৰ শ্ৰদ্ধাঞ্জলি
কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থ সন্দৰ্ভত মন্তব্য বিজয়া চক্ৰৱৰ্তীৰ