প্ৰস্ৰাৱ কৰোঁতে সমস্যা হয় নেকি? আপোনাৰ এটা ভুলে সৃষ্টি কৰিব পাৰে গুপ্তাংগত সমস্যা!

আপুনি জানেনে তাত থকা নোম দীঘল হ‘লেও সমস্যা দিয়ে। পৰিস্কাৰ নকৰিলে এই অংশত দুৰ্গন্ধ, খজুৱতি, ফোহা আৰু সংক্ৰমণৰ সম্ভাৱনা বৃদ্ধি পায়। ভুল প্ৰডাক্ট ব্যৱহাৰ কৰিলে বা ভুল পদ্ধতিৰে নোম আঁতৰালে ছালৰ এলাৰ্জী, জ্বলন আৰু ভেঁকুৰৰ সংক্ৰমণ হ’ব পাৰে।

প্ৰস্ৰাৱ কৰোঁতে সমস্যা হয় নেকি? আপোনাৰ এটা ভুলে সৃষ্টি কৰিব পাৰে গুপ্তাংগত সমস্যা!
Published: 

07 Jan 2026 | 04:19 PM

পুৰুষেই হওক বা মহিলাই হওক সকলোৱে শৰীৰৰ পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ যত্ন লোৱা উচিত। বহুতে প্ৰায়ে নিজৰ ব্যক্তিগত অংশৰ কথা মুকলিকৈ কবলৈ লাজ কৰে বা শংকা বোধ কৰে। এনে সমস্যাক লৈ একেবাৰেই দ্বিধাবোধ কৰাৰ প্ৰয়োজন নাই। ভেঁকুৰৰ সংক্ৰমণেই ইয়াৰ আটাইতকৈ ডাঙৰ কাৰণ, সাধাৰণতে পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ অভাৱত এনে হয়। ইয়াৰ উপৰিও দুৰ্গন্ধ আৰু তীব্ৰ খজুৱতি হ’ব পাৰে। আনকি কিছুমান লোকে বিষো অনুভৱ কৰিবলৈ আৰম্ভ কৰে। গৰ্ভাৱস্থা আৰু মাহেকীয়াৰ সময়ত মহিলাৰ হৰম’নৰ পৰিৱৰ্তনো ইয়াৰ কাৰণ হ’ব পাৰে।

আপুনি জানেনে তাত থকা নোম দীঘল হ‘লেও সমস্যা দিয়ে। পৰিস্কাৰ নকৰিলে এই অংশত দুৰ্গন্ধ, খজুৱতি, ফোহা আৰু সংক্ৰমণৰ সম্ভাৱনা বৃদ্ধি পায়। ভুল প্ৰডাক্ট ব্যৱহাৰ কৰিলে বা ভুল পদ্ধতিৰে নোম আঁতৰালে ছালৰ এলাৰ্জী, জ্বলন আৰু ভেঁকুৰৰ সংক্ৰমণ হ’ব পাৰে। খাদ্যত ফল-মূল, শাক-পাচলি, দৈ আদি স্বাস্থ্যকৰ খাদ্য অন্তৰ্ভুক্ত কৰক। ধূমপান বা টাইট কাপোৰ পিন্ধাৰ দৰে অস্বাস্থ্যকৰ জীৱনশৈলীৰ অভ্যাস পৰিহাৰ কৰক। ঘৰুৱা উপাদান হিচাপে মুলতানি মাটি, এলোভেৰা, বা দৈ আৰু মৌৰ পেষ্ট ব্যৱহাৰ কৰিব পাৰে।

গুপ্তাংগৰ খজুৱতি কেনেকৈ কম কৰিব?

  1. গ্ৰীষ্মকালত ঢিলা কাপোৰ পৰিধান কৰিব।
  2. যদি গুপ্তাংগৰ খজুৱতি হয় , তেন্তে বিশুদ্ধ নাৰিকল তেল লগাব লাগে।
  3. পৰিস্কাৰ-পৰিচ্ছন্নতাৰ প্ৰতিও যত্ন লওক।
  4. কুহুমীয়া পানীৰে ছালখন ধুব, তেতিয়া খজুৱতি কম হ’ব।
  5. ইয়াৰ বাবে আপুনি চিকিৎসকৰ পৰামৰ্শ ল’ব নাপাহৰিব।
ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...