Tea and Cigarette Side Effects : চিগাৰেটৰ লগত চাহ খায় নেকি? কিয় ই এটা বিপদজনক অভ্যাস ? জানক

এই অভ্যাসে আপোনাৰ শৰীৰত নিৰৱে ডাঙৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে। এই প্ৰতিবেদনৰ জৰিয়তে জানোঁ আহক চাহৰ লগত চিগাৰেট সেৱন কৰিলে কি কি ৰোগৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে।

Tea and Cigarette Side Effects : চিগাৰেটৰ লগত চাহ খায় নেকি? কিয় ই এটা বিপদজনক অভ্যাস ? জানক

প্ৰতীকী ফটো

Updated On: 

30 Jul 2025 | 03:54 PM

চাহৰ লগত চিগাৰেট খোৱাটো ভাল নে বেয়া? বৰ্তমান সময়ত প্ৰায় সংখ্যক লোকে চাহৰ লগত চিগাৰেট সেৱন কৰে। বেছি সংখ্যক লোকৰে এই অভ্যাস আছে বুলি ক’লেও ভুল নহ’ব। কিন্তু স্বাস্থ্য বিশেষজ্ঞসকলে সকীয়াই দিছে যে, এই অভ্যাসে আপোনাৰ শৰীৰত নিৰৱে ডাঙৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে। এই প্ৰতিবেদনৰ জৰিয়তে জানোঁ আহক চাহৰ লগত চিগাৰেট সেৱন কৰিলে কি কি ৰোগৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে।

খাদ্যনলীৰ কৰ্কট ৰোগ

গৰম চাহৰ লগত চিগাৰেট সেৱন কৰিলে খাদ্যনলীৰ কৰ্কট ৰোগৰ সম্ভাৱনা প্ৰায় দুগুণ বৃদ্ধি পায় বুলি কোৱা হয়। বাৰে বাৰে তাপ আৰু ৰাসায়নিক সংস্পৰ্শলৈ আহিলে দীৰ্ঘদিনীয়া প্ৰদাহ সৃষ্টি হয় আৰু খাদ্যৰনলীত কেন্সাৰ হ’ব পৰা কোষৰ মিউটেচনৰ সম্ভাৱনা বৃদ্ধি পায়।

হাওঁফাওঁৰ কৰ্কট ৰোগ

হাওঁফাওঁৰ কৰ্কট ৰোগ চিগাৰেট খোৱাৰ লগত জড়িত অন্যতম মাৰাত্মক ৰোগ । চিগাৰেটৰ সমান্তৰালকৈ গৰম চাহ নিয়মিতভাৱে সেৱন কৰিলে হাওঁফাওঁৰ কলাবোৰত প্ৰদাহ সৃষ্টি হ’ব পাৰে। এই অভ্যাসে বিশেষকৈ অক্সিডেটিভ চাপ আৰু কোষীয় ক্ষতি বৃদ্ধি কৰে, যাৰ ফলত হাওঁফাওঁত কৰ্কট ৰোগ সম্ভাৱনা বৃদ্ধি পায়।

ডিঙিৰ কৰ্কট ৰোগ

ধূমপানৰ ফলত ফৰ্মেলডিহাইড আৰু বেনজিনৰ দৰে ক্ষতিকাৰক পদাৰ্থ ডিঙিত প্ৰৱেশ কৰে, আনহাতে গৰম চাহে কলাৰ ক্ষতি আৰু অধিক বৃদ্ধি কৰিব পাৰে। এই যুটিয়ে দীৰ্ঘদিনীয়া প্ৰদাহ, মাতৰ পৰিৱৰ্তনত অৰিহণা যোগায় আৰু শেষত অহৰহ তাপ আৰু বিষাক্ত পদাৰ্থৰ সংস্পৰ্শৰ বাবে ডিঙিৰ কৰ্কট ৰোগৰ সম্ভাৱনা বৃদ্ধি কৰে।

হৃদৰোগ

নিকোটিনে হৃদস্পন্দন আৰু ৰক্তচাপ বৃদ্ধি কৰে, আনহাতে চাহত থকা কেফেইনেও অতিৰিক্তভাৱে সেৱন কৰিলে হৃদযন্ত্ৰক অতিমাত্ৰা উদ্দীপিত কৰিব পাৰে। এই সংমিশ্ৰণে হৃদযন্ত্ৰৰ ওপৰত অতিৰিক্ত চাপৰ সৃষ্টি কৰে, যাৰ ফলত ধমনীসমূহৰ ক্ষতি হয়, কলেষ্টেৰল জমা হয় আৰু হাৰ্ট এটেক বা অন্যান্য হৃদযন্ত্ৰৰ অৱস্থাৰ সম্ভাৱনা বৃদ্ধি পায়।

প্ৰজনন স্বাস্থ্যৰ বাবে ক্ষতিকাৰক

ধূমপানে হৰম’নৰ মাত্ৰা, শুক্ৰাণুৰ সংখ্যা, তেজৰ সোঁত আদিত প্ৰভাৱ পেলায়, এই সকলোবোৰেই পুৰুষ আৰু মহিলা উভয়ৰে বন্ধ্যাত্ব আৰু যৌন অক্ষমতাত অৰিহণা যোগাব পাৰে। ই প্ৰজনন স্বাস্থ্যৰ অতি বেয়া।

পেটৰ আলচাৰ

চাহে পেটত এচিড উৎপাদনক উদ্দীপিত কৰে আৰু নিকোটিনে পেটৰ সুৰক্ষামূলক আৱৰণক দুৰ্বল কৰে। এই বিপজ্জনক মিশ্ৰণটোৱে আপোনাৰ পাচনতন্ত্ৰক সংক্ৰমণৰ দিশে হৈ যায় আৰু আলচাৰ সম্ভাৱনা বৃদ্ধি কৰে। লক্ষণসমূহ হ’ব পাৰে জ্বলা-পোৰা বিষ, বদহজম, বমি আৰু ৰক্তক্ষৰণ হোৱা আলচাৰ যিবোৰৰ বাবে চিকিৎসাৰ প্ৰয়োজন হয়।

স্মৃতিশক্তি হেৰুৱা

ধূমপানে স্মৃতিশক্তিত প্ৰভাৱ পেলায়। বিশেষকৈ চিগাৰেটৰ সমান্তৰালকৈ খালী পেটত চাহ অত্যধিক সেৱন কৰিলে মূৰৰ বিষ, মূৰ ঘূৰোৱা, স্মৃতিশক্তিৰ অৱনতি ঘটিব পাৰে।

ষ্ট্ৰোকৰ আশংকা

নিকোটিন আৰু কেফেইন দুয়োটাই ৰক্তবাহী নলী সংকুচিত কৰি ৰক্তচাপ বৃদ্ধি কৰিব পাৰে। এই অভ্যাসে তেজ জমা হোৱাৰ সম্ভাৱনা বৃদ্ধি কৰে, যিয়ে গুৰুত্বপূৰ্ণ ধমনীবোৰ বন্ধ কৰি ষ্ট্ৰোকৰ সম্ভৱনা বৃদ্ধি কৰিব পাৰে। বিশেষকৈ উচ্চ ৰক্তচাপ বা ডায়েবেটিছৰ দৰে স্বাস্থ্যজনিত সমস্যা থকা লোকৰ বাবে এই অভ্যাস বেয়া।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...