শীতকালত অধিক এলেহুৱা অনুভৱ কৰিছে নেকি? তেন্তে কৰক এই কাম…

বৰ্তমান সময়ত সকলোৱে লৈ আছে শীতকালৰ আনন্দ। কিন্তু বহুতে ঠাণ্ডাৰ দিনত এলেহুৱা অনুভৱ কৰে। কিন্তু ঠাণ্ডাৰ দিনত আপুনি পুৱা কিছুমান অভ্যাসৰ দ্বাৰা দিনটো ভালদৰে আৰম্ভ কৰিব পাৰে। যিয়ে আপোনাৰ দিনটো ভালদৰে পাৰ কৰাত সহায়ক হ'ব পাৰে।

শীতকালত অধিক এলেহুৱা অনুভৱ কৰিছে নেকি? তেন্তে কৰক এই কাম...

শীতকাল

Published: 

12 Dec 2024 | 07:02 AM

আজিকালি মানুহ ইমানেই ব্যস্ত হৈ পৰিছে যে নিজৰ যত্ন ল’বলৈও সময় নাপায়। ব্যস্ত জীৱন, বেয়া খাদ্যভাষ আদি বিভিন্ন কাৰণৰ বাবে বহু মানুহে গোটেই দিনটো খিংখিঙীয়া, ভাগৰুৱা আৰু এলেহুৱা অনুভৱ কৰি আছে। ইয়াৰোপৰি নিশা দেৰিকৈ শুৱা আৰু পুৱা দেৰিকৈ উঠা অভ্যাসে বহুতৰ সমস্যাৰ সৃষ্টি কৰে। বিশেষকৈ শীতৰ দিনত বহু মানুহে পুৱা দেৰিলৈ শুই থাকি ভাল পায়। কিন্তু ইয়াৰ প্ৰভাৱ আমাৰ গোটেই দিনটোৰ ওপৰত পৰে । অৱশ্যে পুৱা সাৰ পোৱাৰ পিছত যদি কিছু অভ্যাস গঢ়ি তোলে তেন্তে আপুনি দিনটো সতেজ আৰু পজিটিভ অনুভৱ কৰিব।

পুৱা সোনকাল উঠা

পুৱা সোনকালে উঠাৰ অভ্যাস গঢ়ি তোলক। এনে কৰিলে শৰীৰত ইতিবাচক প্ৰভাৱ পৰে আৰু গোটেই দিনটো আপুনি শৰীৰত এনাৰ্জি পাব। ইয়াৰোপৰি ই বহু বেমাৰৰ পৰা পৰিত্ৰাণ পোৱাত সহায় কৰে।

গৰম পানী

পুৱা শুই উঠি কুহুমীয়া গৰম পানী খোৱা অত্যন্ত ভাল। ই আমাৰ হজম শক্তি ভাল কৰে। ই প্ৰাকৃতিক ডিটক্সৰ দৰে। পুৱা উঠি এগিলাচ গৰম পানী খোৱা অভ্যাস কৰিলে বহু পৰিমাণে গেচৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰি।

ব্যায়াম

দিনটো আপুনি যদি ব্যায়ামৰ দ্বাৰা আৰম্ভ কৰে তেন্তে ই আপোনাৰ বাবে অতি উপকাৰী বুলি প্ৰমাণিত হ’ব। ইয়াৰ বাবে আপুনি ব্যায়াম, যোগাসন বা ব্ৰিস্ক ৱাকও কৰিব পাৰে। ই শৰীৰত শক্তি প্ৰদান কৰাৰ লগতে মন শান্ত কৰি ৰখাত সহায় কৰে।

ধ্যান বা মেডিটেশ্যন

পুৱা উঠি মেডিটেশ্যন কৰা আৱশ্যক। ধ্যানে আমাৰ মনটোক শান্ত কৰে আৰু আমাৰ কামত ভালদৰে মনোনিৱেশ কৰিবলৈ সুবিধা দিয়ে। গতিকে পুৱা উঠি কেইমিনিটমান ধ্যান কৰিব লাগে । ইয়াৰোপৰি আপুনি পুৱাৰ ভাগত ভাল সংগীত শুনিও মন শান্ত ৰখাৰ লগতে মুড ভাল কৰিব পাৰে। ইয়ে আপোনাৰ দিনটো ভাল কৰাত সহায় কৰে।

খাদ্য

পুৱাৰ ভাগত আমি ভাল খাদ্য গ্ৰহণ কৰিব লাগে। আমি সদায় স্বাস্থ্যসন্মত ব্ৰেকফাষ্ট খাব লাগে। প্ৰটিন, কাৰ্বহাইড্ৰেট আৰু স্বাস্থ্যকৰ চৰ্বিযুক্ত খাদ্য ব্ৰেকফাষ্টত খাব লাগে। এনে কৰিলে দিনটো এনাৰ্জি লাভ কৰা যায়।

কি খাব

ঠাণ্ডাৰ দিনত ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি আৰু শৰীৰক উষ্ণ কৰি ৰাখিবলৈ এনে ফল খাদ্যত অন্তৰ্ভুক্ত কৰিব লাগে, য’ত প্ৰচুৰ পৰিমাণে ভিটামিন চি, ফাইবাৰ আৰু এন্টিঅক্সিডেন্ট থাকে। পুৱা আপুনি কমলা আৰু ডালিম খাব পাৰে। কমলাত প্ৰচুৰ পৰিমাণে ভিটামিন চি আৰু ডালিমত প্ৰচুৰ পৰিমাণে এন্টিঅক্সিডেন্ট থাকে। এইবোৰে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে আৰু শীতৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...