মন হ’ব শান্তি, দিন হৈ পৰিব শুভ! পুৱা উঠি খালী পেটত ১০ মিনিটৰ বাবে কৰক এই কাম…

ব্যস্ত সময়ৰ প্ৰভাৱ মানুহৰ জীৱনশৈলীত পৰে। যাৰ বাবে বহু শাৰীৰিক আৰু মানসিক সমস্যাই দেখা দিয়ে। কিন্তু আপুনি যদি পুৱা উঠি ১০ মিনিট বিশেষ কাম কৰে তেন্তে দিনটো মন শান্তি হৈ থকাত সহায়ক হ'ব।

মন হব শান্তি, দিন হৈ পৰিব শুভ! পুৱা উঠি খালী পেটত ১০ মিনিটৰ বাবে কৰক এই কাম...

যোগাসন

Published: 

14 Apr 2025 | 07:03 PM

ব্যস্ততাপূৰ্ণ জীৱনৰ বাবে মানুহৰ জীৱনশৈলীৰ পৰিবৰ্তন ঘটিছে। যাৰ প্ৰভাৱ শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ ওপৰত পৰে। প্ৰতিটো সময়তে চিন্তা, শক্তিৰ অভাৱ, ক্লান্তি আদিৰ প্ৰভাৱ মানুৰ শৰীৰ আৰু মনত বেয়াকৈ পৰে। যদি আপুনিও এনে সমস্যাৰ সন্মুখীন হৈ আহিছে তেন্তে নিজৰ যত্ন লোৱা অতি দৰকাৰ। কিছুমান এনে উপায় আছে যাক অৱলম্বন কৰিলে গোটেই দিনটোৰ বাবে আপোানাৰ মন শান্ত হৈ থাকিব।

আপোনাৰ মনটো শান্ত ৰাখিবলৈ কিছুমান কাম কৰা দৰকাৰ। পুৱা উঠি আপুনি ১০ মিনিট এই বিশেষ কাম কৰিলে গোটেই দিনটোৰ বাবে মন শান্ত হৈ থাকিব।

যোগাসনৰ জৰিয়তে মন নিয়ন্ত্ৰণ

যোগ শৰীৰ আৰু মন দুয়োটাৰ বাবে উপকাৰী। ই আমাৰ মন নিয়ন্ত্ৰণ কৰি ৰাখিব পাৰে। আপুনি পুৱা খালী পেটত এই বিশেষ কাম কৰিলে দিনটো বিশেষ হৈ পৰিব। আচলতে শৰীৰত পোৱা কৰ্টিছল যোগৰ জৰিয়তে হ্ৰাস কৰিব পাৰি। যোগাসনৰ জৰিয়তে পেৰাচিম্পেথেটিক চিষ্টেম সক্ৰিয় কৰিব পাৰি। ইয়াৰ ফলত আপোনাৰ পাচনতন্ত্ৰও উন্নত হয়।

পুৱাই যোগাসন কৰিলে শৰীৰত এণ্ড’ৰ্ফিনৰ পৰিমাণ বৃদ্ধি পায়। ইয়াৰ ফলত আপোনাৰ মুড ভালে থাকে আৰু শৰীৰৰ নেচাৰেল এনাৰ্জী বৃদ্ধি পায়। ইয়াৰ লগতে ৰক্ত সঞ্চালন উন্নত হয় আৰু শৰীৰ ভালে থাকে। যোগৰ ফলত শৰীৰত ৰোগ প্ৰতিৰোধ ক্ষমতাও বৃদ্ধি পায়।

এঘণ্টা যোগাসন কৰাটো সকলোৰে বাবে সম্ভৱ নহয়। গতিকে ১০ মিনিট যোগাসন কৰিয়ে আপুনি মন শান্ত ৰাখিব পাৰে। পুৱা উঠি খালী পেটত এই সহজ যোগাসন কৰিলে দিনটো শান্তিপূৰ্ণভাৱে যোৱাত সহায় হ’ব।

বালাসন

এই যোগাসন কৰিবলৈ প্ৰথমে আঠু মাটিত লগাই গোৰোহাৰ ওপৰত বহক। পাছত হাত দুখন ওপৰলৈ উঠাই পাছত আগলৈ দি মাটি স্পষ্ট কৰক। এনেকৈ কেইছেকেণ্ডমান থাকি দীঘলকৈ উশাহ লওক। এক মিনিটৰ ব্যৱধানত এই আসন কৰিব পাৰে।

বালাসন

কেট কাউ ট্ৰাস

এই আসন আপুনি ২-৩ মিনিট কৰিব পাৰে।

আসন

অধোমুখ শৱাসন

অধোমুখ শৱাসন

এই আসন ১-২ মিনিটৰ ব্যৱধানত কৰিব লাগে।  ই আপোনাৰ ডিঙিৰ বিষ কমোৱাত সহায় কৰিব লগতে মানসিক স্বাস্থ্য উন্নত হ’ব।

ইয়াৰোপৰি আপুনি অলপ সময় উলিয়াই খোজ কাঢ়িব পাৰে। পুৱাৰ ভাগত এই কাম কৰিলে আপোনাৰ শৰীৰৰ লগতে মনটোও যথেষ্ঠ শান্ত হৈ থাকিব। কোৱা হয়, দিনটোৰ আৰম্ভণি ভালদৰে কৰিলে গোটেই দিনটো ভালদৰে পাৰ হয়। তেনে ক্ষেত্ৰত আপুনিও যোগাসনৰে নিজৰ দিনৰ আৰম্ভণি কৰিব পাৰে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব