Sperm Production: পেন্টৰ জেপত মোবাইল ৰাখে নেকি? তেন্তে সাৱধান হওক, ক্ষতি কৰিব পাৰে গুপ্তাংগৰ!

Sperm Production: আমি সকলোৱে ৰাস্তাত বা আন ঠাইত ওলাই গ’লে আমাৰ মোবাইল ফোনটো পেণ্টৰ জেপত থৈ দিওঁ। কিন্তু এই অভ্যাসে পুৰুষসকলক ক্ষতি কৰিব পাৰে। ইয়াৰ ফলত কি কি সমস্যা হয় জানক।

Sperm Production: পেন্টৰ জেপত মোবাইল ৰাখে নেকি? তেন্তে সাৱধান হওক, ক্ষতি কৰিব পাৰে গুপ্তাংগৰ!

পেন্টৰ জেপত ফোন ৰাখে নেকি? তেন্তে সাৱধান হওক, ক্ষতি কৰিব পাৰে গুপ্তাংগৰ!

Updated On: 

22 Mar 2025 | 04:15 PM

মোবাইল এতিয়া আমাৰ জীৱনৰ এটা অংশ হৈ পৰিছে। আমি য’তেই যাওঁ, যিয়েই নকৰোঁ, আমাৰ ফোনটো আমাৰ লগত থাকে। আনকি কিছুমানে বাথৰুমলৈ যাওঁতে লগত লৈ যায়। কিন্তু এই সকলোবোৰৰ পৰা আমাৰ শৰীৰত কিছু বেয়া প্ৰভাৱ পৰিছে। আমি ৰাস্তালৈ বা আন ক’ৰবাত ওলাই যাওঁতে পেণ্টৰ জেপত মোবাইল ফোনটো থৈ দিওঁ। কিন্তু সেই অভ্যাসে পুৰুষৰ গুৰুতৰ ক্ষতি কৰিছে।

বিশেষজ্ঞসকলে কয় যে, মোবাইল ফোন পকেটত ৰখাৰ ফলত পুৰুষৰ বন্ধ্যাত্ব বৃদ্ধি পাইছে। কিন্তু মোবাইলৰ জৰিয়তে এনে ঘটনা কেনেকৈ সংঘটিত হয়? প্ৰজনন আৰু স্ত্ৰীৰোগ বিশেষজ্ঞা মৌমিতা নাহাই বিতংভাৱে এই বিষয়ে ব্যাখ্যা কৰিছে।

মৌমিতাই কয় যে, শুক্ৰাণুৱে তাপ ভাল নাপায়। গতিকে পুৰুষৰ যৌনাংগ ক্ষতি কৰাৰ সম্ভাৱনা থাকে। কোনো কাৰণত চৌপাশৰ উষ্ণতা অত্যধিক বৃদ্ধি পালে পুৰুষৰ বীৰ্য উৎপাদনত প্ৰভাৱ পৰে।

মৌমিতাই কয় যে, মোবাইল ফোনত নিজস্ব তাপ থাকে। আকৌ ইয়াৰ পৰা এক প্ৰকাৰৰ ‘ৰশ্মি’ নিৰ্গত হয়। ইয়াৰ ফলত ফোনটো জেপত ৰাখিলে স্বাভাৱিকতে আমাৰ শৰীৰত প্ৰভাৱ পৰিব। মোবাইল ফোনত যি ধৰণৰ তাপ উৎপন্ন হয়, তাৰ ফলত পুৰুষৰ বীৰ্যৰ গুণাগুণ আৰু পৰিমাণ দুয়োটাতে নেতিবাচক প্ৰভাৱ পৰে।

এই সমস্যাৰ পৰা হাত সাৰিবলৈ কেতিয়াও মোবাইল ফোনটো পেণ্টৰ জেপত ৰাখিব নালাগে। ইয়াৰোপৰি কিছুমানে কোলাত লেপটপ বা টেবলেট লৈ ঘণ্টাৰ পিছত ঘণ্টা কাম কৰাও দেখা যায়। এই অভ্যাস তৎক্ষণাত এৰি দিয়াটো জৰুৰী।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...