লোভ সামৰিব নোৱাৰি নিশাও খাইছে নেকি আম! সাৱধান, লোভ ত্যাগ নকৰিলে হ’ব পাৰে এনে সমস্যা…

আম খোৱাৰ সময়তো আমি কিছু বিশেষ নিয়ম মানি চলিব লাগে। অন্যথা আমৰ পৰা আমাৰ উপকাৰ হোৱাতকৈ ক্ষতিহে অধিক হ’ব। সাধাৰণতে আমি অধিকাংশ লোকেই ৰাতিপুৱা বা দুপৰীয়া আম খাওঁ। অৱশ্যে বহু লোকে নিশাও আম খোৱা দেখা যায়। কিন্তু এই অভ্যাস আমাৰ স্বাস্থ্যৰ বাবে অতি ক্ষতিকাৰক হ’ব পাৰে।

লোভ সামৰিব নোৱাৰি নিশাও খাইছে নেকি আম! সাৱধান, লোভ ত্যাগ নকৰিলে হ’ব পাৰে এনে সমস্যা…

প্ৰতিনিধিত্বমূলক ছবি

Published: 

27 May 2025 | 10:48 PM

এতিয়া গ্ৰীষ্মৰ বতৰ, ঘৰৰ বাৰীৰ লগতে বজাৰতো উভৈনদী হৈ পৰিছে আম। ফলৰ ৰজা আমৰ প্ৰতি সাধাৰণতে সকলো লোকৰে থাকে লোভ। চোতালত একেলগে বহি আমৰ সোৱাদ লোৱাৰ দৃশ্য এতিয়া গ্ৰামাঞ্চলত স্বাভাৱিকতেই অতি সুলভ। আমত প্ৰচুৰ পৰিমাণে ভিটামিন এ আৰু চি থাকে। লগতে ফাইবাৰ এণ্টিঅক্সিডেণ্ট আৰু প্ৰাকৃতিক চেনিও উপলব্ধ এই ফলত। গতিকে আম কেৱল সোৱাদৰ দিশৰ পৰাই নহয়, স্বাস্থ্যৰ বাবেও উপকাৰী।

অৱশ্যে আম খোৱাৰ সময়তো আমি কিছু বিশেষ নিয়ম মানি চলিব লাগে। অন্যথা আমৰ পৰা আমাৰ উপকাৰ হোৱাতকৈ ক্ষতিহে অধিক হ’ব। সাধাৰণতে আমি অধিকাংশ লোকেই ৰাতিপুৱা বা দুপৰীয়া আম খাওঁ। অৱশ্যে বহু লোকে নিশাও আম খোৱা দেখা যায়। কিন্তু এই অভ্যাস আমাৰ স্বাস্থ্যৰ বাবে অতি ক্ষতিকাৰক হ’ব পাৰে।

চিকিৎসকৰ মতে, ৰাতিপুৱা বা দুপৰীয়া আম খালেও সূৰ্যাস্তৰ পিছত অৰ্থাৎ সন্ধিয়া বা ৰাতি আম খাব নালাগে। ইয়াৰ ফলত গুৰুতৰ শাৰীৰিক সমস্যাৰ সৃষ্টি হ’ব পাৰে। চাওঁ আহক নিশা আম খালে কেনে সমস্যা হ’ব পাৰে-

ৰাতি আমাৰ দেহৰ খাদ্য হজম প্ৰক্ৰিয়াটো লেহেমীয়া হৈ পৰে। সেইবাবেই আমৰ দৰে পুষ্টিকৰ উপাদানৰে সমৃদ্ধ ফল খাব নালাগে। ইয়াৰ ফলত বদহজম, গেছ, পেটৰ বিষ আদি সমস্যা হ’ব পাৰে।

ৰাতি আম খালে ওজন বৃদ্ধি পাব পাৰে। কাৰণ আমত কেলৰি আৰু চেনিৰ পৰিমাণ বেছি। নিশা যিহেতু খাদ্য ভালদৰে হজম নহয়, সেয়ে আম খালে ওজন বৃদ্ধিৰ সম্ভাৱনাও বাঢ়ে।

আম খালে শৰীৰত শক্তিৰ মাত্ৰা বৃদ্ধি পায়। সেইবাবেই শৰীৰ ভাগৰুৱা হৈ থাকিলেও শুবলৈ মন নাযাব পাৰে। এইদৰে নিশা আম খোৱাৰ ফলত অনিদ্ৰাৰ সমস্যা বৃদ্ধি পাব পাৰে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব