লোভ সামৰিব নোৱাৰি নিশাও খাইছে নেকি আম! সাৱধান, লোভ ত্যাগ নকৰিলে হ’ব পাৰে এনে সমস্যা…

আম খোৱাৰ সময়তো আমি কিছু বিশেষ নিয়ম মানি চলিব লাগে। অন্যথা আমৰ পৰা আমাৰ উপকাৰ হোৱাতকৈ ক্ষতিহে অধিক হ’ব। সাধাৰণতে আমি অধিকাংশ লোকেই ৰাতিপুৱা বা দুপৰীয়া আম খাওঁ। অৱশ্যে বহু লোকে নিশাও আম খোৱা দেখা যায়। কিন্তু এই অভ্যাস আমাৰ স্বাস্থ্যৰ বাবে অতি ক্ষতিকাৰক হ’ব পাৰে।

লোভ সামৰিব নোৱাৰি নিশাও খাইছে নেকি আম! সাৱধান, লোভ ত্যাগ নকৰিলে হ’ব পাৰে এনে সমস্যা…

প্ৰতিনিধিত্বমূলক ছবি

Published: 

27 May 2025 22:48 PM

এতিয়া গ্ৰীষ্মৰ বতৰ, ঘৰৰ বাৰীৰ লগতে বজাৰতো উভৈনদী হৈ পৰিছে আম। ফলৰ ৰজা আমৰ প্ৰতি সাধাৰণতে সকলো লোকৰে থাকে লোভ। চোতালত একেলগে বহি আমৰ সোৱাদ লোৱাৰ দৃশ্য এতিয়া গ্ৰামাঞ্চলত স্বাভাৱিকতেই অতি সুলভ। আমত প্ৰচুৰ পৰিমাণে ভিটামিন এ আৰু চি থাকে। লগতে ফাইবাৰ এণ্টিঅক্সিডেণ্ট আৰু প্ৰাকৃতিক চেনিও উপলব্ধ এই ফলত। গতিকে আম কেৱল সোৱাদৰ দিশৰ পৰাই নহয়, স্বাস্থ্যৰ বাবেও উপকাৰী।

অৱশ্যে আম খোৱাৰ সময়তো আমি কিছু বিশেষ নিয়ম মানি চলিব লাগে। অন্যথা আমৰ পৰা আমাৰ উপকাৰ হোৱাতকৈ ক্ষতিহে অধিক হ’ব। সাধাৰণতে আমি অধিকাংশ লোকেই ৰাতিপুৱা বা দুপৰীয়া আম খাওঁ। অৱশ্যে বহু লোকে নিশাও আম খোৱা দেখা যায়। কিন্তু এই অভ্যাস আমাৰ স্বাস্থ্যৰ বাবে অতি ক্ষতিকাৰক হ’ব পাৰে।

চিকিৎসকৰ মতে, ৰাতিপুৱা বা দুপৰীয়া আম খালেও সূৰ্যাস্তৰ পিছত অৰ্থাৎ সন্ধিয়া বা ৰাতি আম খাব নালাগে। ইয়াৰ ফলত গুৰুতৰ শাৰীৰিক সমস্যাৰ সৃষ্টি হ’ব পাৰে। চাওঁ আহক নিশা আম খালে কেনে সমস্যা হ’ব পাৰে-

ৰাতি আমাৰ দেহৰ খাদ্য হজম প্ৰক্ৰিয়াটো লেহেমীয়া হৈ পৰে। সেইবাবেই আমৰ দৰে পুষ্টিকৰ উপাদানৰে সমৃদ্ধ ফল খাব নালাগে। ইয়াৰ ফলত বদহজম, গেছ, পেটৰ বিষ আদি সমস্যা হ’ব পাৰে।

ৰাতি আম খালে ওজন বৃদ্ধি পাব পাৰে। কাৰণ আমত কেলৰি আৰু চেনিৰ পৰিমাণ বেছি। নিশা যিহেতু খাদ্য ভালদৰে হজম নহয়, সেয়ে আম খালে ওজন বৃদ্ধিৰ সম্ভাৱনাও বাঢ়ে।

আম খালে শৰীৰত শক্তিৰ মাত্ৰা বৃদ্ধি পায়। সেইবাবেই শৰীৰ ভাগৰুৱা হৈ থাকিলেও শুবলৈ মন নাযাব পাৰে। এইদৰে নিশা আম খোৱাৰ ফলত অনিদ্ৰাৰ সমস্যা বৃদ্ধি পাব পাৰে।

ঘৰৰ তুলসীত দেখা দিছে নেকি এনে লক্ষণে? আগুৰি ধৰিব পাৰে দুৰ্ভাগ্য তথা সংকটে…
এইবাৰ নিশ্চিত আৰচিবিৰ খিতাপ জয়! ইতিহাসৰ কাকতালীয় সংযোগে যেন দিছে তাৰে পূৰ্বাভাস…
ৰে'লৰ পৰা বিচনা চাদৰ চুৰি কৰিলে কি শাস্তি হয় জানেনে? জানক...
কিয় মিছ গ্ৰেণ্ড ইণ্টাৰনেশ্যনেলৰ মুকুট ঘূৰাই দিয়াৰ সিদ্ধান্ত ল'লে ৰেচেল গুপ্তাই?