হাত-ভৰি টিং টিং, সঘনাই মূৰ ঘূৰাই থাকে নেকি? হ’ব পাৰে এই ৰোগৰ সংকেত, জানক বিশেষজ্ঞৰ পৰা…
মূৰ ঘূৰোৱা সাধাৰণ বুলি ভবা হয়। কিন্তু সকলো সময়তে ইয়াক সাধাৰণ বুলি ধৰিব নোৱাৰি। কিয়নো ই আপোনাৰ শৰীৰত চলি থকা কোনো সমস্যাৰ সংকেত হ'ব পাৰে।

মূৰ ঘূৰোৱা
সু-স্বাস্থ্যৰ বাবে মানুহক পুষ্টিকৰ উপাদানৰ প্ৰয়োজন। যেতিয়া পুষ্টিৰ অভাৱ হয় তেতিয়া মানুহৰ শৰীৰত বিভিন্ন সমস্যাই দেখা দিয়ে। বহু মানুহে মূৰ ঘূৰোৱাৰ সমস্যাত ভোগা দেখা যায়। ইয়াৰ বিভিন্ন কাৰণ থাকিব পাৰে। কেতিয়াবা দুৰ্বলতা, গৰ্ভৱতী বা বিভিন্ন কাৰণতম মূৰ ঘূৰাব পাৰে। কিন্তু এক বিশেষ প্ৰকাৰৰ ভিটামিন আছে যাৰ অভাৱ হ’ল এই সমস্যা বেছিকৈ হয়। গতিকে ইয়াৰ বিষয়ে জানি ইয়াৰ পৰিপূৰক গ্ৰহণ কৰিব লাগে।
মূৰ ঘূৰোৱা
ভিটামিন বি১২ ৰ অভাৱৰ ফলত মূৰ ঘূৰাব পাৰে। এই ভিটামিনৰ অভাৱৰ ফলত ন্যুৰোচাইকাইট্ৰিক আৰু হেমাটোলাজিকলৰ সমস্যা আহিব পাৰে। গতিকে যেতিয়া মূৰ ঘূৰাই থাকে আৰু ভালদৰে টোপনি নাহে তেন্তে ই ভিটামিন বি১২ অভাৱৰ লক্ষণ হ’ব পাৰে। এই ভিটামিনৰ অভাৱত এনিমীয়া হ’ব পাৰে য’ত তেজে শৰীৰত অক্সিজেন ভালদৰে যোগান ধৰিব নোৱাৰে। তেনে ক্ষেত্ৰত পেশীবোৰ দুৰ্বল হৈ পৰে। যাৰ ফলত মূৰ ঘূৰোৱাৰ লদতে ছাল হালধীয়া হোৱা, হাত-ভৰি টিংটিং , দুৰ্বল আদি অনুভৱ হ’ব পাৰে। কেতিয়াবা মানসিক স্বাস্থ্যতো প্ৰভাৱ পেলায়।
কেনেকৈ পূৰ কৰিব
- খাদ্যত কণী অন্তৰ্ভুক্ত কৰিব পাৰে।
- কণীৰ হালধীয়া ভাগ বিশেষকৈ ভিটামিন বি১২ ৰ ভাল উৎস।
- মাছৰ পৰাও শৰীৰে ভিটামিন বি১২ লাভ কৰে। মাছৰ ভিতৰত ছালমন, তুনা, যিকোনো সাগৰীয়া মাছ আদি বেছি ভাল।
গাখীৰ বা গাখীৰৰ পৰা তৈয়াৰ কৰা যিকোনো সামগ্ৰী যেনে পনীৰ, দৈ আদিত ভিটামিন বি১২ থাকে। ইয়াৰ ফলত মানসিক স্বাস্থ্যও ভালে থাকে আৰু মুড ঠিক থাকে। - কুকুৰাৰ মাংস আদিতো ভিটামিন বি ১২ থাকে।
- ভিটামিন বি ১২ ফৰ্টিফাইড শস্যকো খাদ্যৰ অংশ হিচাপে ল’ব পাৰে।
ভিটামিন ডি
ভিটামিনৰ ডিৰ অভাৱতো কেতিয়াবা মূৰ ঘূৰায়। এই ভিটামিনে হাড় আৰু পেশী মজবুত কৰে, লগতে শৰীৰৰ দুৰ্বলতা দূৰ কৰে। যেতিয়া ইয়াৰ অভাৱ হয় তেতিয়া শৰীৰ দুৰ্বল হৈ পৰে আৰু মূৰ ঘূৰাব পাৰে।
গতিকে আপোনাৰ দীৰ্ঘদিন ধৰি যদি এনে সমস্যাই দেখা দিছে তেন্তে বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰিব লাগে। চিকিৎসকে স্বাস্থ্য পৰীক্ষা কৰি সঠিক কাৰণ জনাই সেইমতে চিকিৎসা কৰিব। ইয়াৰোপৰি ইয়াৰ বিষয়ে অধিক জানিবলৈ বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰিব পাৰে।
অন্য খবৰ পঢ়কঃ মিঠা খোৱাৰ ফলত হ’ব পাৰে নেকি ফেটি লিভাৰ? জানক বিশেষজ্ঞই কি কয়…