Diabetes: আপোনাৰো আছে নেকি এই ৩টা অভ্যাস? বৃদ্ধি হ’ব পাৰে ব্লাড চুগাৰ…

Diabetes: বৰ্তমান দেশত ডায়েবেটিছ ৰোগীৰ সংখ্যা তীব্ৰগতিত বৃদ্ধি পাইছে। ডায়েবেটিছ ৰোগীসকলে বিশেষকৈ খাদ্যৰ ওপৰত বিশেষ গুৰুত্ব দিব লাগে। কিছুমান খাদ্যই ব্লাড চুগাৰৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে।

Diabetes: আপোনাৰো আছে নেকি এই ৩টা অভ্যাস? বৃদ্ধি হব পাৰে ব্লাড চুগাৰ...

ডায়েবেটিছ

Published: 

20 Sep 2025 17:59 PM

আজিকালি বহু মানুহে  ডায়েবেটিছত আক্ৰান্ত হোৱা দেখা যায়। যুৱক-যুৱতীৰ পৰা বৃদ্ধলৈ বহুলোক এই ৰোগত আক্ৰান্ত হোৱা দেখা যায়। জীৱনশৈলী, খাদ্য, পাৰিবাৰিক ইতিহাস আদি বিভিন্ন কাৰণত মানুহে এই ৰোগত আক্ৰান্ত হোৱা দেখা যায়। এনে ক্ষেত্ৰত ব্লাড চুগাৰ নিয়ন্ত্ৰণ ৰখা অতি প্ৰয়োজন।

মানুহৰ কিছুমান অভ্যাস, খাদ্যৰ বাবে ব্লাড চুগাৰৰ মাত্ৰা বাঢ়িব পাৰে। গতিকে এই ক্ষেত্ৰত কিছু সাৱধানতা অৱলম্বন কৰা ভাল। বিশেষকৈ কিছুমান খাদ্য আছে যিবোৰ খালে ব্লাড চুগাৰৰ মাত্ৰা অত্যধিক হৈ পৰিব পাৰে। তলত ইয়াৰ বিষয়ে সবিশেষ উল্লেখ কৰা হ’ল।

দুপৰীয়া শুৱাঃ বহু মানুহৰে দুপৰীয়া খাদ্য খাই অলপ সময় শুৱাৰ অভ্যাস আছে। আপোনাৰো যদি ডায়েবেটিছ আছে আৰু এই অভ্যাস আছে তেন্তে সাৱধান হওক। কিয়নো ডায়েবেটিছ থাকিলে দুপৰীয়া শুৱা ঠিক নহয়। এনে কৰিলে ওজন বৃদ্ধি হয় আৰু পাচন প্ৰক্ৰিয়াত বাধা আহে। এই দুয়োটা স্থিতিত ব্লাড চুগাৰ নিয়ন্ত্ৰণ কৰা কঠিন হৈ পৰে।

খাদ্যৰ সৈতে ফলঃ বহু মানুহে খাদ্যৰ সৈতে ফল খোৱা দেখা যায়। কিন্তু ফল খোৱাৰ এয়া সঠিক পদ্ধতি নহয়। খাদ্যৰ সৈতে ফল খাব নালাগে। ইয়াৰ ফলত তেজত গ্লুকজৰ মাত্ৰ বৃদ্ধি হ’ব পাৰে। গতিকে খাদ্যৰ সৈতে একলগে ফল খাব নালাগে।

মৌ আৰু গুড়ঃ ডায়েবেটিছ হ’লে বহু ৰোগীয়ে চেনিৰ সলনি অন্য বস্তু খায়। কিছুমান মৌ বা গুড় খায়। কিন্তু ডায়েবেটিছ ৰোগীয়ে এইবোৰ খাদ্য খোৱাৰ পৰা বিৰত থাকিব লাগে। কিয়নো ইয়াত গ্লাইছেমিক ইণ্ডেক্স থাকে। যাৰ ফলত এয়া খালে ব্লাড চুগাৰৰ মাত্ৰ বাঢ়ি যায়।

উল্লেখ্য যে, এই লেখাটোত কেৱল কিছুমান সাধাৰণ দিশ উল্লেখ কৰা হৈছে। এই ক্ষেত্ৰত অধিক তথ্য জানিবলৈ বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰা ভাল। কিয়নো ডায়েবেটিছ ৰোগীসকলে বিশেষকৈ খাদ্যৰ ওপৰত বিশেষ গুৰুত্ব দিব লাগে।

 

অন্য খবৰ পঢ়কঃ ছালৰ কৰ্কট ৰোগ হ’লে কি কি লক্ষণে দেখা দিয়ে? কোনসকলৰ আশংকা বেছি, জানক বিশেষজ্ঞৰ পৰা…

জুবিনে বান্দৰটোৰ নাম দিছিল মধুসূদন, বগলীৰ নাম উদাসীনী গাৰ্গী!
আওকাণ নকৰিব, বৃক্কৰ সমস্যা বৃদ্ধিৰ আঁৰৰ মূল কাৰণসমূহ জানক
অত্যধিক চাহ খোৱা লোকৰ কোনবোৰ ৰোগ হ’ব পাৰে? জানক...
আপোনাৰ ঘৰৰ বাৰীত নাৰিকলৰ গছ আছে নেকি? ই শুভ নে অশুভ ! জানক