চুগাৰ নিয়ন্ত্ৰণত ৰাখিবলৈ ডায়েবেটিছ ৰোগীসকলে ৰাতিপুৱাৰ খাদ্যত অন্তৰ্ভুক্ত কৰক এই ৪টা বস্তু

Diabetes Care: ডায়েবেটিচ ৰোগীসকলে ৰাতিপুৱা এনে খাদ্য গ্ৰহণ কৰিব নালাগে, যাৰ ফলত হঠাতে ৰক্ত শৰ্কৰাৰ স্তৰ বৃদ্ধি হয়। পুষ্টিবিদসকলে ডায়েবেটিছ থকা লোকসকলক ৪টা বস্তুৰ খাবলৈ পৰামৰ্শ দিছে, যিবোৰ খালী পেট খালে চুগাৰৰ পৰিমাণ বৃদ্ধি নকৰে।

চুগাৰ নিয়ন্ত্ৰণত ৰাখিবলৈ ডায়েবেটিছ ৰোগীসকলে ৰাতিপুৱাৰ খাদ্যত অন্তৰ্ভুক্ত কৰক এই ৪টা বস্তু

ডায়েবেটিছ ৰোগীসকলে ৰাতিপুৱাৰ খাদ্যত অন্তৰ্ভুক্ত কৰক এই ৪টা বস্তু

Updated On: 

14 Nov 2024 16:23 PM

Diabetes Care: ৰাতিপুৱা আমি স্বাস্থ্যকৰ খাদ্য খাব লাগে, যিয়ে গোটেই দিনটো শৰীৰক শক্তি প্ৰদান কৰে। বিশেষকৈ, ডায়েবেটিছ ৰোগীসকলে তেওঁলোকৰ আহাৰৰ বিশেষ যত্ন লোৱা উচিত।ডায়েবেটিচ ৰোগী এজনে ৰাতিপুৱাৰ খাদ্যত এনে বস্তু খাব লাগে, যিয়ে তেওঁৰ ৰক্ত শৰ্কৰা বৃদ্ধি নকৰে আৰু শৰীৰক প্ৰয়োজনীয় শক্তি প্ৰদান কৰে।

পুষ্টিবিদ নমামি আগৰৱালৰ মতে ডায়েবেটিছ ৰোগীসকলে ৰাতিপুৱা এনে বস্তু খাব নালাগে, যাৰ ফলত ৰক্ত শৰ্কৰা দ্ৰুতগতিত বৃদ্ধি হয়। সঠিক পৰিমাণৰ প্ৰ’টিন, ভিটামিন, স্বাস্থ্যকৰ চৰ্বি আৰু ফাইবাৰ সঠিক মাত্ৰাত খাব লাগে। ডায়েবেটিছ ৰোগীসকলে খালী পেটত কি খাব লাগে আৰু কি খাব নালাগে বিশেষজ্ঞৰ পৰা জানো আহক…

নেমুৰ ৰস আৰু আমলখি

ডায়েবেটিছ ৰোগীসকলে ৰাতিপুৱাৰ আহাৰ খোৱাৰ পিছত নেমু আৰু আমলখিৰ ৰস খাব। ই আপোনাৰ অভ্যান্তৰীণ স্বাস্থ্য উন্নত কৰিব পাৰে। ইয়াৰ লগতে গোটেই দিনটোৰ বাবে চুগাৰৰ পৰিমাণ নিয়ন্ত্ৰণত থাকিব আৰু হজমও ভাল হ’ব।

ডালচেনিৰ পানী

চাহ বনাওতে ডালচেনি অধিক ব্যৱহাৰ কৰা হয়। যদি আপুনি চুগাৰৰ স্তৰ হ্ৰাস কৰিব বিচাৰে, ৰাতিপুৱা খালী পেটত ডালচেনিৰ পানী খাব। ইয়াৰ উপৰিও, ভেষজ চাহৰ সৈতে ডালচেনি খাব পাৰি।

মগুৰ গজালি

চুগাৰ নিয়ন্ত্ৰণত ৰখাৰ বাবে প্ৰ’টিন সমৃদ্ধ খাদ্যক এটা ভাল বিকল্প বুলি গণ্য কৰা হয়। এনে পৰিস্থিতিত, আপুনি ৰাতিপুৱা জলপান হিচাপে গজা মগু খাব পাৰে। ইয়াত ফাইবাৰ থাকে। যিয়ে ৰক্ত শৰ্কৰা নিয়ন্ত্ৰণ কৰাত সহায় কৰিব পাৰে। আপুনি ইয়াক বইল কৰি খাব।

মেথি গুটিৰ পানী

মেথিৰ পানী হৈছে সৰ্বশ্ৰেষ্ঠ বিকল্প, যিয়ে ৰক্ত শৰ্কৰা নিয়ন্ত্ৰণ কৰিব পাৰে। ই দিনটোত কাৰ্বোহাইড্ৰেট শোষণ হ্ৰাস কৰাত সহায় কৰিব পাৰে। এক চামুচ মেথি গুটি গোটেই ৰাতি পানীত তিয়াই ৰাখক আৰু তাৰ পিছত এই গুটি পানীৰে সৈতে চোবাই খাওক। ইয়াৰ দ্বাৰা যথেষ্ট পৰিমাণে ৰক্ত শৰ্কৰা নিয়ন্ত্ৰণ কৰিব পাৰি।

 

 

কিদৰে চিনিব ৰাসায়নিক দ্ৰৱ্য ব্যৱহাৰেৰে পকোৱা কল? চাওক এই সহজ টিপছ্
কি কি কাৰণত আঁঠুৰ বিষ হয়? হ'ব পাৰে এই জটিল ৰোগ...
কিডনী সুস্থ ৰাখিবলৈ দৈনিক খাওক এই তিনিবিধ প্ৰাকৃতিক পানীয়
ডায়েবেটিছ ৰোগীয়ে কল খালে সমস্যাত পৰিব পাৰে নেকি! জানি লওক এতিয়াই
গুৱাহাটীৰ গেটৱে’ ঘাট টাৰ্মিনেলত মুখ্যমন্ত্ৰী শৰ্মা
‘মিছ গ্ল’বেল এছিয়া ২০২৫’ৰ খিতাপ অৰ্জন ষ্টেফী গগৈৰ
অখিল গগৈ সন্দৰ্ভত কি ক'লে মুখ্যমন্ত্ৰীয়ে...
বিজেপিয়ে কিমান আসন পাব বুলি ক'লে মুখ্যমন্ত্ৰীয়ে...