শীতকালত বৃদ্ধি পাই মিঠা খোৱাৰ ইচ্ছা! ডায়েবেটিছ ৰোগীয়ে কেনেকৈ নিয়ন্ত্ৰণ কৰিব চুগাৰ, চিকিৎসকৰ পৰা জানক…
Diabetes: আজিকালি ডায়েবেটিছ ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে। শীতকালত এনে ৰোগী কিছুমানৰ বেছিকৈ মিঠা খাবলৈ মন যোৱা দেখা যায়। গতিকে আপুনি বিশেষ প্ৰকাৰে মিঠাৰ লোভ ৰোধ কৰি চুগাৰ নিয়ন্ত্ৰণ কৰিব পাৰে।

ডায়েবেটিছ
শীতকালত মানুহৰ জীৱনশৈলী, খাদ্যভাস সলনি হয়। মিঠাৰ পৰা আৰম্ভ কৰি ভজা পোৰা বিভিন্ন বস্তু খায়। ডায়েবেটিছ ৰোগীয়েও মিঠা খাব খোজে। কিন্তু মিঠাই শৰীৰৰ ক্ষতি কৰিব পাৰে। যদি আপুনি ডায়েবেটিছ ৰোগী আৰু শীতকালত মিঠা খাবলৈ মন যায় তেন্তে ডায়েটত কিছুমান খাদ্য অন্তৰ্ভুক্ত কৰক, যাৰ দ্বাৰা আপোনাৰ মিঠা খোৱাৰ ইচ্ছা কম হ’ব। লগতে ব্লাড চুগাৰৰ মাত্ৰা নিয়ন্ত্ৰণত থাকিব। এই সন্দৰ্ভত সবিশেষ জনাইছে এণ্ডোক্ৰনোলজিষ্ট ডাঃ অমিত কুমাৰে।
চিকিৎসকগৰাকীয়ে কয় যে, শীতকালত শৰীৰৰ কাৰ্বহাইড্ৰেট থকা খাদ্যৰ চাহিদা বৃদ্ধি পায়। এনে অৱস্থাত শৰীৰে মিঠা খাবলৈ ইচ্ছা কৰিব পাৰে। কিন্তু বেছি মিঠা খাদ্য খোৱাৰ ফলত তেজত চুগাৰৰ মাত্ৰা বৃদ্ধি পাব পাৰে। এনে অৱস্থাত তেজত চেনিৰ মাত্ৰা অধিক, হৃদৰোগ, বৃক্কৰ ক্ষতি আদি হ’ব পাৰে। গতিকে শীতকালত ডায়েবেটিছ ৰোগীয়ে খাদ্যৰ ওপৰত গুৰুত্ব দিব লাগে যাতে চুগাৰ নিয়ন্ত্ৰণত থাকে।
মিঠা খোৱাৰ ইচ্ছা কেনেকৈ নিয়ন্ত্ৰণ কৰিব?
আপুনি যদি ডায়েবেটিছ ৰোগী আৰু মিঠা খাবলৈ ইচ্ছা কৰে তেন্তে চিকিৎসকৰ পৰামৰ্শ অনুসৰি কম পৰিমাণে গুড় সেৱন কৰক। ইয়াৰ লগতে কম গ্লাইচেমিকযুক্ত ফল যেনে আপেল, নাচপতি, অমিতা আদি খাব পাৰে। সামান্য পৰিমাণে খেজুৰ খাবও পাৰে। খাদ্যত প্ৰটিন অন্তৰ্ভুক্ত কৰাতো নিশ্চিত কৰক। ইয়াৰ বাবে দাইল, চজিনা, চালাড আদি খাব পাৰে। বেছি সময় ভোকত নাথাকিব। প্ৰতি তিনি ঘন্টাৰ মূৰে মূৰে লঘু আহাৰ সেৱন কৰক। বহুত বেছি খাদ্য নাখাব। পেট অলপ খালী ৰাখিব। ইয়াৰোপৰি দিনটোত পৰ্যাপ্ত পৰিমাণে পানী খোৱা দৰকাৰ।
চিকিৎসকগৰাকীয়ে কয় যে, শীতকালত ডায়েবেটিছ ৰোগীয়ে নিজৰ স্বাস্থ্যৰ যত্ন লোৱা গুৰুত্বপূৰ্ণ। কিয়নো লোভৰ বাবে বহুতৰে সমস্যা হয়। এনে অৱস্থাত তেজত চুগাৰৰ মাত্ৰা বৃদ্ধি পাব পাৰে।
গুৰুত্বপূৰ্ণ
- চুগাৰৰ মাত্ৰা পৰীক্ষা কৰক।
- সময়মতে ঔষধ খাব।
- ভাল টোপনি লওক।
- ব্যায়াম কৰক।
- অধিক জানিবলৈ বিশেষজ্ঞৰ পৰামৰ্শ লওক।
অন্য খবৰ পঢ়কঃ চকু আৰু মূৰৰ বিষ হৈ থাকে নেকি? ই কি ৰোগৰ লক্ষণ, জানক চিকিৎসকৰ পৰা…