Diabetes Diet: ব্লাড চুগাৰ নিয়ন্ত্ৰণ কৰিবলৈ খাওক এই ৫ বিধ শাক-পাচলি…

Diabetes Diets: আজিকালি বহু মানুহে ডায়েবেটিছৰ সমস্যাত ভোগা দেখা যায়। যুৱক-যুৱতীৰ পৰা আৰম্ভ কৰি বহুতো এই ৰোগত আক্ৰান্ত। কিন্তু কিছুমান খাদ্যৰ দ্বাৰা এই সমস্যা নিয়ন্ত্ৰণত ৰাখিব পাৰে।

Diabetes Diet: ব্লাড চুগাৰ নিয়ন্ত্ৰণ কৰিবলৈ খাওক এই ৫ বিধ শাক-পাচলি...

ডায়েবেটিছ

Published: 

02 Dec 2025 | 03:47 PM

ডায়েবটিছৰ সমস্যা লাহে লাহে বৃদ্ধি হৈ আহিছে। যুৱক-যুৱতীৰ পৰা আৰম্ভ কৰি বৃদ্ধলৈকে বহুতে এই ৰোগত আক্ৰান্ত হোৱা দেখা যায়। ডায়েবেটিছ (Diabetes) এবাৰ হ’লে ইয়াক সহজে ঠিক কৰিব নোৱাৰি। কিন্তু খাদ্যভাস, জীৱনশৈলী পৰিৱৰ্তন কৰি ডায়েবেটিছ নিয়ন্ত্ৰণ কৰিব পাৰি। ইয়াৰোপৰি ব্লাড চুগাৰৰ সমস্যা থকা বা ডায়েবেটিছ ৰোগীসকলে খাদ্যত বিশেষ গুৰুত্ব দিব লাগে। এই সন্দৰ্ভত ডায়েটেছিয়ান মোহিনী ডোংগৰে কয় যে, সাধাৰণ ভুলে ডাঙৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে।

ডায়েবেটিছ ৰোগীয়ে কি কি খাব লাগে

কেৰেলাঃ ডায়েবেটিছৰ সমস্যা থাকিলে কেৰেলা খাব পাৰে। ই চুগাৰৰ ঔষধৰ দৰে কাম কৰে। ইয়াত ভিটামিন, মিনাৰেন্স আদিৰ লগতে ফাইবাৰ যথেষ্ঠ পৰিমাণে থাকে। ই চুগাৰৰ মাত্ৰা নিয়ন্ত্ৰণত ৰখাত সহায় কৰে। গতিকে চুগাৰৰ সমস্যা থাকিলে কেৰেলা সব্জী বনাই বা জুচ বনাই খাব পাৰে।

ব্ৰকলিঃ চুগাৰৰ সমস্যা থকাসকলৰ বাবে ব্ৰকলি ভাল। ইয়াক ক্ৰোমিয়াম থাকে, যিয় শৰীৰত ইনচুলিনৰ কাম ভাল কৰে। ব্ৰকলিত ফাইবাৰ থাকে,যিয়ে পাচন প্ৰক্ৰিয়া ভাল কৰে। ইয়াৰোপৰি ই ব্লাড চুগাৰ নিয়ন্ত্ৰণত সহায় কৰে।

পালেং শাকঃ পালেং শাকত আয়ৰণ থাকে। ই চুগাৰৰ ৰোগীৰ বাবেও উপকাৰী। পালেং শাকত হ্লাইচেমিক ইনডেক্স কম থাকে। ই শৰীৰত গ্লকোজ শোষণ কৰে। ইয়াৰ লগতে পালেং শাকত এন্টিঅক্সিডেন্টছ গুণ থাকে, যি ব্লাড চুগাৰ কম কৰাত সহায় কৰে।

ভেণ্ডীঃ ডায়েবেটিছ ৰোগীসকলৰ বাবে ভেণ্ডী ভাল। ইয়াত ফাইবাৰৰ পৰিমাণ অধিক। ই ব্লাড চুগাৰ নিয়ন্ত্ৰণ কৰাত সহায় কৰে। ইয়াৰোপৰি ভেণ্ডীত থকা কিছুমান উপাদানে ইনচুলিন উৎপাদন ভাল কৰে।

ইয়াৰোপৰি ডায়েবেটিছ ৰোগীৰ বাবে বন্ধা কবি, বেঙেনা, তিয়হ, পিঁয়াজ, গাজৰ আদিও ভাল। এইবোৰে চুগাৰৰ মাত্ৰা নিয়ন্ত্ৰণত ৰখাত সহায় কৰে। এই সন্দৰ্ভত অধিক জানিবলৈ বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰা ভাল।

 

অন্য খবৰ পঢ়কঃ HIV ৰ প্ৰাৰম্ভিক লক্ষণসমূহ কি কি? জানক চিকিৎসকৰ পৰা…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব