Diabetes: ডায়েবেটিছৰ মূল কাৰণ এই ৫টা অভ্যাস! জানক চিকিৎসকৰ পৰা…

আজিকালি প্ৰায়ভাগ মানুহৰে ডায়েবেটিছৰ সমস্যা থাকে। কিছুমান সাধাৰণ অভ্যাসে মানুহৰ মাজত এই সমস্যা সৃষ্টি কৰে। গতিকে এই বিষয়ে জানি এই অভ্যাসবোৰ ত্যাগ কৰা দৰকাৰ।

Diabetes: ডায়েবেটিছৰ মূল কাৰণ এই ৫টা অভ্যাস! জানক চিকিৎসকৰ পৰা...

ডায়েবেটিছ

Published: 

26 Jan 2026 | 03:49 PM

আজিৰ সময়ত ডায়েবেটিছ (Diabetes) এক ডাঙৰ সমস্যা। চিকিৎসকৰ মতে, মূলত ৫টা সাধাৰাণ কাৰণৰ ফলত মানুহৰ ডায়েবেটিছ হ’ব পাৰে। কিন্তু এইবোৰ মানুহে আওকাণ কৰি চলে। যদি আপুনিও এনে কৰে তেন্তে এই অভ্যাস দূৰ কৰাৰ দৰকাৰ। এই সন্দৰ্ভত সামাজিক মাধ্যমত সবিশেষ জনাইছে চিকিৎসক শালিনী সিঙে। তেওঁ myexpertdoctor ৰ নামৰ প্ৰফাইলটোত এই সন্দৰ্ভত এটা ভিডিঅ’ পোষ্ট কৰিছে।

৫টা কাৰণ

ইনচুলিন ৰেজিজটেন্সঃ টাইপ২ ডায়েবেটিছৰ ই এক মূল কাৰণ ইনচুলিন ৰেজিজটেন্স বা ইনচুলিন প্ৰতিৰোধ ক্ষমতা। খাদ্য খোৱাৰ পাছত গধুৰ অনুভৱ ৰা, টোপনি অহা, মগজুৰ সমস্যা আদি লক্ষণে দেখা দিয়ে। ই টাইপ ২ ডায়েবেটিছৰ আশংকা বৃদ্ধি কৰে।

চৰ্বিঃ পেটৰ চৰ্বিয়ে এনে এবিধ হৰ’মন নিৰ্গত কৰে যিয়ে ইনচুলিন ব্লক কৰে। শাৰীৰিক কাৰ্যকলাপৰ অভাৱৰ ফলত এনে হয়। চৰ্বি বাঢ়িলে ডায়েবেটিছৰ সম্ভাৱনা বৃদ্ধি পায়।

বাৰে বাৰে খাদ্য খোৱাঃ বাৰে বাৰে খাদ্য খাল ইনচুলিন স্পাইকে হয়। এনে অৱস্থাত ই লাহে লাহে পেনক্ৰিয়াচত প্ৰভাৱ পেলায়।

মানসিক চিন্তা,টোপনিৰ সমস্যাঃ মানসিক চাপ আৰু টোপনিৰ সমস্যাৰ বাবে শৰীৰত কৰ্টিছলৰ পৰিমাণ বৃদ্ধি পাব পাৰে। দীৰ্ঘদিন মানসিক চাপ আৰু টোপনিৰ সমস্যাই ডায়েবেটিছৰ সম্ভাৱনা বৃদ্ধি কৰে।

পাৰিবাৰিক ইতিহাসঃ যদি আপোনাৰ পৰিয়ালৰ ডায়েবেটিছৰ পাৰিবাৰিক ইতিহাস আছে তেন্তে ইয়াৰ সম্ভাৱনা বৃদ্ধি পায়। এনে অৱস্থাত মাজে মাজে স্বাস্থ্য পৰীক্ষা কৰাব লাগে।

পৰিত্ৰাণৰ উপায়

  • সুষম খাদ্য খাওক।
  • ব্যায়াম কৰক।
  • মানসিক চাপ কম কৰক।
  • পৰ্যাপ্ত টোপনি লওক।
  • ওজন নিয়ন্ত্ৰণত ৰাখক।
  • পাৰিবাৰিক ইতিহাস থাকিলে মাজে মাজে স্বাস্থ্য পৰীক্ষা কৰাওক।

 

অন্য খবৰ পঢ়ক- খাদ্য কম খোৱাৰ পাছতো কিয় ওজন বাঢ়ে? জানক চিকিৎসকৰ পৰা…

বেছিকৈ উতলোৱা চাহ খাইছে নেকি? সাৱধান, মাতি আনিছে নিজৰেই বিপদ!
আপোনাৰ ছালত দেখিছে নেকি এনে লক্ষণ? সাৱধান, নীৰৱে বাঢ়িব পাৰে ব্লাড চুগাৰ!
কোনে খাব নালাগে কেঁচা জলকীয়া? জানক...
হৰম'নৰ পৰিবৰ্তন হ'লে শৰীৰত কি কি লক্ষণে দেখা দিয়ে? জানক...
এজাহাৰ দাখিলৰ পাছতে গ্ৰেপ্তাৰ বিতৰ্কিত শিখা শৰ্মাক
পাৰ্থ সাৰথি মহন্তলৈ ডি. লিট সন্মান
মুম্বাই বিমান বন্দৰত দেখা গ'ল বিৰাট কোহলিক...
এলিভেটেড ক'ৰিডৰৰ বিৰোধিতা গৌৰৱ গগৈৰ...