শীঘ্ৰেই উপলব্ধ হ’ব ডেংগুৰ ভেকচিন! আৰম্ভ হৈছে ভেকচিনৰ তৃতীয় পৰ্যায়ৰ পৰীক্ষা

ইতিমধ্যে ভেকচিনৰ প্ৰথম দুটা পৰ্যায়ৰ পৰীক্ষা সফল হৈছে আৰু এই সফলতাৰ পিছতে এতিয়া তৃতীয় পৰ্যায়ৰ মানৱ পৰীক্ষা আৰম্ভ কৰা হৈছে। যদি তৃতীয় পৰ্যায়ৰ পৰীক্ষা সফল বুলি প্ৰমাণিত হয়, তেতিয়া ভাৰতত ডেংগুৰ ভেকচিন উপলব্ধ হ’ব।

শীঘ্ৰেই উপলব্ধ হ’ব ডেংগুৰ ভেকচিন! আৰম্ভ হৈছে ভেকচিনৰ তৃতীয় পৰ্যায়ৰ পৰীক্ষা

প্ৰতিনিধিত্বমূলক ছবি

Published: 

15 Aug 2024 22:53 PM

ভাৰতত প্ৰতি বছৰে সংক্ৰমণ ঘটে ডেংগু ৰোগৰ। ডেংগুত আক্ৰান্ত বহু ৰোগীৰ প্ৰতি বছৰে মৃত্যুও ঘটে। পিছে এই ৰোগৰ প্ৰতি মানুহৰ মাজত থকা আতংকৰ অতি সোনকালে অৱসান ঘটিব পাৰে বুলি আশা কৰা হৈছে। প্ৰকাশিত খবৰ অনুসৰি, অতি শীঘ্ৰেই হয়ওতো দেশত ডেংগুৰ ভেকচিন উপলব্ধ হ’ব পাৰে। পেনাচিয়া বায়’টেকৰ সহযোগত আইচিএমআৰে ডেংগুৰ ভেকচিন প্ৰস্তুতৰ বাবে তৃতীয় পৰ্যায়ৰ ক্লিনিকেল ট্ৰায়েল আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে। এতিয়া ১৮খন ৰাজ্যত পৰৱৰ্তী পৰীক্ষা সম্পন্ন কৰা হ’ব বুলি খবৰ প্ৰকাশ পাইছে।

তথ্য অনুসৰি ১০ হাজাৰ লোকক এই পৰীক্ষাৰ অন্তৰ্ভুক্ত কৰা হৈছে। ইতিমধ্যে ভেকচিনৰ প্ৰথম দুটা পৰ্যায়ৰ পৰীক্ষা সফল হৈছে আৰু এই সফলতাৰ পিছতে এতিয়া তৃতীয় পৰ্যায়ৰ মানৱ পৰীক্ষা আৰম্ভ কৰা হৈছে। যদি তৃতীয় পৰ্যায়ৰ পৰীক্ষা সফল বুলি প্ৰমাণিত হয়, তেতিয়া ভাৰতত ডেংগুৰ ভেকচিন উপলব্ধ হ’ব। ডেংগুৰ সকলো চেৰ’টাইপ D1, 2, 3, 4ৰ বাবে এই ভেকচিন প্ৰস্তুত কৰা হৈছে।

ৱ’ৰ্ল্ড হেল্থ অৰ্গেইনাইজেচনৰ তথ্য অনুসৰি ২০১৯ চনত বিশ্বজুৰি প্ৰায় ৫২ লাখ ডেংগু ৰোগী ধৰা পৰিছিল। ভাৰততো প্ৰায়বোৰ ৰাজ্যতে প্ৰতি বছৰে এই ৰোগত আক্ৰান্ত ৰোগীৰ তথ্য পোৱা যায়। সাধাৰণতে ভাৰতত বাৰিষাৰ সময়ত ডেংগু ৰোগত আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি পায়। এই ৰোগে যিকোনো বয়সৰ মানুহক আক্ৰমণ কৰিব পাৰে।

ডেংগুৰ কোনো নিৰ্ধাৰিত চিকিৎসা পদ্ধতি বা ভেকচিন নাই। এনে পৰিস্থিতিত ইয়াৰ প্ৰতিৰোধ কঠিন হৈ পৰে। যদিও প্ৰায়েই ডেংগু জ্বৰৰ পৰা ৰোগী কিছুদিনৰ ভিতৰতে আৰোগ্য হয়, কেছু কিছু ক্ষেত্ৰত ডেংগুৰ ফলত ৰোগীৰ মৃত্যুও হয়। ডেংগু শ্বক চিনড্ৰম আৰু প্লেটলেটৰ মাত্ৰা কম হোৱাৰ বাবে সাধাৰণতে এনে হয় বুলি জানিব পৰা গৈছে।

চিকিৎসা বিজ্ঞানৰ তথ্য অনুসৰি মহে কামোৰাৰ ফলত ডেংগু জ্বৰ হয়। এই মহে বিশুদ্ধ পানীত প্ৰজনন কৰে। পানী জমা হোৱা অঞ্চলত ডেংগু আক্ৰান্ত ৰোগীৰ সংখ্যা অধিক। ডেংগুৰ ফলত ৰোগীৰ তীব্ৰ জ্বৰ হয়। এনে ৰোগীৰ ক্ষেত্ৰত আন কিছুমান লক্ষণো দেখা যায়। যেনে-

মূৰৰ বিষ

পেশী, হাড় বা গাঁঠিৰ বিষ

বমি

শৰীৰৰ গ্ৰন্থি ফুলি উঠা

দিল্লীৰ জ্যেষ্ঠ চিকিৎসক ডাঃ অজয় ​​কুমাৰে জানিবলৈ দিয়া মতে ডেংগুৰ ভেকচিনৰ তৃতীয় পৰ্যায়ৰ পৰীক্ষা শেহতীয়াকৈ আৰম্ভ হৈছে। এই পৰীক্ষা সফল হ’লেহে ভেকচিন উপলব্ধ হ’ব। টিকাকৰণ কৰা লোকসকলৰ শৰীৰত ডেংগুৰ বিৰুদ্ধে কেনেধৰণৰ এন্টিব’ডি গঠন হৈছে আৰু এই ৰোগ প্ৰতিৰোধৰ ক্ষেত্ৰত ই কিমান ফলপ্ৰসূ বুলি প্ৰমাণিত হৈছে তাৰ ওপৰত নিৰ্ভৰ কৰিব এই পৰীক্ষাৰ সফলতা।

হঠাতে ৰক্তচাপ কিয় বৃদ্ধি হয় ? কেনেকৈ নিয়ন্ত্ৰণ কৰিব ? জানক
কোহলীৰ অৱসৰৰ দুখ! প্ৰেমানন্দ মহাৰাজৰ ওচৰত এনে অনুৰোধ জনালে অনুৰাগীয়ে…
মঙলবাৰৰ দিনটোত হনুমানক প্ৰসন্ন কৰাৰ ৫ টা আটাইতকৈ সহজ উপায়
অনিয়মিত মাহেকীয়াৰ সমস্যা কেনেকৈ দূৰ কৰিব!