Symptoms of Dengue: ডেংগুৰ প্ৰাৰম্ভিক লক্ষণসমূহ কি কি? জানক কেনেকৈ কৰিব প্ৰতিৰোধ
ডেংগুৰ সংক্ৰমণৰ ডেংগুৰ প্ৰাৰম্ভিক লক্ষণসমূহ তিনিৰ পৰা চৈধ্য দিনৰ ভিতৰত দেখা দিয়ে। লক্ষণৰ ভিতৰত অত্যধিক জ্বৰ, মূৰৰ বিষ, বমি, মাংসপেশী তথা গাঁঠিৰ বিষ আৰু ছাল ৰঙচুৱা পৰা প্ৰধান। আজি ডেংগুৰ প্ৰাৰম্ভিক লক্ষণ আৰু প্ৰতিৰোধৰ বিষয়ে জানো আহক...

Dengue
মহানগৰ, চহৰ, গাঁৱে ভূঞে এতিয়া সকলোতে মহে বংশ বৃদ্ধি কৰিছে। বাৰিষা কালছোৱাত মহে কামুৰাৰ ফলত মানুহৰ শৰীৰত মেলেৰিয়া, ডেংগু আদি ৰোগৰ সংক্ৰমণ হোৱা দেখা যায়। ডেংগুৰ ভাইৰাছে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল কৰি তোলে। প্ৰাৰম্ভিক পৰ্যায়ত ইয়াৰ লক্ষণ ভালদৰে দেখা পোৱা নাযায়। বহু সময়ত ৰোগীয়ে কেৱল জ্বৰ আৰু ভাগৰুৱা অনুভৱ কৰে।
সংক্ৰমণৰ তিনিৰ পৰা চৈধ্য দিনৰ ভিতৰত লক্ষণে দেখা দিয়ে। লক্ষণৰ ভিতৰত অত্যধিক জ্বৰ, মূৰৰ বিষ, বমি, মাংসপেশী তথা গাঁঠিৰ বিষ আৰু ছাল ৰঙচুৱা পৰা প্ৰধান। দুইৰ পৰা সাতদিনৰ ভিতৰত আৰোগ্য লাভ হয়। কিছু সংখ্যক ৰোগীৰ ক্ষেত্ৰত ৰোগ বাঢ়ি ডেংগি হিম’ৰহেজিক ফিভাৰ দেখা দিয়ে য’ত ৰক্তক্ষৰণ, তেজত অণুচক্ৰিকা কমা আৰু তেজৰ প্লাজমা নিৰ্গত হয়; বা ডেংগি শ্বক ছিন্ড্ৰম য’ত ৰক্তচাপ সংকটজনকভাৱে কমি যায়। জটিল অৱস্থাত নাক আৰু দাঁতৰ আলুৰ পৰা তেজ ওলোৱা আদিয়েই ডেংগু ৰোগৰ লক্ষণ। ৰোগীকচিকিৎসালয়ত চিকিৎস্যা নকৰিলে ৰোগীৰ জীৱন বচোৱাটো কঠিন হৈ পৰে।
এডিছ মহৰ কেইবাটাও প্ৰকাৰ, ঘাইকৈ এডিছ ইজিপ্টিয়ে ডেংগু বিয়পায়। ভাইৰাছবিধৰ পাঁচটা প্ৰকাৰ আছে; এটা প্ৰকাৰৰ সংক্ৰমণে সেইবিধৰ প্ৰতি আজীৱন প্ৰতিৰক্ষা আৰু বাকীবোৰৰ প্ৰতি হস্ৰম্যাদী প্ৰতিৰক্ষা প্ৰদান কৰে। পাছত বেলেগ প্ৰকাৰৰ ভাইৰাছৰ সংক্ৰমণ হ’লে জটিলতাৰ সম্ভাৱনা বাঢ়ে। ৰোগনিৰ্ণয়ৰ বাবে ভাইৰাছ বা ইয়াৰ RNA-ৰ প্ৰতিদেহ চিনাক্ত কৰাকে ধৰি কেইবাটাও পৰীক্ষা উপলব্ধ।
প্ৰতিৰোধ
- ডেংগু ৰোগৰ পৰা হাত সৰাৰ একমাত্ৰ উপায় হ’ল এই ৰোগৰ বিজাণু বহন কৰা মহৰপৰা নিজকে ৰক্ষা কৰা।
- বহু দিন ঢাকি ৰখা বা ওচৰে পাজৰে পানী জমা হ’বলৈ নিদিব
- দিনত যদিহে টোপনি মৰাৰ অভ্যাস আছে তেন্তে আঠুৱা ব্যৱহাৰ কৰক
- হাবি বননিয়ে সোমাবলগীয়া হ’লে মহে কামুৰিব নোৱাৰাকৈ দীঘল হাতৰ চোলা, লংপেণ্ট পিন্ধিব।
- ঘৰৰ চৌপাশৰ অলাগতীয়াল হাবি বন কাটি চাফা কৰিব
- সন্ধিয়া সময়ত ঘৰৰ ভিতৰত ধূপ ধূনা, ধোঁৱা দিয়া আদি সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিব লাগিব।