Delicious Mutton Recipe : ঘৰতে জুতি লগাই ছাগলী মাংস খাবলৈ গ্ৰহণ কৰক পদ্ধতি…

ছাগলী মাংসৰ বিভিন্ন ৰেছিপি আছে । সাধাৰণতে আমাৰ অসমীয়া সমাজত ছাগলী মাংস ৰন্ধাৰ এক সহজ উপায় এই প্ৰতিবেদনৰ জৰিয়তে উল্লেখ কৰা হৈছে । যদি ঘৰতে ছাগলী মাংসৰ সোৱাদ ল'ব বিচাৰে তেন্তে এই প্ৰক্ৰিয়া অনুসৰণ কৰিব পাৰে ।

Delicious Mutton Recipe : ঘৰতে জুতি লগাই ছাগলী মাংস খাবলৈ গ্ৰহণ কৰক পদ্ধতি...

ছাগলী মাংসৰ ৰেছিপি

Updated On: 

11 Dec 2024 11:44 AM

ছাগলী মাংস আমাৰ সকলোৰে প্ৰিয় । খাহীয়ে হওক বা পাঠাই হওক আমাৰ অসমীয়া সমাজত প্ৰায় সংখ্যক লোকেই ছাগলী মাংস খাই ভাল পায় । ইফালে বৰ্তমান সময়ত অসমীয়া বিবাহ অনুষ্ঠান সমূহতো অতিথিসকলৰ খোৱা-বোৱাৰ বাবে ছাগলী মাংসৰ আঞ্জাৰ ব্যৱস্থা কৰা দেখা যায় । উল্লেখ্য যে, ছাগলী মাংস যদি ভালদৰে ৰন্ধা নহয় তেনেহ’লে ইয়াৰ সোৱাদো ভালদৰে পোৱা নাযায় ।

ছাগলী মাংসৰ বিভিন্ন ৰেছিপি আছে । প্ৰতিটো ৰেছিপিৰে ৰন্ধাৰ প্ৰদ্ধতি বেলেগ বেলেগ । সাধাৰণতে আমাৰ অসমীয়া সমাজত ছাগলী মাংস ৰন্ধাৰ এক সহজ উপায় এই প্ৰতিবেদনৰ জৰিয়তে উল্লেখ কৰা হৈছে । এই পদ্ধতিটো একেবাৰে সহজ আৰু যদি ঘৰতে ছাগলী মাংসৰ সোৱাদ ল’ব বিচাৰে তেন্তে এই প্ৰক্ৰিয়া অনুসৰণ কৰিব পাৰে ।

এই পদ্ধতিৰে ছাগলী মাংস ৰান্ধিবলৈ কি কি লাগিব ?

প্ৰথমে আপোনা লাগিব ছাগলী মাংস আধা কেজি । প্ৰয়োজন অনুসৰি আপুনি ছাগলী মাংস ল’ব পাৰে আৰু সেই মতে আন আন সমাগ্ৰীখিনি যোগাৰ কৰিব পাৰে । ছাগলী মাংসৰ আধাৰ কেজি ৰান্ধিবৰ বাবে পিঁয়াজ মধ্যমীয়া আকাৰত টুকুৰা টুকুৰকৈ কাটি লওক। ইয়াৰ লগতে টেঙা দৈ লাগিব ৩ চামুচ,আদা ২ চামুচ, জিৰাৰ গুড়ি – ২ চামুচ, ধনীয়াৰ গুড়ি – ৪ চামুচ, গৰম মছলাৰ গুড়ি – ১ চামুচ, জলকীয়া গুড়ি – ১ চামুচ, ঘিউ – ২ চামুচ, নিমখ – সোৱাদ অনুসৰি ল’ব। একেদৰে ধনীয়া পান ১ কাপ মিহিকৈ কাটি ল’ব আৰু তেল পৰিমানৰ ওপৰত ভিত্তি কৰি ল’ব ।

ছাগলী মাংস ৰন্ধাৰ পদ্ধতি

  • প্ৰথমে এবাটি পানী লওক। ধনীয়াৰ গুড়ি, গৰম মছলা গুড়ি, জলকীয়াৰ গুড়ি, জাইফলৰ গুড়ি একেলগে মিহলাই পেষ্ট বনাওক।
  • এতিয়া কটা পিঁয়াজখিনি কেৰাহীত তেলত ভাজি ৰাখিব। কেৰাহীত ঘিঁউ গৰম কৰি তাত ছাগলী মাংস, দৈ, জলকীয়াৰ গুৰি আৰু আদা দিব।
  • ইয়াৰ পাছতে প্ৰস্তুত কৰা মছলাৰ পেষ্ট দিব। ৩০ মিনিটৰ পিছত ওপৰত ভজা পিঁয়াজ দিব। এইবাৰ পৰ্যাপ্ত পৰিমাণৰ নিমখ দিব ।
  • একেদৰে পানী দি শুকাই যোৱালৈকে উতলাই থাকিব । পানী শুকাই গ’লে ধনীয়াৰ পাত দিব । ইয়াৰ পাছতে আপুনি সহজ পদ্ধতিৰে ৰন্ধা ছাগলী মাংসৰ ৰেছিপি সোৱাদ ল’ব পাৰিব ।
অসমীয়া কেলেণ্ডাৰ মতে শাওণৰ সোমবাৰ কেতিয়া?
শিৱৰ প্ৰিয় ফুল কি জানেনে? অৰ্পন কৰক শাওণ মাহত, পাব সুফল...
মানি প্লাণ্ট নে স্নেক প্লাণ্ট, ঘৰত কোনবিধ গছ থাকিলে সোনকালে ধনৱান হ’ব আপুনি?
শাওনৰ সোমবাৰে মহিলাসকলে ভুলতো নকৰিব এই কাম, নহ'লে সৰ্বনাশ!