DNA পৰীক্ষাত ওমৰ চিনাক্ত! ছিন্ন ভিন্ন মৃতদেহৰ পৰা কেনেকৈ সংগ্ৰহ কৰে নমুনা? জানক সকলো…
DNA Test: দিল্লীৰ বোমা বিস্ফোৰণৰ অভিযুক্ত ওমৰৰ DNA মাতৃৰ DNA ৰ সৈতে মিল খাইছে। কিন্তু বিস্ফোৰণ ইমানেই ভয়ংকৰ আছিল যে মৃতদেহ ছিন্ন-ভিন্ন হৈ পৰিছিল। গতিকে প্ৰশ্ন হয়, কেনেকৈ কৰা হয় DNA পৰীক্ষা?

ডি এন এ পৰীক্ষা কি
দিল্লী লালকিল্লাত সংঘটিত বিস্ফোৰণৰ গোচৰৰ অভিযুক্ত ডাঃ ওমৰ উন নবীৰ DNA মাতৃৰ DNA ৰ সৈতে মিল খাইছে। ইয়াৰ দ্বাৰা প্ৰায় নিশ্চিত হৈছে যে বিস্ফোৰণ হোৱা বাহনখনত ওমৰ আছিল। ডি এন এ পৰীক্ষাৰ বাবে বিস্ফোৰণস্থলীৰ পৰা ফৰেনছিক দলে নমুনা সংগ্ৰহ কৰি লেবলৈ প্ৰেৰণ কৰিছিল। য’ত DNA মিল খাইছে। এতিয়া বিষয়টো সন্দৰ্ভত তদন্তকাৰী সংস্থাই তদন্ত কৰি আছে।
অৱশ্যে এয়াই প্ৰথম নহয়, বহু সময়ত মৃতদেহ চিনাক্ত কৰিবলৈ DNA পৰীক্ষাৰ সহায় ল’বলগীয়া হয়। এই পৰীক্ষা সহজ নহয়। পিছে কেনেকৈ DNA পৰীক্ষা কৰা হয়? এই সন্দৰ্ভত সবিশেষ জনাইছে স্বাস্থ্য বিশেষজ্ঞই।
DNA পৰীক্ষা কি?
DNA পৰীক্ষা হ’ল এজন ব্যক্তিৰ জিনীয় পৰীক্ষা নিৰ্ণয় কৰিবলৈ ব্যৱহাৰ কৰা এক পৰীক্ষা। প্ৰতিজন ব্যক্তিৰ DNA বেলেগ বেলেগ। এই পৰীক্ষা বিভিন্ন উদ্দেশ্যত ব্যৱহাৰ কৰা হয়। যেনে পিতৃ-মাতৃ নিশ্চিত কৰা, অপৰাধমূলক গোচৰত প্ৰমাণ সংগ্ৰহ কৰা, জিনীয় ৰোগ ধৰা পেলোৱা আদি। চিকিৎসা বিজ্ঞানত ৰোগৰ আশংকা নিৰ্ণয় কৰিবলৈও ইয়াৰ ব্যৱহাৰ কৰা হয়।
নমুনা সংগ্ৰহৰ পদ্ধতি
এই সন্দৰ্ভত সবিশেষ জনাইছে দিল্লীৰ দীন দয়াল উপাধ্য়ায়হ হাস্পাতালৰ ফৰেন্সিক বিভাগৰ মুৰব্বী ডাঃ বি এন মিশ্ৰই।তেওঁ কয় যে, বিভিন্ন ধৰণে ডিএনএ পৰীক্ষাৰ বাবে নমুনা সংগ্ৰহ কৰা হয়। যদি সাধাৰণ পৰীক্ষা যেনে-কোনো ৰোগ বা পৰিয়ালৰ ইতিহাস জানিবলৈ DNA পৰীক্ষা কৰিবলগীয়াত পৰে তেতিয়া ইয়াৰ নমুনা গালৰ ভিতৰৰ পৰা কপাহৰ সহায়ত সংগ্ৰহ কৰা হয়। কেতিয়াবা তেজৰ পৰাও লোৱা হয়।
কিন্তু যদি কোনো দুৰ্ঘটনা, বিস্ফোৰণ বা মৃতদেহ ছিন্ন ভিন্ন হৈ যোৱাৰ লোকৰ নমুনা ল’ব লাগে তেতিয়া ইয়াৰ পদ্ধতি বেলেগ। যদি কোনো দুৰ্ঘটনাত লোকজন সম্পূৰ্ণৰূপে জ্বলি যায় তেন্তে নমুনা দাঁতৰ পৰা লোৱা হয়। কিয়নো জ্বলাৰ পাছতো দাঁতবোৰ কিছু পৰিমাণে জীয়াই থাকে। যদি কোনো বিস্ফোৰণত মৃত্যু হয় তেতিয়া ওচৰত তেজ পৰি থাকিলে তেজৰ পৰা সংগ্ৰহ কৰা হয়।
মৃত্যুৰ সময়ত যদি অংগ ছিন্ন ভিন্ন হৈ যায় তেন্তে হাড়ৰ মজ্জাৰ পৰাও নমুনা সংগ্ৰহ কৰিব পাৰি। পাছত এই নমুনা লেবলৈ প্ৰেৰণ কৰা হয়। য’ত বিশেষ মেচিন ব্যৱহাৰ কৰি ডি এন এ উলিয়াই বিশ্লেষণ কৰা হয়। পাছত DNA ৰ আৰ্হিতো আত্মীয়ৰ সৈতে মিল আছে নে নাই চোৱা হয়। কেইটামান দিনৰ ভিতৰতে এই প্ৰক্ৰিয়া সম্পূৰ্ণ হয়।
ডাঃ মিশ্ৰই কয় যে দিল্লী বোমা বিস্ফোৰণৰ গোচৰৰ অভিযুক্তৰ মৃতদেহ হয়তো সম্পূৰ্ণৰূপে জ্বলি যোৱা নাছিল। তেওঁ নমুনা সম্ভৱতঃ তেজ, হাড় বা মাংসৰ টুকুৰাৰ পৰা সংগ্ৰহ কৰা হৈছিল। যাৰ বাবে DNA পৰীক্ষা কৰিবলৈ বেছি সময় নালাগিল।
প্ৰক্ৰিয়াটো কি
ছফদাৰজং হাস্পতালৰ ফৰেনছিক বিভাগৰ ডাঃ মোহিত কুমাৰে নমুনা সংগ্ৰহ কৰাৰ পাছত প্ৰথমে লেবত বিশেষ ৰাসায়নিক পদাৰ্থ ব্যৱহাৰ কৰি DNA উলিওৱা হয়। পাছত নমুনাটো এম্প্লিফায়াৰ নামৰ মেচিনত ৰখা হয়। এই মেচিনে ডি এন এ অলপ বৃদ্ধি কৰে যাতে পৰীক্ষা অধিক সহজে কৰিব পৰা যায়। তাৰ পিছত নমুনাটো প্ৰফাইল কৰা হয়, আৰু এটা আৰ্হি পোৱা যায়।
অন্য খবৰ পঢ়কঃ ক্ৰয় কৰাৰ পাছতে ক’লা পৰি যায় নেকি? এই সহজ উপায়ৰ দ্বাৰা দীৰ্ঘদিনলৈ সতেজ ৰাখক শাক-পাচলি…