চকুৰ তলত ক’লা বৃত্ত গঠন হৈছে নেকি? ই কি ৰোগৰ লক্ষণ, জানক চিকিৎসকৰ পৰা…
Dark circle under eyes: চকুৰ চাৰিওফালে হোৱা এই ক'লা বৃত্তই মানুহৰ সৌন্দৰ্যত প্ৰভাৱ পেলায়। কেতিয়াবা ই মানুহৰ আত্মবিশ্বাসতো প্ৰভাৱ পেলায়। বহু কাৰণত চকুৰ তলত ক'লা বৃত্ত গঠন হ'ব পাৰে।

চকুৰ তলত Dark Circle পৰিছে নেকি?ক'লা দাগ
বহুতৰে চকুৰ গুড়ি বা চকুৰ চাৰিওফাল ক’লা পৰা দেখা যায়। চকুৰ চাৰিওফালে হোৱা এই ক’লা বৃত্তই মানুহৰ সৌন্দৰ্যত প্ৰভাৱ পেলায়। কেতিয়াবা ই মানুহৰ আত্মবিশ্বাসতো প্ৰভাৱ পেলায়। চকুৰ তলত ক’লা বৃত্ত হোৱাৰ বহু কাৰণ আছে। ইয়াৰ বিষয়ে আমি জনা দৰকাৰ। কেতিয়াবা চকুৰ তলৰ ক’লা বৃত্ত হোৱাটোও বহুতো ৰোগৰ কাৰণ হ’ব পাৰে। গতিকে কি ৰোগৰ বাবে চকুৰ তল ক’লা পৰে বা ইয়াক কেনেকৈ নিৰাময় কৰিব পাৰি এই সন্দৰ্ভত আমি চকুৰ বিশেষজ্ঞৰ সৈতে কথা পাতিছিলো। তলত সবিশেষ উল্লেখ কৰা হ’ল।
সাধাৰণতে টোপনিৰ অভাৱৰ বাবে চকুৰ তলত ক’লা বৃত্তৰ সৃষ্টি হয়। ইয়াৰোপৰি বেছি সময় মোবাইল বা লেপটপ আদি চাই থাকিলে চকুৰ চাৰিওফাল ক’লা পৰিব পাৰে। এই ক্ষেত্ৰত ইয়াৰ বাবে আমি নিজেই দায়ী বুলি ক’ব পাৰো। কিয়নো নিজৰ ভুলৰ বাবে টোপনি ক্ষতি হয়, যাৰ ফলত এই ক’লা দাগ পৰে।ইয়াৰ বাহিৰেও কিছুমান ৰোগ আছে যিয়ে চকুৰ তলত ক’লা বৃত্তৰ সৃষ্টি কৰে। চকুৰ তলত ক’লা বৃত্ত থাকিলে আত্মবিশ্বাস কমি যায়।
কাৰণ
এম এম জি হাস্পতালৰ জ্যেষ্ঠ চিকিৎসক ডাঃ সন্তৰাম বৰ্মাই কয় যে, বহু কাৰণত চকুৰ তলত ক’লা বৃত্ত হ’ব পাৰে। ইয়াৰ কাৰণ কিছুমান ৰোগো আছে। কেইটামান ৰোগ তলত উল্লেখ কৰা হ’ল-
- শৰীৰত আইৰণৰ অভাৱত চকুৰ তলত ক’লা বৃত্ত হ’ব পাৰে।
- যকৃতৰ ৰোগ হ’লেও চকুৰ তলত ক’লা বৃত্ত হ’ব পাৰে।
- থাইৰয়ড সমস্যাৰ ফলত এনে হ’ব পাৰে।
- ইয়াৰোপৰি পানীলগা, ধূমপান, অত্যধিক মদ্যপান আৰু মানসিক চাপৰ বাবেও এনে হ’ব পাৰে।
পৰিত্ৰাণৰ উপায়
ছাৰ গংগা ৰাম চিকিৎসালয়ৰ চকু চিকিৎসা বিভাগৰ ডাঃ এ কে গ্ৰভাৰে কয় যে যদি চকুৰ তলত ক’লা বৃত্ত থাকে তেন্তে খাদ্যৰ পৰিৱৰ্তন কৰা উচিত। ইয়াৰোপৰি কিছুমান উপায় তলত উল্লেখ কৰা হ’ল-
- পুষ্টিকৰ খাদ্য খাওক
- পৰ্যাপ্ত পৰিমাণে টোপনি লওক
- ইয়াৰ লগতে পৰ্যাপ্ত পৰিমাণে পানী খাওক।
- মানসিক চাপ কম কৰক আৰু বেয়া অভ্যাস নিয়ন্ত্ৰণ কৰক।
যদি ইয়াৰ পাছতো ডাৰ্ক চাৰ্কল কমি নাযায়, তেন্তে আপুনি স্বাস্থ্য পৰীক্ষা কৰা দৰকাৰ। যদি কোনো ৰোগৰ বাবে চকুৰ তলত ক’লা বৃত্ত থাকে, তেন্তে তাৰ চিকিৎসা কৰিব লাগে। চকুৰ তলত ক’লা বৃত্ত থকাৰ বাবে যৌৱনকালতো মুখখন বয়সীয়াল যেন দেখাবলৈ আৰম্ভ কৰে।
অন্য খবৰ পঢ়কঃ অনবৰতে হৈ থকা মূৰৰ বিষ কি ৰোগৰ লক্ষণ, জানক চিকিৎসকৰ পৰা…