উফিৰ সমস্যাৰ পৰা পৰিত্ৰাণ বিচাৰে নেকি? ঘৰুৱা পদ্ধতিৰে এই সামগ্ৰী ব্যৱহাৰ কৰক চুলিত…

বতৰ সলনি হোৱাৰ লগে লগে বিভিন্নজনৰ বৃদ্ধি হৈছে উফিৰ সমস্যা। এই সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ বিভিন্নজনে বিভিন্ন পদ্ধতি অৱলম্বন কৰে। কিন্তু ঘৰুৱা উপায়ৰ দ্বাৰাও আপুনি এই সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰে।

উফিৰ সমস্যাৰ পৰা পৰিত্ৰাণ বিচাৰে নেকি?  ঘৰুৱা পদ্ধতিৰে এই সামগ্ৰী ব্যৱহাৰ কৰক চুলিত...

উফিৰ সমস্যাৰ বাবে অতিষ্ঠ হৈ পৰিছে নেকি?

Published: 

18 Mar 2025 07:04 AM

সকলোৱে বিচাৰে ধুনীয়া আৰু মজবুত চুলি। কিন্তু বতৰ পৰিৱৰ্তনৰ প্ৰভাৱ কেৱল স্বাস্থ্যৰ ওপৰতে নহয়, চুলি আৰু ছালৰ ওপৰতো পৰে। এই সময়ত চুলি আৰু তেলীয়া মূৰৰ ছালত উফিৰ সমস্যা অতি সাধাৰণ। কিন্তু কেতিয়াবা উফিৰ সমস্যাটো অতি বেছি হৈ পৰে আৰু ইয়াৰ বাবে খজুৱতি, চুলি সৰা আদি সমস্যাৰ সৃষ্টি হয়। এনে পৰিস্থিতিত উফি আঁতৰ কৰিবলৈ মানুহে বিভিন্ন ধৰণৰ পদক্ষেপ গ্ৰহণ কৰে।

উফি আঁতৰ কৰাৰ বাবে আজিকালি বজাৰত বহু ধৰণৰ সামগ্ৰী পোৱা যায়। কিন্তু কোনোৱে যদি প্ৰাকৃতিকভাৱে উফি আঁতৰ কৰিব বিচাৰে তেন্তে ঘৰুৱা কিছুমান সামগ্ৰী ব্যৱহাৰ কৰিয়েই ইয়াৰ পৰা পৰিত্ৰাণ পাব পাৰে।  এই লেখাটোত আজি উফিৰ পৰা পৰিত্ৰাণ পোৱাৰ কেইটামান উপায় উল্লেখ কৰা হ’ল-

নাৰিকল তেল

নাৰিকল তেলত এন্টিবেক্টেৰিয়েল আৰু এন্টিফাংগেল গুণ আছে, যিয়ে মূৰৰ ছাল সুস্থ কৰি ৰখাত সহায় কৰে।  নাৰিকল তেল মূৰৰ ছালত মালিচ কৰি চুলিত লগালে উফিৰ সমস্যা কমোৱাত সহায়ক হয়। নাৰিকল তেল মূৰৰ ছালত লগাই লাহে লাহে মালিচ কৰি ১ৰ পৰা ৩ ঘণ্টাৰ পিছত শ্বেম্পু কৰিব লাগে। সপ্তাহত দুবাৰ নাৰিকল তেল এনেকৈ প্ৰয়োগ কৰিলে সুফল লাভ কৰিব।

নিম পাত

নিম পাতে মূৰৰ ছাল সুস্থ কৰি ৰখাত সহায় কৰে। ই বেক্টেৰিয়া আৰু ভেঁকুৰৰ সংক্ৰমণৰ পৰা  মূৰৰ ছাল আৰু চুলিক ৰক্ষা কৰে। নিম পাত মূৰত ব্যৱহাৰ কৰিবলৈ প্ৰথমে নিমৰ পাত উতলাই পানীখিনি ঠাণ্ডা কৰি মূৰত লগাব লাগে। ইয়াৰ দ্বাৰা উফি কমোৱাতো সহায়ক হয়। ইয়াৰোপৰি নিম পাতৰ মাস্ক বনাই  চুলিত লগাব পাৰে। যেনে,  নিম পাত ধুই পিহি পেষ্ট বনাওক। ইয়াৰ পিছত তাত নাৰিকল তেল দি পেষ্ট বনাই ১৫ৰ পৰা ২০ মিনিট চুলিত লগাওক আৰু তাৰ পিছত চেম্পু কৰি লওক।

টি ট্ৰী অইল

টি ট্ৰী অইলত এন্টিফাংগেল আৰু এন্টিবেক্টেৰিয়েল গুণ আছে, যিয়ে উফিৰ সমস্যা কমোৱাত সহায় কৰিব পাৰে। ইয়াক আপুনি নাৰিকল তেলৰ লগত মিহলাই মূৰৰ ছালত লগাওক আৰু ৩০ মিনিটৰ পিছত ভালদৰে চেম্পুৰে ধুই দিয়ক । সপ্তাহত দুবাৰকৈ আপুনি এয়া চুলিত লগাব পাৰে। অৱশ্যে ইয়াৰ পূৰ্বে  পেচ টেষ্ট কৰা দৰকাৰ। যদি এনে মিশ্ৰণৰ ফলত আপোনাৰ এলাৰ্জি বা আন কোনো সমস্যা নহয় তেন্তে ইয়াক ব্যৱহাৰ কৰিব পাৰে।

দুবাৰকৈ চুলি ধুব

সপ্তাহত দুবাৰকৈ চেম্পুৰে চুলিখিনি ধুব লাগে।  কাৰণ মূৰৰ ছালত জমা হোৱা ধূলি আৰু তেলৰ দৰে মলিয়ে উফিৰ সৃষ্টি কৰিব পাৰে। লগতে চেম্পু ব্যৱহাৰ কৰক। লগতে চুলিখিনিও প্ৰাকৃতিকভাৱে শুকুৱাবলৈ দিব।

 

অন্য খবৰ পঢ়কঃ ছাল আৰু চুলি হৈ পৰিব ধুনীয়া, এনেকৈ ব্যৱহাৰ কৰক ভিটামিন-ই কেপচুল…

যকৃত বিকল হ'লে চকু, হাত আৰু ভৰিত কি কি লক্ষণে দেখা দিয়ে? জানক...
এইসমূহ খাদ্য গ্ৰহণ কৰে নেকি? হ'ব পাৰে বৃক্ক পৰ্যন্ত বিকল...
ওলোটাকৈ খোজ কাঢ়িলে শৰীৰৰ কি কি লাভ হয়?
কোষ্ঠকাঠিন্যৰ সৈতে যুঁজি আছে নেকি? আজিয়েই এই প্ৰাকৃতিক ঘৰুৱা উপায় গ্ৰহণ কৰক