Daily Walking Benefits : প্ৰতিদিনে কিমান খোজ কাঢ়িব লাগে ? ইয়াৰ উপকাৰিতা কি ? জানক

খোজ কঢ়াৰ অভ্যাস গঢ়িলে হতাশাৰ দৰে পৰিস্থিতিৰ বিৰুদ্ধে যুঁজ দিয়াত আপুনি সফল হ'ব। এই অভ্যাসৰ ফলত আপুনি দিনটোৰ কামবোৰ ভালদৰে কৰিব পাৰিব, পৰিকল্পনাবোৰ সফল ৰূপায়ন কৰিবলৈ সক্ষম হ'ব, মনৰ পৰা হতাশা আঁতৰিব । লগতে মনৰ চিন্তা-চেতনা ইতিবাচক হ'ব আৰু মানসিক স্বাস্থ্যও ভাল হ'ব।

Daily Walking Benefits : প্ৰতিদিনে কিমান খোজ কাঢ়িব লাগে ? ইয়াৰ উপকাৰিতা কি ? জানক

দৈনিক খোজ কঢ়াৰ উপকাৰিতা

Published: 

05 Feb 2025 10:53 AM

শাৰীৰিক কাৰ্যকলাপে সুস্থ জীৱন-যাপনত অধিক সহায় কৰে । ইয়াৰ লগতে স্বাস্থ্য়কৰ খাদ্য়ভ্যাসো আপোনাৰ বাবে প্ৰয়োজনীয় । এই দুয়োটা যদি আপুনি নিয়ন্ত্ৰণত ৰাখিব পাৰে, তেন্তে আপুনি ৰোগৰ পৰা হাত সাৰি থকাৰ উপৰি সুস্থ জীৱন-যাপন কৰিব পাৰিব । দৈনিক যদি আপুনি শৰীৰ চৰ্চা কৰে, তেন্তে বহু ৰোগৰ পৰা শৰীৰটোক ৰক্ষা কৰিব পাৰিব । দৈনন্দিন জীৱনত কিছু সময় উলিয়াই খোজ কঢ়াৰ অভ্য়াস কৰিলে বহু ৰোগ প্ৰতিৰোধ কৰিব পাৰি । গৱেষণাৰ পৰা দেখা গৈছে যে, প্ৰতিদিনে ৫০০০ খোজ কাঢ়িলে মানসিক আৰু শাৰীৰিক দুয়োটা দিশতে বহুতো ৰোগ প্ৰতিৰোধ কৰিব পৰা যায়।

শাৰীৰিক উপকাৰৰ উপৰিও পুৱা খোজ কঢ়াৰ অভ্যাস গঢ়িলে হতাশাৰ দৰে পৰিস্থিতিৰ বিৰুদ্ধে যুঁজ দিয়াত আপুনি সফল হ’ব। এই অভ্যাসৰ ফলত আপুনি দিনটোৰ কামবোৰ ভালদৰে কৰিব পাৰিব, পৰিকল্পনাবোৰ সফল ৰূপায়ন কৰিবলৈ সক্ষম হ’ব, মনৰ পৰা হতাশা আঁতৰিব । লগতে মনৰ চিন্তা-চেতনা ইতিবাচক হ’ব আৰু মানসিক স্বাস্থ্যও ভাল হ’ব। সময়ৰ লগে লগে মানসিক চাপৰ সন্মুখীন হোৱাৰ মানুহৰ সংখ্যা বৃদ্ধি পাইছে। বিশ্ব স্বাস্থ্য সংস্থা (WHO)ৰ তথ্য অনুসৰি, সমগ্ৰ বিশ্বৰ প্ৰায় ২৮ কোটি লোক মানসিক চাপত ভুগিছে।

গৱেষণাৰ মতে, খোজ কঢ়াৰ দৰে শাৰীৰিক কাৰ্যকলাপে হতাশাৰ সম্ভাৱনা হ্ৰাস কৰিব পাৰে। ৩৩ টা অধ্যয়নৰ মেটা-বিশ্লেষণত প্ৰায় ৯৬,০০০ প্ৰাপ্তবয়স্কৰ ওপৰত চকু ৰখা হৈছিল। দেখা গ’ল যে, যিসকলে দিনটোত কমেও ৫০০০ খোজ খোজ কাঢ়িছিল তেওঁলোকৰ হতাশাৰ লক্ষণ কম। ইয়াতকৈ কম খোজ কঢ়াৰ ক্ষেত্ৰত এই লক্ষণসমূহ বেছি দেখা যায়।

নিয়মিত খোজ কঢ়াৰ ফলত মানসিক চাপ কমি যায়। মানসিকভাৱে সতেজ হৈ থাকিব পাৰে। গতিকে দৈনিক ৫ হাজাৰ খোজ কাঢ়িবলৈ চেষ্টা কৰক । কিন্তু ইয়াতকৈ বেছি খোজ কাঢ়িলে ভাল ফলাফল লাভ কৰিব ।

মৃতকৰ ভোজ খোৱা ভাল নে বেয়া? ক'লে প্ৰেমানন্দ মহাৰাজে...
নিমিষতে নাইকীয়া হ'ব শুকান কাহ, গ্ৰহণ কৰক এইসমূহ ঘৰুৱা উপায়...
গ্ৰীষ্মকালত গেছৰ সমস্যাৰ পৰা উপশম পাবলৈ খাওক এইবোৰ ফল
ছালৰ যত্নৰ পৰা বাচনৰ দাগ আঁতৰ কৰালৈ,,, কণীৰ বাকলিৰ উপকাৰিতা...