শীতকালত শিশুৰ কাহ, জ্বৰ, চৰ্দি কি কি ৰোগৰ লক্ষণ হ’ব পাৰে? সবিশেষ জানক…

শীতকালত সাধাৰণতে শিশুৰ কাহ, জ্বৰ, চৰ্দি আদি হোৱা দেখা যায়। এই প্ৰতিবেদনৰ জৰিয়তে জানক এই সমস্যা কি কি ৰোগৰ লক্ষণ হ’ব পাৰে ? এই সমস্য়াৰ পৰা শিশুটিত কেনেদৰে ৰক্ষা কৰিব?

শীতকালত শিশুৰ কাহ, জ্বৰ, চৰ্দি কি কি ৰোগৰ লক্ষণ হব পাৰে? সবিশেষ জানক...

প্ৰতীকী ফটো

Updated On: 

28 Jan 2025 | 06:10 PM

শীতকালত শিশুৱে বিভিন্ন শাৰীৰিক সমস্যাৰ সন্মুখীন হয় । শীতকালত সাধাৰণতে শিশুৰ কাহ, জ্বৰ, চৰ্দি আদি হোৱা দেখা যায়। যদি শিশুটিয়ে এই সমস্যাৰ বাৰে বাৰে সন্মুখীন হয় তেন্তে অভিভাৱকসকল সচেতন হোৱাটো প্ৰয়োজন । কিয়নো এই সমস্যা জটিল ৰোগৰ লক্ষণো হ’ব পাৰে । শীতকালত ঠাণ্ডাৰ বাবে শিশুৰ ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল হৈ পৰে, এনে পৰিস্থিতিত শিশু অসুস্থ হোৱাৰ সম্ভাৱনা বাঢ়ি যায়। এই প্ৰতিবেদনৰ জৰিয়তে জানক এই সমস্যা কি কি ৰোগৰ লক্ষণ হ’ব পাৰে ? এই সমস্য়াৰ পৰা শিশুটিত কেনেদৰে ৰক্ষা কৰিব?

নিউমোনিয়া

শীতকালত শিশুৰ নিউমোনিয়াৰ হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়। প্ৰচণ্ড কাহ, উশাহ-নিশাহ লোৱাত অসুবিধা আৰু অধিক জ্বৰ আদি ৰোগত শিশু আক্ৰান্ত হ’ব পাৰে । এনে অৱস্থাত শিশুটিক গৰম কাপোৰ পিন্ধাব লাগে আৰু ঘৰৰ উষ্ণতাও গৰম কৰি ৰাখিব লাগে। সৰিয়হৰ তেলেৰে শৰীৰটো মালিচ কৰিব লাগে। যদি কোনো গুৰুতৰ পৰিস্থিতিৰ সৃষ্টি হয় তেন্তে তৎক্ষণাত চিকিৎসকৰ সৈতে যোগাযোগ কৰিব লাগে।

ব্ৰংকাইটিছ

ঠাণ্ডাৰ দিনত শিশুৱে দীৰ্ঘদিন ধৰি শ্লেষ্মাৰ সৈতে কাহ আৰু হুমুনিয়াহ কাঢ়িব পাৰে। ইয়াৰ ফলত শিশুৰ শ্বাসনলী ফুলি উঠে। এনে পৰিস্থিতিৰ সৃষ্টি হ’লে তৎক্ষণাত চিকিৎসকৰ লগত যোগাযোগ কৰিব লাগে।

টিবি (যক্ষ্মা)

যদিও যক্ষ্মা ৰোগে যিকোনো বয়সৰ লোকক আক্ৰান্ত কৰিব পাৰে, তথাপিও ই ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল শিশুক অধিক সোনকালে আক্ৰান্ত কৰে। যদি শিশুৰ দুসপ্তাহতকৈ অধিক সময় কাহ হয়, ওজন হ্ৰাস হয় আৰু ৰাতি ঘাম ওলায়, তেন্তে তৎক্ষণাত টিবি পৰীক্ষা কৰা উচিত। সময়মতে টিবিৰ চিকিৎসা আৰম্ভ কৰিলে সোনকালে আৰোগ্য হয়। শীতকালত শিশুসকলক গৰম কাপোৰ পিন্ধাই ৰাখিব লাগে । লগতে ঘৰখন পৰিষ্কাৰ কৰি ৰাখিব লাগে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব