বাৰিষাৰ কালত কিছুমান শাক-পাচলি খাব নালাগে, কিয় জানেনে? | Common Vegetables You Must Avoid Eating In Monsoons in Assamese Assam news - Assam Tv9

Vegetables: বাৰিষাৰ সময়ত কিছুমান শাক-পাচলি খাব নালাগে, কোনবোৰ শাক আৰু কিয় খাব নালাগে জানেনে ?

Published: 

14 Jul 2024 | 03:12 PM

বাৰিষাৰ সময়ত ৰোগ সংক্ৰমণৰ আশংকা সৰ্বাধিক। বৰষুণৰ দিনত মানুহৰ পেটৰ বিষ, চৰ্দি আৰু কাহ আদি ৰোগ হয় । গতিকে বজাৰৰ পৰা কিনা শাক-পাচলি ৰান্ধি থাকোঁতে অলপ বেছি সাৱধান হ’ব লগা হয়। শাক-পাচলি ধুই ভালদৰে ৰান্ধিব লাগে। কিন্তু কিছুমান স্বাস্থ্যকৰ খাদ্য আছে যিবোৰ এই বতৰত একেবাৰে খাব নালাগে।

1 / 8 বাৰিষাৰ সময়ত ৰোগ সংক্ৰমণৰ আশংকা সৰ্বাধিক। বৰষুণৰ দিনত মানুহৰ পেটৰ বিষ, চৰ্দি আৰু কাহ আদি ৰোগ হয় । গতিকে বজাৰৰ পৰা কিনা শাক-পাচলি ৰান্ধি থাকোঁতে অলপ বেছি সাৱধান হ’ব লগা হয়।

বাৰিষাৰ সময়ত ৰোগ সংক্ৰমণৰ আশংকা সৰ্বাধিক। বৰষুণৰ দিনত মানুহৰ পেটৰ বিষ, চৰ্দি আৰু কাহ আদি ৰোগ হয় । গতিকে বজাৰৰ পৰা কিনা শাক-পাচলি ৰান্ধি থাকোঁতে অলপ বেছি সাৱধান হ’ব লগা হয়।

2 / 8

শাক-পাচলি ধুই ভালদৰে ৰান্ধিব লাগে। কিন্তু কিছুমান স্বাস্থ্যকৰ খাদ্য আছে যিবোৰ এই বতৰত একেবাৰে খাব নালাগে।

3 / 8

শাক-পাচলিত যথেষ্ট আঁহ ভিটামিন থাকে। কিন্তু বাৰিষাৰ সময়ত পাতৰ ভিতৰত বেক্টেৰিয়া বাঢ়িব পাৰে। ভালদৰে চাফ-চিকুণ কৰি ৰন্ধা-বঢ়া নকৰিলে আপোনাৰ বাবে ক্ষতি হ’ব।

4 / 8

ফুলকবি, কবি, মৰিচা আদি শাক-পাচলি শীতকালীন শস্য যদিও বৰ্তমান বছৰজুৰি বজাৰত পোৱা যায়। তথাপিও বাৰিষাৰ সময়ত সেইবোৰ নোখোৱাই ভাল। আৰ্দ্ৰতা বৃদ্ধিৰ ফলত এই শাকত বেক্টেৰিয়া বাঢ়ি যায়।

5 / 8

আলু, পিয়াঁজ, আদা, নহৰু আদি খাদ্য বছৰটোৰ ভিতৰত খাব লাগে। কিন্তু মাটিৰ তলৰ শাক-পাচলি যেনে গাজৰ, মূলা, বুটমাহ বাৰিষা নাখাব। এই শাক কেইবিধ বৰষুণত সোনকালে পচি যায়।

6 / 8

গজালি ওলোৱা বুট-মগু স্বাস্থ্যৰ বাবে অতি উপকাৰী। কিন্তু বাৰিষাৰ সময়ত সেইবোৰ প্ৰায় নাখাব। অধিক আৰ্দ্ৰতাৰ বাবে এই খাদ্যসমূহত বেক্টেৰিয়া বাঢ়ি যায়। ইয়াৰ ফলত পেটৰ সমস্যা হয়।

7 / 8

বাৰিষাৰ সময়ত কাঠ ফুলা খাব নালাগে। এই বাৰিষাত আৰ্দ্ৰতাৰ পৰিমাণ বাঢ়ি যায়। ইয়াৰ কাৰণে কাঠ ফুলাত বেক্টেৰিয়াৰ সংখ্যাও বৃদ্ধি পায়। এই সময়ত কাঠ ফুলা খালে পেটৰ সমস্যা হ’ব পাৰে।

8 / 8

শাক-পাচলি পৰিহাৰ কৰাৰ উপৰিও বাৰিষা ধনীয়া পাত, পদিনা পাত আদি বনৌষধি উপাদান পৰিহাৰ কৰিব লাগে। এই পাতবোৰত বেক্টেৰিয়া বৃদ্ধি পায় । গতিকে বাৰিষাত এইবোৰ খালে পেটৰ বিষ হ’ব পাৰে।

তেজত হ্ৰাস পাইছে নেকি হিম’গ্লবিনৰ মাত্ৰা? এইসমূহ খাদ্যই দূৰ কৰিব চিন্তা
শীতকালত লাই শাক কিয় খাব লাগে ? ইয়াৰ উপকাৰিতা জানক
ব্যায়ামৰ আগতে এই পানীয় খালে দ্ৰুতগতিত চৰ্বি কমে, তেজৰ চুগাৰো নিয়ন্ত্ৰণত থাকে
জিভাত সোৱাদ লগাৰ বাবেই অতিমাত্ৰা ড্ৰাই ফ্ৰুটছ খায় নেকি? সাৱধান, হ’ব পাৰে এনে সমস্যা
বুকুত মুখ্যমন্ত্ৰীৰ ছবি আঁকিলে অনুৰাগীয়ে...
শ্বহীদ স্মাৰকত নৃত্য কৰি ভাইৰেল যুৱতী...
বাজপেয়ী ভৱনত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থৰ শ্ৰদ্ধাঞ্জলি
কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থ সন্দৰ্ভত মন্তব্য বিজয়া চক্ৰৱৰ্তীৰ