প্ৰস্ৰাৱৰ পৰা দুৰ্গন্ধ আৰু প্ৰস্ৰাৱ জ্বলা-পোৰা… মহিলাসকলে ভুলতেও আওকাণ নকৰিব এনে লক্ষণ
মহিলাসকলৰ প্ৰস্ৰাৱৰ সংক্ৰমণ (UTI) ইউটিআই সংক্ৰমণ urinary tract ৰ তলৰ অংশত হয়। চিকিৎসা নকৰিলে এই সংক্ৰমণ বৃক্কলৈ আৰু তাৰ পিছত তেজলৈ বিয়পি পৰে, যাৰ ফলত মৃত্যুও হ’ব পাৰে। ইয়াৰ লক্ষণ আৰু প্ৰতিৰোধৰ বিষয়ে জানি লওক।

ভুলতেও আওকাণ নকৰিব এনে লক্ষণ
প্ৰস্ৰাৱ নলীৰ সংক্ৰমণ (UTI) মহিলাৰ এক সাধাৰণ যেন লগা কিন্তু গুৰুতৰ স্বাস্থ্যজনিত সমস্যা। এই সংক্ৰমণ তেতিয়া হয় যেতিয়া বেক্টেৰিয়া (বেছিভাগেই E. coli) মূত্ৰনলীৰ মাজেৰে মূত্ৰাশয়লৈ গৈ তাত বৃদ্ধি পাবলৈ আৰম্ভ কৰে। মহিলাৰ মূত্ৰনলী চুটি হয়, যাৰ ফলত বেক্টেৰিয়া সোনকালে মূত্ৰাশয়ত প্ৰৱেশ কৰে। গতিকে পুৰুষতকৈ মহিলাৰ ইউটিআইৰ আশংকা বেছি।
মহিলাৰ প্ৰস্ৰাৱৰ সংক্ৰমণৰ কাৰণ
মহিলাৰ মূত্ৰনলী (urethra) পুৰুষতকৈ সৰু। সেই কাৰণেই মলত উপস্থিত থকা বেক্টেৰিয়া বিশেষকৈ E. coli, মূত্ৰাশয়লৈ প্ৰৱেশ কৰে আৰু সংৰ্ৰমণ হয়। মহিলাৰ পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ অভ্যাসেও এই সংক্ৰমণৰ সৃষ্টি কৰে। যেনে শৌচাগাৰ ব্যৱহাৰ কৰাৰ পিছত ভুলকৈ চাফা কৰা, লেতেৰা বা তিতা আণ্ডাৰগাৰ্মেণ্ট পিন্ধা বা প্ৰস্ৰাৱ বহু সময় ধৰি ৰখা। মাহেকীয়াৰ সময়ত পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ প্ৰতি গুৰুত্ব নিদিয়া আৰু সঘনাই ৰাজহুৱা শৌচাগাৰ ব্যৱহাৰ কৰিলেও প্ৰস্ৰাৱৰ সংক্ৰমণৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে।
প্ৰস্ৰাৱৰ সংক্ৰমণৰ লক্ষণ (UTI)
মহিলাৰ ক্ষেত্ৰত ইউটিআইৰ লক্ষণসমূহ মৃদু যেন লাগিব পাৰে, কিন্তু ইয়াক সহজভাৱে লোৱাটো বিপদজনক হ’ব। সময়মতে চিনাক্ত কৰি চিকিৎসা কৰিলে এই সংক্ৰমণ সহজে আৰোগ্য লাভ কৰিব পৰা যায়। পৰিষ্কাৰ-পৰিচ্ছন্নতা, পৰ্যাপ্ত পৰিমাণৰ পানী খোৱা আৰু শৌচাগাৰৰ পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ যত্ন লোৱাটোৱেই হৈছে ইউটিআই প্ৰতিৰোধৰ আটাইতকৈ ফলপ্ৰসূ উপায়।
- সঘনাই প্ৰস্ৰাৱ কৰাৰ অনুভৱ
- প্ৰস্ৰাৱ কৰাৰ সময়ত জ্বলা-পোৰা বা বিষ
- প্ৰস্ৰাৱৰ পৰা অস্বাভাৱিক গোন্ধ
- গাঢ় ৰঙৰ বা ৰক্তাক্ত প্ৰস্ৰাৱ
- পেটৰ তলৰ অংশত (lower abdomen) বিষ বা হেঁচি ধৰা যেন লগা
ভাগৰুৱা আৰু মৃদু জ্বৰ
যদি সংক্ৰমণ মূত্ৰাশয়ৰ পৰা বৃক্কলৈ ওপৰলৈ বিয়পিবলৈ আৰম্ভ কৰে তেন্তে জ্বৰ, ঠাণ্ডা আৰু ভাগৰুৱা অৱস্থাও অনুভৱ কৰিব পাৰে। মহিলাসকলে নিজৰ পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ সম্পূৰ্ণ যত্ন লোৱা, দিনটো পৰ্যাপ্ত পৰিমাণৰ পানী খোৱা, কেতিয়াও প্ৰস্ৰাৱ বন্ধ নকৰা আৰু কোনো লক্ষণক কেতিয়াও আওকাণ কৰিব নালাগে।
কেতিয়া চিকিৎসকৰ ওচৰলৈ যাব লাগে?
যদি ওপৰত উল্লেখ কৰা লক্ষণসমূহ ১-২ দিনতকৈ অধিক সময় দেখা দি থাকে, বা প্ৰস্ৰাৱত তেজ থাকে, জ্বৰ, বা কঁকালৰ বিষ হয়—তৎক্ষণাত চিকিৎসকৰ সৈতে যোগাযোগ কৰক। সময়মতে চিকিৎসা নকৰিলে ইউটিআই কিডনীত উপনীত হ’ব পাৰে, যিটো গুৰুতৰ অৱস্থাত পৰিণত হ’ব।