নিয়মীয়াকৈ ৰক্তচাপৰ ঔষধ সেৱন কৰাৰ ফলত কেনেধৰণৰ পাৰ্শ্বক্ৰিয়া হ’ব পাৰে? উপশম পোৱাৰ উপায় জানক

আপুনি জানেনে যে, সকলো ঔষধৰ দৰে ৰক্তচাপৰ ঔষধৰ পাৰ্শ্বক্ৰিয়া হ’ব পাৰে। এই পাৰ্শ্বক্ৰিয়াসমূহ নিৰ্দিষ্ট ঔষধৰ ওপৰত নিৰ্ভৰ কৰি ভিন্ন হয়।

নিয়মীয়াকৈ ৰক্তচাপৰ ঔষধ সেৱন কৰাৰ ফলত কেনেধৰণৰ পাৰ্শ্বক্ৰিয়া হ’ব পাৰে? উপশম পোৱাৰ উপায় জানক

ৰক্তচাপৰ ঔষধৰ পাৰ্শ্বক্ৰিয়া

Updated On: 

03 Oct 2025 | 06:04 PM

আজিৰ দিনত প্ৰায় সংখ্যক লোকৰে উচ্চ ৰক্তচাপৰ সমস্যা হয়। বহু লোকে নিয়মীয়াকৈ ঔষধ খাবলগীয়া হয়। কিন্তু আপুনি জানেনে যে, সকলো ঔষধৰ দৰে এন্টিহাইপাৰটেনচিভ (ৰক্তচাপৰ ঔষধ)ৰ পাৰ্শ্বক্ৰিয়া হ’ব পাৰে। এই পাৰ্শ্বক্ৰিয়াসমূহ নিৰ্দিষ্ট ঔষধৰ ওপৰত নিৰ্ভৰ কৰি ভিন্ন হয়। কিন্তু বিশেষজ্ঞৰ মতে, এই ক্ষেত্ৰত ভয়ৰ কোনো কাৰণ নাই।

ৰক্তচাপৰ ঔষধ সদায় জীৱনশৈলীৰ পৰিৱৰ্তনৰ সমান্তৰালভাৱে প্ৰেছক্ৰিপচন কৰা হয়, যেনে খাদ্যৰ সালসলনি, মানসিক চাপ নিয়ন্ত্ৰণ, নিয়মীয়া ব্যায়াম। যদিও ইয়াৰ পাৰ্শ্বক্ৰিয়া হ’ব পাৰে, তথাপিও ৰক্তচাপ নিয়ন্ত্ৰণ কৰাত অধিক সুফল পাব।

ৰক্তচাপৰ ঔষধৰ পাঁচটা সাধাৰণ পাৰ্শ্বক্ৰিয়া

মূৰ ঘূৰোৱা

যদি আপুনি হঠাতে থিয় হয়, তেতিয়া আপোনাৰ মূৰ ঘূৰাব পাৰে। উচ্চ ৰক্তচাপৰ ঔষধ খালে এইধৰণৰ পাৰ্শ্বক্ৰিয়া হ’ব পাৰে। এই সমস্যা হ’লে শুই থকা বা বহি থকাৰ পৰা লাহে লাহে থিয় হ’ব আৰু নিশ্চিতভাৱে পৰ্যাপ্ত পানী খাব। যদি এনে পৰিস্থিতি অব্যাহত থাকে তেন্তে চিকিৎসকে ঔষধৰ পাৱাৰ কম কৰিব পাৰে বা আন ঔষধলৈ সলনি কৰিব পাৰে।

সঘনাই প্ৰস্ৰাৱ লাগিব পাৰে

উচ্চ ৰক্তচাপ ঔষধ সেৱন কৰিলে সঘনাই প্ৰস্ৰাৱ লাগিব পাৰে। এনে ক্ষেত্ৰত আটাইতকৈ ভাল কাম হ’ল এই ঔষধ সন্ধিয়াৰ পৰিৱৰ্তে ৰাতিপুৱা সেৱন কৰিব লাগে, যাতে আপোনাৰ টোপনি ভাঙি নাযায়। ৰক্তচাপ নিয়ন্ত্ৰণত ৰাখিবলৈ পৰ্যাপ্ত টোপনি যোৱাটো অতি প্ৰয়োজন।

ক্লান্তি আৰু দুৰ্বলতা

আন এটা পাৰ্শ্বক্ৰিয়া হ’ল মানুহক অস্বাভাৱিকভাৱে দুৰ্বল বা ক্লান্ত কৰি তুলিব পাৰে। এই ঔষধবোৰে হৃদযন্ত্ৰৰ কামৰ বোজা কমাই দিয়ে যদিও কেতিয়াবা শক্তিও কমি যায়। যদি দীৰ্ঘদিন ধৰি এই সমস্যা থাকে বিশেষজ্ঞৰ পৰা পৰামৰ্শ গ্ৰহণ কৰক।

ভৰিৰ গোৰোহা ফুলা

উচ্চ ৰক্তচাপৰ ঔষধৰ পাৰ্শ্বক্ৰিয়া হিচাপে আপোনা ভৰিৰ গোৰোহা ফুলিব পাৰে। যদি ফুলাটো গুৰুতৰ বা স্থায়ী হৈ পৰে, তেন্তে চিকিৎসকৰ পৰামৰ্শ লোৱাটো অতি প্ৰয়োজন। কাৰণ ঔষধৰ মাত্ৰা সালসলনি কৰিলে বা বেলেগ ঔষধলৈ সলনি কৰিলে লক্ষণসমূহ উপশম হোৱাত সহায়ক হ’ব পাৰে। এই ক্ষেত্ৰত নিমথ কমকৈ খাব পাৰে।

স্পষ্টীকৰণ: এই প্ৰতিবেদন সাধাৰণ তথ্যৰ বাবেহে প্ৰস্তুত কৰা হৈছে। ৰক্তচাপজনিত স্বাস্থ্য সমস্যাৰ বাবে চিকিৎসকৰ পৰামৰ্শ লওক।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...