সঘনাই চৰ্দি-কাহ হৈ থকাৰ কাৰণ কি? জানক চিকিৎসকৰ পৰা…

বতৰৰ পৰিবৰ্তনৰ ফলত মানুহৰ বিভিন্ন স্বাস্থ্যজনিত সমস্যাই দেখা দিয়ে। চৰ্দি-কাহ তেনে এক সমস্যা। যদি মাজে মাজে চৰ্দি-কাহ হয় তেন্তে সেয়া সাধাৰণ কথা। দীৰ্ঘদিন এনে হলে ই চিন্তাৰ কাৰণ হ'ব পাৰে।

সঘনাই চৰ্দি-কাহ হৈ থকাৰ কাৰণ কি? জানক চিকিৎসকৰ পৰা...

চৰ্দি-কাহ

Published: 

27 Jan 2026 | 11:24 AM

বতৰৰ পৰিবৰ্তনৰ লগে লগে মানুহৰ চৰ্দি-কাহ হোৱা সাধাৰণ কথা। কিন্তু মাহৰ পাছত মাহ ধৰি আপুনি যদি এই সমস্যাৰ সন্মুখীন হৈছে তেন্তে ই চিন্তাৰ কাৰণ। ই কিছুমান ৰোগৰ প্ৰাৰম্ভিক লক্ষণ হ’ব পাৰে। এই সন্দৰ্ভত সবিশেষ জনাইছে দিল্লীৰ মৌলানা আজাদ মেডিকেল কলেজ আৰু এছ’চিয়েটেড হস্পিতালৰ ই এন টি বিভাগৰ এইচ অ’ ডি ডাঃ ৰবি মেহেৰে। তেওঁ কৈছে, ইয়াৰ আঁৰত থাকিব পাৰে কিছুমান গুৰুতৰ ৰোগৰ কাৰণ।

চিকিৎসকগৰাকীয়ে কয় যে, বাৰে বাৰে চৰ্দি-কাহ হৈ থকা স্বাভাৱিক নহয়। ইয়াৰ বিভিন্ন কাৰণ হ’ব পাৰে। আটাইতকৈ সাধাৰণ কাৰণ হ’ল এলাৰ্জিক ৰাইনাইটিজ (Allergic rhinitis)। এই অৱস্থাতা ধাৰাবাহিক হাঁচি, নাকৰ পৰা পানী ওলোৱা, নাকৰ খজুৱতি আদি হয়। বতৰৰ পৰিবৰ্তনৰ বাবে বিভিন্ন ভাইৰাছ সক্ৰিয় হৈ শৰীৰক আক্ৰমণ কৰে। ঋতু অনুযায়ী এলাৰ্জীৰ ফলত চৰ্দি হয়। যদি দীৰ্ঘদিন এই সমস্যা হয় তেন্তে চিকিৎসকৰ ওচৰলৈ যাব লাগে।

চাইনাছৰ সমস্যা

চিকিৎসকগৰাকীয়ে কয় যে, সঘনাই চৰ্দি হোৱা চাইনাছৰ সমস্যাৰ ফলতো হ’ব পাৰে। ক্ৰনিক চাইনাইটিজৰ সমস্যা হ’লে বাৰে বাৰে চৰ্দি, দীৰ্ঘ সময় ধৰি চৰ্দি হৈ থাকে। এনে পৰিস্থিতিত চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰা দৰকাৰ।ঔষধ বা অস্ত্ৰোপচাৰৰ দ্বাৰা চাইনাছৰ সমস্যা ঠিক হ’ব পাৰে।

দুৰ্বল ৰোগ প্ৰতিৰোধ ক্ষমতা

ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল হোৱাৰ ফলতো বাৰে বাৰে চৰ্দি-কাহ হ’ব পাৰে। ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হ’লে ভাইৰাছে সহজে আক্ৰমণ কৰে যাৰ ফলত চৰ্দি হয়। এনে অৱস্থাত খাদ্য আৰু জীৱনশৈলীৰ ওপৰত গুৰুত্ব দিব লাগে।

কেতিয়া গুৰুতৰ হৈ পৰে

  • ২-৩ সপ্তাহতকৈ অধিক সময় চৰ্দি হৈ থাকিলে
  • চৰ্দিৰ লগত উশাহ লোৱাত অসুবিধা
  • মাতৰ ধাৰাবাহিক পৰিৱৰ্তন বা হুৰহুৰাই যোৱা
  • মাজে মাজে জ্বৰ অহা আদি।

প্ৰতিৰোধৰ উপায়

  • ধূলি আৰু ধোঁৱা পৰিহাৰ কৰক।
  • ঠাণ্ডা পানী খোৱাৰ পৰা বিৰত থাকক।
  • ধূমপান বন্ধ কৰক।
  • স্বাস্থ্য যত্ন লওক।
  • দীৰ্ঘদিন এনে অৱস্থা হৈ থাকিলে বিশেষজ্ঞৰ পৰামৰ্শ লওক।

 

অন্য খবৰ পঢ়কঃ ৪০ বছৰৰ পাছতো ছালত নপৰে বয়সৰ প্ৰভাৱ! নিশা শোৱাৰ পূৰ্বে কৰক এই কাম…

এই ৪ ৰাশিৰ লোক কেতিয়াও নহয় দৰিদ্ৰ, সদায় লগত থাকে ধন!
বাৰে বাৰে গৰম কৰি খাব নালাগে এই খাদ্য!
পুৱা ৩০ মিনিট খোজকাঢ়িলে শৰীৰে কি উপকাৰ লাভ কৰে?
লাভ কৰিব বিশেষ কৃপা! মঙলবাৰে হনুমানক অৰ্পণ কৰক এই ৪ বিধ বস্তু
৭৭ সংখ্যক গণৰাজ্য দিৱসত বায়ুসেনাৰ AIR SHOW
কৰ্তব্য পথত উজলিল অসমৰ টেৰাকোটা শিল্প
এজাহাৰ দাখিলৰ পাছতে গ্ৰেপ্তাৰ বিতৰ্কিত শিখা শৰ্মাক
পাৰ্থ সাৰথি মহন্তলৈ ডি. লিট সন্মান