আপোনাৰো আছে নেকি লং মুখত ভৰাই থোৱাৰ অভ্যাস? দেহত কি হ’ব পাৰে জানেনে?

ঔষধি গুণৰ বিষয়ে জ্ঞাত নোহোৱাকৈয়ে বহু লোকে মুখত সাধাৰণতে সুগন্ধি গুণৰ বাবে লং সোমোৱাই থকা দেখা যায়। অৱশ্যে বহুলোকে লঙৰ উপকাৰী গুণৰ বিষয়ে জানিয়েই লং খায়। খালী পেটত লং খোৱা ভাল নে ভৰপূৰ পেটত লং খোৱা ভাল, সেই সম্পৰ্কে বিভিন্ন মতামত আছে। পিছে বিশেষজ্ঞসকলে এইসন্দৰ্ভত কি কয়, জানো আহক।

আপোনাৰো আছে নেকি লং মুখত ভৰাই থোৱাৰ অভ্যাস? দেহত কি হ’ব পাৰে জানেনে?

লঙৰ উপকাৰী গুণ

Published: 

17 Jul 2025 | 07:44 PM

আমাৰ পাকঘৰত সততে উপলব্ধ এক মছলা লং পিছে কেৱল মছলা হিচাপেই যে লঙৰ ব্যৱহাৰ হয় এনে নহয়, আয়ুৰ্বেদত লঙক দেহৰ বাবে এক অত্যন্ত উপকাৰী বনৌষধি হিচাপে ব্যৱহাৰ কৰা হয় লং খালে দেহৰ বহু উপকাৰ সাধন হয় বুলি বিশেষজ্ঞসকলে মত প্ৰকাশ কৰে আকাৰত ক্ষুদ্ৰ লেও পিছে এই লঙৰ গুণাগুণ অসীম সেয়ে লং খালে দেহৰ বহু সমস্যাৰ পৰা সকাহ লাভ কৰিব পাৰি এনে ঔষধি গুণৰ বিষয়ে জ্ঞাত নোহোৱাকৈয়ে বহু লোকে মুখত সাধাৰণতে সুগন্ধি গুণৰ বাবে লং সোমোৱাই থকা দেখা যায়

অৱশ্যে বহুলোকে লঙৰ উপকাৰী গুণৰ বিষয়ে জানিয়েই লং খায় বহু লোকে পুৱা খালী পেটতে লং খোৱা দেখা যায়, আন কিছু লোকে আকৌ দিনটোৰ যিকোনো সময়তে লং খায় খালী পেটত লং খোৱা ভাল নে ভৰপূৰ পেটত লং খোৱা ভাল, সেই সম্পৰ্কে বিভিন্ন মতামত আছে। পিছে বিশেষজ্ঞসকলে এইসন্দৰ্ভত কি কয়, জানো আহক

বিশেষজ্ঞসকলৰ মতে, ভৰপূৰ পেটতকৈ খালী পেটত লং খোৱাটো দেহৰ বাবে অধিক উপকাৰী এইক্ষেত্ৰত তিনিটা বিশেষ কাৰণো বিশেষজ্ঞসকলে আঙুলিয়াই দিছে বিশেষজ্ঞসকলৰ মতে খালী পেটত লং খোৱাৰ দ্বাৰা তিনিগুণ উপকাৰ পোৱা যায়।

লঙত প্ৰচুৰ পৰিমাণে এণ্টঅক্সিডেণ্ট থাকে, যি ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিত সহায় কৰে। পেটৰ যিকোনো সংক্ৰমণ দূৰ কৰাতো লং অত্যন্ত উপযোগী।

দাঁতৰ বিষত লঙৰ ব্যৱহাৰ আমি বহুলোকে কৰোঁ কিন্তু কেৱল দাঁতেই নহয়, লঙে শৰীৰৰ বিভিন্ন বিষ দূৰ কৰাতো সহায় কৰে। কেৱল সেয়াই নহয়, লঙে আমাৰ পেটৰ স্বাস্থ্যও সুস্থ কৰি ৰাখে।

লঙে দাঁতৰ আলু মজবুত কৰে আৰু লগতে মুখৰ দুৰ্গন্ধও দূৰ কৰে। গতিকে এই সুবিধাসমূহ লাভ কৰিবলৈ খালী পেটত লং খোৱাই অধিক উপকাৰী।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...