কলেষ্টেৰল বৃদ্ধি হ’লে কি কি লক্ষণে দেখা দিয়ে? জানক চিকিৎসকৰ পৰা…
আজিকালি বহুতৰে কলেষ্টেৰলৰ সমস্যা হোৱা দেখা যায়। ইয়াৰ ফলত মানুহৰ হাৰ্টএটেকো হ'ব পাৰে। শৰীৰত কলেষ্টেৰল বৃদ্ধি হলে কিছুমান লক্ষণে দেখা দিয়ে। ইয়াৰ বিষয়ে জনা দৰকাৰ।

ছাল
বৰ্তমান সময়ত পৰিৱৰ্তিত জীৱনশৈলী আৰু ভুল খাদ্যাভ্যাসৰ বাবে কলেষ্টেৰল বৃদ্ধি হোৱাটো এটা সাধাৰণ সমস্যা হৈ পৰিছে। কলেষ্টেৰল আচলতে শৰীৰৰ বাবে প্ৰয়োজনীয় এক প্ৰকাৰৰ চৰ্বি। কিন্তু যেতিয়া ইয়াৰ পৰিমাণ প্ৰয়োজনতকৈ অধিক বৃদ্ধি পায় তেতিয়া ইয়াৰ ফলত হাৰ্ট এটেক, ষ্ট্ৰোক আদি বহুতো গুৰুতৰ ৰোগ হ’ব পাৰে। গতিকে এই ইয়াৰ কাৰণ, প্ৰতিৰোধৰ উপায় আদিৰ বিষয়ে তলত উল্লেখ কৰা হ’ল।
হৃদৰোগ বিশেষজ্ঞ ডাঃ অজিত জৈনে কয় যে প্ৰায়ে মানুহে কলেষ্টেৰল বৃদ্ধিৰ লক্ষণসমূহক আওকাণ কৰে। কিন্তু যেতিয়া মানুহৰ শৰীৰত কলেষ্টেৰল বৃদ্ধি পাই তেতিয়া ইয়াৰ লক্ষণসমূহ দেখা দিয়ে। আপুনি জানেনে যে আমাৰ ছালত কলেষ্টেৰল বৃদ্ধিৰ কিছুমান লক্ষণো দেখা দিবলৈ আৰম্ভ কৰে? যদি এই লক্ষণসমূহৰ বিষয়ে জনা যায় তেন্তে ডাঙৰ ৰোগৰ পৰা হাত সাৰিব পাৰিব।
লক্ষণ
- চকুৰ তল হালধীয়াঃ যেতিয়া শৰীৰত কলেষ্টেৰলৰ মাত্ৰা বহু পৰিমাণে বৃদ্ধি পায় তেতিয়া চকুৰ চাৰিওফালে বিশেষকৈ ওপৰৰ বা তলৰ চকুৰ পতা কোণ হালধীয়া হোৱা দেখা যায়। ইয়াক ক্জেনথেলেজমা বোলা হয়। এইবোৰ আচলতে ছালৰ তলত জমা হোৱা কলেষ্টেৰল। অৱশ্যে ইয়াৰ বাবে কোনো বিষ নহয়।
- সৰু সৰু পিম্পলৰ দৰেঃ যেতিয়া মুখত সৰু সৰু পিম্পৰ দৰে বস্তু উঠে তেতিয়া ই কলেষ্টেৰল জমা হোৱাৰ ফলত হ’ব পাৰে। শৰীৰৰ যিকোনো অংশত এই লক্ষণ দেখা দিব পাৰে। কিন্তু প্ৰায়ে কঁকাল, আঁঠু, হাত, ভৰি আৰু নিতম্বত বেছিকৈ এই সৰু সৰু দানাবোৰ উঠে। এয়া কলেষ্টেৰলৰ লগতে ট্ৰাইগ্লিচাৰাইড বৃদ্ধিৰ লক্ষণ হ’ব পাৰে।
- ছাল জলা পোৰাঃ কিছুমান মানুহৰ ক্ষেত্ৰত কলেষ্টেৰল বৃদ্ধিৰ বাবে ছালত ফুলা, বিষ বা ৰঙা পৰাও দেখা যায়। কেতিয়াবা মানুহে ছাল টনা অনুভৱ কৰে। কেতিয়াবা খজুৱতিও হয়। শৰীৰৰ ভিতৰত তেজ সঠিকভাৱে প্ৰবাহিত নহ’লে আৰু ৰক্তবাহী নলীবোৰ আক্ৰান্ত হ’লে এই সমস্যাৰ সৃষ্টি হয়।
- ঘাঁ ভাল হোৱাত সময়ঃ যেতিয়া শৰীৰত কলেষ্টেৰল বৃদ্ধি পাই তেতিয়া ৰক্ত সঞ্চালন প্ৰভাৱিত হয়। ইয়াৰ প্ৰভাৱ ছালতো পৰে। কলেষ্টেৰল বৃদ্ধি হলে কোন আঘাত বা ঘাঁ সোনকালে ভাল নহয়। কেতিয়াবা ই বেছি হয় আৰু কেতিয়াবা দীৰ্ঘদিন ভাল নহ’ব পাৰে। শৰীৰৰ ধমনী বন্ধ হৈ পৰা ইয়াৰ লক্ষণ।
- হাত-ভৰিত নীলা দাগঃ কলেষ্টেৰলৰ বাবে ৰক্তবাহী নলী সংকুচিত হয় আৰু অংগসমূহে সঠিক পৰিমাণৰ তেজ লাভ নকৰে। ইয়াৰ বাবে হাত-ভৰিত নীলা বা ক’লা দাগ দেখা দিয়ে। কেতিয়াবা আঙুলিত অজ্ঞানতাও অনুভৱ হয়।
কাৰণ
চিকিৎসকৰ মতে, বিভিন্ন কাৰণত শৰীৰত কলেষ্টেৰলৰ পৰিমাণ বৃদ্ধি হ’ব পাৰে। যেনে- বেছিকৈ তেল দিয়া বস্তু খোৱা, চৰ্বিযুক্ত খাদ্য খোৱা, ব্যায়ামৰ অভাৱ, ধূমপান আৰু মদ্যপান, মেদবহুলতা, জিনীয় কাৰণ, মানসিক চাপ আৰু টোপনিৰ অভাৱ আদি।
পৰিত্ৰাণৰ উপায়
- সেউজীয়া শাক-পাচলি, ফল-মূল আৰু ফাইবাৰযুক্ত খাদ্য খাওক,
- ওমেগা-৩ ফেটি এচিডযুক্ত বস্তু যেনে মাছ, ই কলেষ্টেৰল হ্ৰাস কৰে।
- নিয়মীয়াকৈ ব্যায়াম কৰক।
- সুৰা বা ধূমপান নকৰিব।
- দৈনিক কমেও ৭-৮ ঘণ্টা শুব লাগে।
- মানসিক চাপ কম কৰিবলৈ যোগাসন আৰু ধ্যান কৰক।
অন্য খবৰ পঢ়কঃ চকুৰ তলত ক’লা বৃত্ত গঠন হৈছে নেকি? ই কি ৰোগৰ লক্ষণ, জানক চিকিৎসকৰ পৰা…