সমাগত শিশু দিৱস, শিশুসকলৰ মাজত জনপ্ৰিয় কেইটামান বিশেষ গীতৰ বিষয়ে জানক…

দেশজুৰি কাইলৈ উদযাপন কৰা হ'ল এই বিশেষ দিনটো। শিশুসকলৰ প্ৰতি থকা তেওঁৰ অনুৰাগৰ বাবে সকলোৱে মৰমেৰে তেওঁক 'নেহৰু চাচা' বুলি কয়। তেখেতৰ সিশুসকলৰ প্ৰতি থকা অগাধ মৰমক শ্ৰদ্ধা জনাই প্ৰতি বছৰে তেখেতৰ জন্মদিনটো অৰ্থাৎ ১৪ নৱেম্বৰে দেশে শিশু দিৱস হিচাপে পালন কৰা হয়। তেওঁ শিশুসকলক ৰাষ্ট্ৰৰ ভৱিষ্যত আৰু কাইলৈৰ নাগৰিক হিচাপে গণ্য কৰিছিল। জৱাহৰ লাল নেহৰুৱে কৈছিল যে, ‘আজিৰ সন্তানে কাইলৈৰ ভাৰত গঢ়ি তুলিব।

সমাগত শিশু দিৱস, শিশুসকলৰ মাজত জনপ্ৰিয় কেইটামান বিশেষ গীতৰ বিষয়ে জানক...

শিশুৰ মাজত জনপ্ৰিয় কেইটামান গীতৰ বিষয়ে জানক..

Published: 

13 Nov 2024 | 01:52 PM

ভাৰতৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৰ জন্মদিনটোক শিশু দিৱস হিচাপে পালন কৰা হয়। ইয়াৰ কাৰণ হ’ল নেহৰু শিশুসকলৰ মাজত যথেষ্ট জনপ্ৰিয় আছিল ৷ শিশুসকলক তেওঁলোকৰ অধিকাৰ, যত্ন আৰু শিক্ষাৰ বিষয়ে সজাগতা বৃদ্ধি আৰু সৱলীকৰণ কৰাৰ উদ্দেশ্যে উদযাপন কৰা হয় এই দিনটো। প্ৰতি বছৰৰ ১৪ নৱেম্বৰ দিনটো শিশু দিৱস হিচাপে উদযাপন কৰা হয়।

দেশজুৰি কাইলৈ উদযাপন কৰা হ’ল এই বিশেষ দিনটো। শিশুসকলৰ প্ৰতি থকা তেওঁৰ অনুৰাগৰ বাবে সকলোৱে মৰমেৰে তেওঁক ‘নেহৰু চাচা’ বুলি কয়। তেখেতৰ সিশুসকলৰ প্ৰতি থকা অগাধ মৰমক শ্ৰদ্ধা জনাই প্ৰতি বছৰে তেখেতৰ জন্মদিনটো অৰ্থাৎ ১৪ নৱেম্বৰে দেশে শিশু দিৱস হিচাপে পালন কৰা হয়। তেওঁ শিশুসকলক ৰাষ্ট্ৰৰ ভৱিষ্যত আৰু কাইলৈৰ নাগৰিক হিচাপে গণ্য কৰিছিল। জৱাহৰ লাল নেহৰুৱে কৈছিল যে, ‘আজিৰ সন্তানে কাইলৈৰ ভাৰত গঢ়ি তুলিব। আমি তেওঁলোকক যিধৰণে ডাঙৰ-ডাঙৰ-ডাঙৰ কৰিম সেয়াই দেশৰ ভৱিষ্যত নিৰ্ধাৰণ কৰিব।’

এই দিনটো “শিশু দিৱস ” হিচাপে পালন কৰাৰ প্ৰধান তাপয্য হ’ল- শিশুসকলৰ প্রতি থকা নেহেৰুৰ অকৃত্ৰিম ভালপোৱা আৰু আকাংক্ষা। নেহেৰুৱে কৈছিল ” আজিৰ শিশু কাইলৈ দেশৰ নাগৰিক। তেওঁলোকৰ সবতোপ্রকাৰে উন্নতিৰ কাৰণে আমি সদায় যত্ন পৰ হ’ব লাগে। শিশু সকলক নেহৰুৱে বাগিচাৰ ফুলৰ কলিৰ লগতো তুলনা কৰিছিল। সিহঁতক সম্পূৰ্ণৰূপে মৰম আৰু ভালপোৱাৰে ডাঙৰ হ’বলৈ দিয়া উচিত বুলি ও মন্তব্য কৰিছিল।

বলীউডৰ কেইবাখনো ছবিত বহুকেইটা স্মৰণীয় গীতৰ জৰিয়তে শৈশৱকালক প্ৰদৰ্শন কৰা হৈছে। ইয়াৰ ভিতৰত জনপ্ৰিয় পাঁচটা গীত হ’ল-

নন্না মুন্না ৰাহী হ্যু (1962)

এই দেশপ্ৰেমমূলক শিশুগীতটি 1962 চনত মুক্তিপ্ৰাপ্ত ছবি ‘Son Of India’ৰ ৷ ছবিখনে গোপাল নামৰ এটি শিশুৰ কাহিনী দৰ্শাই ৷ গোপালৰ দেশপ্ৰেমক প্ৰদৰ্শন কৰা এই গীতটি পৰিৱেশন কৰিছিল শান্তি মাথুৰে ৷ গীতটিৰ কথা আছিল চাকিল বাদায়ুনীৰ আৰু গীতটি ৰচনা কৰিছিল নৌচাদে ৷

বচ্ছে মন কে সচ্ছে (1968)

নীতি সিঙে ‘Suraj’(1966) ছবিখনৰ জৰিয়তে শিশু শিল্পী হিচাপে তেওঁৰ অভিনয় কেৰিয়াৰৰ পাতনি মেলিছিল ৷ ইয়াৰ দুবছৰ পিছতে তেওঁ ‘দো কলিয়া’ ছবিখনত গংগা-যমুনা নামৰ দুজনী যমজ ভগ্নীৰ চৰিত্ৰ ৰূপায়ণ কৰিছিল যিখন ছবিতে এই গীতটি আছিল ৷ লতা মংগেশকাৰে কন্ঠাদান কৰা এই গীতটি ৰচনা কৰিছিল চাহিৰ লুধিয়ানবীয়ে ৷

লকড়ী কী কাঠী (1983)

আন এক ঐতিহাসিক শিশু গীত হ’ল ‘Masoom’ (1983) ছবিখনৰ আৰ ডি বৰ্মনৰ ৰচিত ‘লকড়ী কী কাঠী’ গীতটো ৷ গতটোত অভিনয় কৰিছে নাছিৰুদ্দিন শ্বাহ, শ্বাবানা আজমী, জুগল হংসৰাজ, উৰ্মিলা মটোণ্ডকাৰ ৷গীতটি পৰিৱেশন কৰিছে ভনিতা মিশ্ৰা, গৌৰী বাপট, গুৰপ্ৰীত কৌৰ আৰু গীতটিৰ কথা আছিল গুলজাৰৰ ৷

‘ছট্টে বট্টে’ (2011)

ৰাষ্ট্ৰীয় বঁটাপ্ৰাপ্ত 2011 চনৰ ছবি ‘চিল্লৰ পাৰ্টী’ৰ এই গীতটি ৰচনা কৰিছিল অমিত ত্ৰিৱেদীয়ে ৷ গীতটিৰ কথা নীতেশ তিৱাৰী আৰু গীতটিত কন্ঠদান কৰিছে অৰমান মালিক, মোহিত চৌহান, গৌৰিকা ৰায় আৰু কেশৱ ৰায়ে ৷ এই ছবিখনে শিশুকেইটাৰ মাজৰ আৰু community dog ভীড়ুৰ মাজৰ বন্ধুক দৰ্শাইছে ৷

চন্দা হ্যে তু মেৰা সুৰয হ্যে তু (1969)

এছ ডি বৰ্মনে ৰচনা কৰা এই গীতটি ‘আৰাধনা’(1969) ছবিখনৰ ৷ গীতটিত কন্ঠদান কৰিছে লতা মংগেশকাৰে ৷ আনন্দ বক্সীয়ে বন্দনা আৰু তেওঁৰ পুত্ৰ সুৰজৰ মাজত এটা কোমল মুহূৰ্ত দেখুৱাইছে, এজন নৱজাতক আৰু কিশোৰ হিচাপে । চলচ্চিত্ৰখনত ৰাজেশ খান্নাই শৰ্মিলা ঠাকুৰৰ চৰিত্ৰ বন্দনাৰ স্বামী অৰুণৰ লগতে তেওঁৰ প্ৰাপ্তবয়স্ক পুত্ৰ সুৰজৰ দ্বৈত চৰিত্ৰত অভিনয় কৰিছে ।

 

 

 

তেজত হ্ৰাস পাইছে নেকি হিম’গ্লবিনৰ মাত্ৰা? এইসমূহ খাদ্যই দূৰ কৰিব চিন্তা
শীতকালত লাই শাক কিয় খাব লাগে ? ইয়াৰ উপকাৰিতা জানক
ব্যায়ামৰ আগতে এই পানীয় খালে দ্ৰুতগতিত চৰ্বি কমে, তেজৰ চুগাৰো নিয়ন্ত্ৰণত থাকে
জিভাত সোৱাদ লগাৰ বাবেই অতিমাত্ৰা ড্ৰাই ফ্ৰুটছ খায় নেকি? সাৱধান, হ’ব পাৰে এনে সমস্যা
বুকুত মুখ্যমন্ত্ৰীৰ ছবি আঁকিলে অনুৰাগীয়ে...
শ্বহীদ স্মাৰকত নৃত্য কৰি ভাইৰেল যুৱতী...
বাজপেয়ী ভৱনত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থৰ শ্ৰদ্ধাঞ্জলি
কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থ সন্দৰ্ভত মন্তব্য বিজয়া চক্ৰৱৰ্তীৰ