Children’s Day 2025 Wishes: এনেদৰে প্ৰতিগৰাকী শিশুলৈ প্ৰেৰণ কৰক ‘শিশু দিৱস’ৰ শুভকামনা…

Children's Day Wishes in Assamese: প্ৰতি বছৰে ১৪ নৱেম্বৰত দেশৰ প্ৰথম প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৰ জন্মদিন শিশু দিৱস হিচাপে পালন কৰা হয়। এইদৰে শিশু দিৱসৰ শুভেচ্ছা, উক্তি, WhatsApp, Facebook, আৰু Instagram ত শ্বেয়াৰ কৰিব পাৰে।

Childrens Day 2025 Wishes: এনেদৰে প্ৰতিগৰাকী শিশুলৈ প্ৰেৰণ কৰক শিশু দিৱসৰ শুভকামনা...

শিশু দিৱসৰ শুভেচ্ছা

Published: 

13 Nov 2025 | 06:00 PM

Children’s Day 2025: প্ৰতি বছৰে ১৪ নৱেম্বৰত সমগ্ৰ দেশতে শিশু দিৱস অতি উৎসাহ আৰু মৰমেৰে পালন কৰা হয়। এই দিনটোত দেশৰ প্ৰথম প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৰ জন্ম বাৰ্ষিকী। ইয়াৰ পূৰ্বে ২০ নৱেম্বৰত শিশু দিৱস পালন কৰা হৈছিল। কিন্তু ১৯৬৭ চনত নেহৰুৰ মৃত্যুৰ পিছত সংসদত তেওঁৰ জন্মদিনটো শিশু দিৱস হিচাপে পালন কৰাৰ প্ৰস্তাৱ দিয়া হয়। শিশুৰ প্ৰতি নেহৰুৰ বিশেষ মৰম আছিল আৰু তেওঁৰ বিশ্বাস আছিল যে শিশুৱেই দেশৰ ভৱিষ্যত, আৰু তেওঁলোকৰ শিক্ষা আৰু স্বাস্থ্যৰ প্ৰতি বিশেষ গুৰুত্ব দিয়া উচিত।

এইদৰে শিশু দিৱস কেৱল উদযাপন নহয়, শিশুৰ ভৱিষ্যত আৰু তেওঁলোকৰ শিক্ষাৰ প্ৰতি সজাগতা বৃদ্ধিৰ দিন। এই দিনটোক আৰু অধিক বিশেষ কৰি তুলিবলৈ আপুনি ইনষ্টাগ্ৰাম, হোৱাটছএপ, আৰু ফেচবুকত শিশু দিৱসৰ শুভেচ্ছা, উক্তি শ্বেয়াৰ কৰিব পাৰে। ইয়াত কিছুমান উত্তম উক্তি আৰু শুভেচ্ছা আগবঢ়োৱা হ’ল।

শিশু দিৱসৰ শুভকামনা

  1. চৰম দুখৰ মাজতো কেৱল শিশুৱেহে আমাৰ মুখলৈ হাঁহি আনিব পাৰে। গতিকে শিশুক কেতিয়াও অৱহেলা কৰা উচিত নহয়। শিশু দিৱসৰ শুভেচ্ছা জনালোঁ
  2. প্ৰতিটো শিশুৰ মন ফুলৰ কলিৰ দৰে। যাৰ সঠিক যত্ন লৈ এখন সুন্দৰ পৃথিৱীৰ সৃষ্টি কৰিব পাৰে। শিশু দিৱসৰ শুভেচ্ছা জনালোঁ
  3. শিশুসকল উদীয়মান তাৰকা, যিমানেই অনুপ্ৰাণিত কৰিব সিমানেই শিকিব। Happy Children’s Day
  4. শিশুসকল কাইলৈৰ নাগৰিক আৰু জাতিৰ ভৱিষ্যত। উপযুক্ত শিক্ষাৰ জৰিয়তেহে এখন উন্নত সমাজ গঢ়ি তুলিব পাৰি।
  5. আজিৰ শিশু কাইলৈৰ দেশৰ ভৱিষ্যত। আহক আমি এই পৃথিৱীখনক শিশুৰ বাবে এক নিৰাপদ আৰু উপভোগ্য ঠাই হিচাপে গঢ়ি তোলোঁ। শিশু দিৱসৰ শুভেচ্ছা জনালোঁ
  6. শিশু হৈছে মাটিৰ দৰে। যাক আপুনি বিচৰা ধৰণে গঢ়ি তুলিব পাৰে। শিশু দিৱসৰ শুভেচ্ছা জনালোঁ
  7. প্রতিটো শিশুৱেই বিশেষ। প্ৰতিটো শিশুৰ মাজতেই আছে এটা জাতিৰ সম্ভাৱনা। ‘শিশু দিৱস’ৰ শুভ ক্ষণত দেশৰ ভৱিষ্যত প্রতিগৰাকী শিশুকে অযুত মৰম আৰু শুভেচ্ছা জনাইছোঁ।
  8. প্ৰতিগৰাকী শিশুৱেই আমাৰ বাবে বিশেষ, মৰমৰ আৰু মূল্যৱান। তেওঁলোক সদায় ভালে থাকক।
  9. সূৰ্য অবিহনে পৃথিৱীখন যেনেকৈ অন্ধকাৰ, তেনেকৈয়ে সন্তানবিহীন গোটেই পৃথিৱীখনো অন্ধকাৰ। শিশু দিৱসৰ শুভেচ্ছা।
  10. জীৱনৰ প্ৰকৃত আনন্দ শিশুৰ চকুত জিলিকি উঠে। শিশু দিৱসৰ শুভকামনা।
ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...