Happy Children’s Day 2025: এনেদৰে দিয়ক ‘শিশু দিৱস’ৰ শুভেচ্ছা, জানক মহত্ব…

এই বিশেষ দিনটোত কণমানি ল’ৰা-ছোৱালীক আদৰণি জনোৱা হয়। ইয়াৰ সমান্তৰালকৈ শুভেচ্ছাৰ যোগেদি তেওঁলোকৰ সমনীয়াৰ মাজলৈ দিনটোৰ মহত্ব প্ৰকাশ কৰিব পাৰি। আমাৰ প্ৰতিবেদনত এনে কিছুমান শুভেচ্ছা সন্নিবিষ্ট কৰা হৈছে।

Happy Childrens Day 2025: এনেদৰে দিয়ক শিশু দিৱসৰ শুভেচ্ছা, জানক মহত্ব...

শিশু দিৱসৰ শুভেচ্ছা

Published: 

12 Nov 2025 17:39 PM

পণ্ডিত জৱাহৰলাল নেহৰু শিশুৰ মাজত ‘খুড়া হিচাপে জনপ্ৰিয় আছিল। ১৪ নৱেম্বৰত তেওঁক শ্ৰদ্ধাঞ্জলি জনাই শিশু দিৱস উদযাপন কৰা হয়। মৃত্যুৰ আগলৈকে শিশুৰ বাবে এই বিশেষ দিনটো ২০ তাৰিখে পালন কৰা হৈছিল। এই দিনটোত সমগ্ৰ দেশৰ বিদ্যালয়সমূহত বিভিন্ন সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়। একে সময়তে দেশৰ প্ৰথমজন প্ৰধানমন্ত্ৰীক জন্মদিনৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। মূলতঃ শিশুৰ মৌলিক অধিকাৰ সুনিশ্চিত কৰিবলৈ এই দিৱস পালন কৰা হয়।

এই বিশেষ দিনটোত কণমানি ল’ৰা-ছোৱালীক আদৰণি জনোৱা হয়। ইয়াৰ সমান্তৰালকৈ শুভেচ্ছাৰ যোগেদি তেওঁলোকৰ সমনীয়াৰ মাজলৈ দিনটোৰ মহত্ব প্ৰকাশ কৰিব পাৰি। আমাৰ প্ৰতিবেদনত এনে কিছুমান শুভেচ্ছা সন্নিবিষ্ট কৰা হৈছে। বিভিন্ন ছ’চিয়েল মিডিয়া আৰু মেছেজিং এপৰ ​​জৰিয়তে সৰু শিশুসকলক আৰু তেওঁলোকৰ পৰিয়াললৈ বাৰ্তা প্ৰেৰণ কৰিব পাৰিব।

শিশু দিৱসৰ শুভেচ্ছা

  1. শিশুসকল ফুলৰ সৰু সৰু কলিৰ দৰে। যত্ন ল’লে বৃদ্ধি হয় আৰু চাৰিওফালে সুগন্ধি বিয়পাই দিয়ে। শিশু দিৱসৰ শুভেচ্ছা…
  2. সঠিক প্ৰেৰণাই শিশুক জীৱনৰ পথত আগবাঢ়ি যোৱাত সহায় কৰে। শিশু দিৱসত মৰমৰ শিশুসকলৰ শুভকামনা জনালো।
  3. ‘আজিৰ শিশু কাইলৈ দেশৰ ভৱিষ্যত’। আজিৰ এই বিশেষ দিনটোত শিশুসকললৈ শিশু দিৱসৰ শুভেচ্ছা জনালো।
  4. প্ৰতিটো শিশুৰে সুস্বাস্থ্য আৰু সু-শিক্ষাৰ অধিকাৰ আছে। শিশু দিৱসৰ দিনটো তেওঁলোকৰ অধিকাৰ সুনিশ্চিত কৰাৰ প্ৰতিশ্ৰুতি লও আহক।
  5. শিশু দিৱস উপলক্ষে শিশুসকলকলৈ মৰম, শুভেচ্ছা, আশীৰ্বাদ জ্ঞাপন কৰিলোঁ।
  6. শিশুসকল আমাৰ দেশৰ ভৱিষ্যতৰ বাহক। তেওঁক উন্নতি কামনা কৰিছোঁ।
  7. শিশু হৈছে আটাইতকৈ সুন্দৰ আৰু মূল্যৱান সম্পদ। প্ৰতিগৰাকীয়ে শিশুৱে নিজৰ ভৱিষ্যতৰ গঢ়ি তোলাত সফল হওক। শিশু দিৱসৰ বহুত বহুত শুভেচ্ছা।
  8. প্ৰতিগৰাকী শিশুৰ জীৱন হাঁহি, আনন্দ, সমৃদ্ধিৰে ভৰি পৰক। শিশু দিৱৰ শুভেচ্ছা থাকিল।
  9. মনে বিচৰা ধৰণে আগুৱাই যোৱা, নিজৰ লগতে পিতৃ মাতৃৰ নাম জিলিকাই তোলা, সকলো শিশুলৈ শিশু দিৱসৰ বহুত শুভেচ্ছা।
  10. বিশেষ দিনটোত সকলো শিশুলৈ শিশু দিৱসৰ শুভেচ্ছা। প্ৰতিগৰাকী শিশুৰ সুন্দৰ ভৱিষ্যতৰ কামনা কৰিছোঁ।

লগতে পঢ়ক: শিশুসকলৰ বাবে ‘শিশু দিৱস’ৰ প্ৰেৰণাদায়ক ভাষণ, জানক তাৎপৰ্য…

বৃক্ক বিকলৰ পূৰ্বে নিশা দেখা দিয়ে এইসমূহ লক্ষণ! জানক সকলো...
কলেষ্টেৰল নিয়ন্ত্ৰণ ৰাখিবলৈ খাওক এইসমূহ শাক-পাচলি...
কলৰ সৈতে জালুক মিহলাই খালে কি হ’ব? জানক...
উচ্চ ৰক্তচাপৰ সমস্যা হ'লে কি কৰিব ? নিয়ন্ত্ৰণৰ বাবে ৭ টা পৰামৰ্শ