মহে কামোৰাৰ ফলত হোৱা চিকুংগুনিয়াৰ লক্ষণসমূহ কি কি জানেনে? জানক বিশেষজ্ঞৰ পৰা…

চিকুংগুনিয়া মহৰ দ্বাৰা হোৱা এবিধ ৰোগ। এই ৰোগ হ'লে মানুহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল হৈ পৰে। যেতিয়া এই ৰোগ হয় কিছুমান লক্ষণে দেখা দিয়ে। ইয়াৰ বিষয়ে জনা দৰকাৰ।

মহে কামোৰাৰ ফলত হোৱা চিকুংগুনিয়াৰ লক্ষণসমূহ কি কি জানেনে? জানক বিশেষজ্ঞৰ পৰা...

মহ

Published: 

26 Jul 2025 | 04:00 PM

প্ৰায় ২০ বছৰৰ পাছত চিকুংগুনিয়া (chikungunya)ৰ প্ৰভাৱ আকৌ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। এই সন্দৰ্ভত বিশ্ব স্বাস্থ্য সংস্থাই এক সতৰ্কবাণী জাৰি কৰিছে। চিকুংগুনিয়া এনে এক ৰোগ যাৰ বিষয়ে মানুহে বিশেষ নাজানে, কিন্তু এতিয়ালৈকে ১১৯খন দেশত এই ৰোগ ধৰা পৰিছে, ই প্ৰায় ৫.৬ বিলিয়ন লোকক বিপদত পেলাইছে। বিশেষজ্ঞসকলে কয় যে ২০ বছৰ পূৰ্বে ভাইৰাছত যি মিউটেচন দেখা গৈছিল, সেই একেবোৰ মিউটেচন পুনৰ আবিৰ্ভাৱ হৈছে।

ভাৰতত বাবে কিমান বিপদ?

জনস্বাস্থ্য বিশেষজ্ঞ ডাঃ সমীৰ ভাটিয়ে কয় যে ভাৰতত বাৰিষাত সাধাৰণতে মহৰ দ্বাৰা সংক্ৰমিত ৰোগ দেখা যায় আৰু ইয়ে হৈছে চিকুংগুনিয়া বিয়পি পৰাৰ আটাইতকৈ ডাঙৰ কাৰণ। ভাৰতত চিকুংগুনিয়াৰ বিশেষ আশংকা নাই যদিও সাৱধান হোৱা প্ৰয়োজন।

ডাঃ ভাটিয়ে কয় যে দিনত অধিক সক্ৰিয় হোৱা Aedes aegypti আৰু Aedes albopictus মহৰ কামোৰৰ ফলত চিকুংগুনিয়া ৰোগ বিয়পে। সংক্ৰমিত মহে যেতিয়া কোনো ব্যক্তিক কামোৰে তেতিয়া এই ভাইৰাছ তেওঁৰ তেজত প্ৰৱেশ কৰি শৰীৰত দ্ৰুতগতিত বিয়পি পৰে। ইয়াৰ প্ৰভাৱ শৰীৰৰ গাঁঠি, পেশী আৰু স্নায়ুত বেছিকৈ হয়, যাৰ বাবে ৰোগীয়ে তীব্ৰ বিষ আৰু দুৰ্বলতাৰ সন্মুখীন হ’বলগীয়া হয়।

লক্ষণসমূহ কি

চিকুংগুনিয়াৰ লক্ষণ হঠাতে আৰু দ্ৰুতগতিত দেখা দিয়ে। ইয়াৰ ইনকিউবেচন পিৰিয়ড ২ৰ পৰা ৭ দিন, অৰ্থাৎ ভাইৰাছৰ সংক্ৰমণৰ কেইদিনমান পিছত লক্ষণ দেখা দিবলৈ আৰম্ভ কৰে। লক্ষণসমূহ-

  • উচ্চ জ্বৰ,
  • গাঁঠিৰ তীব্ৰ বিষ
  • পেশীৰ ক্ৰেম্প
  • বিষত কেতিয়াবা ৰোগীয়ে লৰচৰ কৰাত অসুবিধা পায়
  • ই সপ্তাহৰ পৰা মাহলৈকে থাকিব পাৰে।
  • মূৰৰ বিষ, ভাগৰুৱা,
  • ঠাণ্ডা,
  • বমি,
  • গোটেই শৰীৰত ৰঙা ফোহা ওলাব পাৰে।
  • চকুৰ বিষ আৰু ফুলা।
  • বহু ক্ষেত্ৰত ডেংগুৰ দৰে লক্ষণ দেখা দিয়ে,আদি

পৰিত্ৰাণৰ উপায়

  • ঘৰৰ ভিতৰত আৰু আশে-পাশে পানী জমা হ’বলৈ নিদিব।
  • শৰীৰ ঢাকিব পৰা কাপোৰ পিন্ধক।
  • মহ খেদা সামগ্ৰী ব্যৱহাৰ কৰক।
  • ঘৰৰ দুৱাৰ-খিৰিকীত মহৰ জাল  লগাওক।
  • জ্বৰ বা আন লক্ষণ দেখা পালে লগে লগে চিকিৎসকৰ লগত যোগাযোগ কৰক।

 

অন্য খবৰ পঢ়কঃ পানী উতলাই খালে সকলো বেক্টেৰিয়া নোহোৱা হৈ যায় নেকি? জানক বিশেষজ্ঞৰ পৰা…

দেহত দেখিছে নেকি এনে লক্ষণ? সাৱধান, নীৰৱে বাঢ়িব পাৰে ইউৰিক এচিড
গুপ্তাংগৰ অত্যন্ত গোন্ধ ওলাই নেকি… এয়া কি ৰোগৰ লক্ষণ?
ডাকঘৰৰ এই আঁচনিসমূহে দিব আপোনাক যথেষ্ঠ লাভ, জানক ক'ত কেনেকৈ কৰিব জমা
শীতকালত পেটৰ সুস্বাস্থ্য বজাই ৰাখিবলৈ খাওক এইবোৰ খাদ্য...
এজাহাৰ দাখিলৰ পাছতে গ্ৰেপ্তাৰ বিতৰ্কিত শিখা শৰ্মাক
পাৰ্থ সাৰথি মহন্তলৈ ডি. লিট সন্মান
মুম্বাই বিমান বন্দৰত দেখা গ'ল বিৰাট কোহলিক...
এলিভেটেড ক'ৰিডৰৰ বিৰোধিতা গৌৰৱ গগৈৰ...