কিমান দিনলৈ কেঁচা মাংস ফ্ৰীজত ৰাখিব পাৰি? কেতিয়া বেয়া হ’বলৈ আৰম্ভ কৰে, জানক…

Chicken in Fridge: বহু মানুহে ফ্ৰীজত বস্তু থৈ দিয়ে। বহু সময়ৰ বাবে যাতে বস্তু সতেজ হৈ থাকে তাৰবাবে ফ্ৰীজত বস্তু থৈ দিয়া হয়। বহুতে মাছ-মাংস আদিও ফ্ৰীজত থৈ দিয়ে। গতিকে প্ৰশ্ন হয়, কিমান দিনলৈ কেঁচা মাংস ফ্ৰীজত ৰাখিব পাৰি?

কিমান দিনলৈ কেঁচা মাংস ফ্ৰীজত ৰাখিব পাৰি? কেতিয়া বেয়া হবলৈ আৰম্ভ কৰে, জানক...

চিকেন

Published: 

06 Oct 2025 | 01:38 PM

ফ্ৰীজত মানুহে বহু বস্তু জমা কৰি ৰাখে। কিয়নো দীৰ্ঘসময়ৰ বাবে ফ্ৰীজত বস্তু সতেজ হৈ থাকে। বহু লোকে শাক-পাচলিৰ পৰা আৰম্ভ কৰি মাছ-মাংস পৰ্যন্ত ফ্ৰীজত ৰাখে। অৱশ্যে দীৰ্ঘসময় ধৰি ফ্ৰীজত বস্তু ৰখা ভাল নহয়। গতিকে প্ৰশ্ন হয়, কিমান দিন ফ্ৰীজত চিকেন বা কেঁচা মুৰ্গী মাংস ৰাখিলে ভালে থাকে? কেতিয়ালৈ ই সতেজ হৈ থাকে?

ফ্ৰীজত কেঁচা মাংস

কিছুমান বস্তুত অতি সোনকালে বেক্টেৰিয়া সৃষ্টি হয়, যাৰ ফলত সোনকালে নষ্ট হৈ পৰে। ইয়াৰ ভিতৰত কেঁচা মুৰ্গী মাংস বা আন আমিষ খাদ্যও অন্তৰ্ভুক্ত। যদি আমিষ খাদ্য এনেকৈ কেইবাঘন্টা ৰখা হয়, তাৰ পৰা বেয়া গোন্ধ ওলায়। যাৰ বাবে সোনকালে নষ্ট নহ’বলৈ এইসমূহ ফ্ৰীজত ৰখা হয়।

ফ্ৰীজত কিমান দিন

কেঁচা চিকেন বা মুৰ্গী মাংস আপুনি ২-৩ দিনলৈ ফ্ৰীজত ৰাখিব পাৰে। ইয়াৰ পাছত এই মাংসত বেক্টেৰিয়া জমা হ’বলৈ আৰম্ভ কৰাৰ আংশকা থাকে। ইয়াৰ বাবে কিছুমান কথাত বিশেষ গুৰুত্ব দিয়া উচিত। যাৰ ফলত সোনকালে চিকেন বেয়া নহয়।

কি কথাত মন দিব

  • ফ্ৰীজত চিকেন ৰখাৰ আগতে ভালদৰে ধুই লওক, চাব যাতে তেজ অলপো লাগি নাথাকে।
  • ফ্ৰীজত ৰখাৰ পূৰ্বে চিকেন ভালদৰে শুকাই লওক।
  • ইয়াক এয়াৰ টাইট কন্টেনৰত ৰাখিব।
  • সদায় কম উষ্ণতাত ফ্ৰীজত চিকেন ৰাখিব লাগে। যিমানেই উষ্ণতা কম হয় সিমানেই সুৰক্ষিত।
  • যদি আপুনি ১ সপ্তাহ ফ্ৰীজত চিকেন ৰাখিব বিচাৰে তেন্তে আপুনি চিকেনত হালধী আৰু নিমখ লগাই ৰাখিব।

ইয়াৰ বিপৰীতে বনোৱা চিকেন আপুনি ৩-৪ দিন পৰ্যন্ত ফ্ৰীজত ৰাখিব পাৰে। ইয়াতকৈও বেছি দিন ৰাখিলে নষ্ট হৈ পৰিব পাৰে। গতিকে ফ্ৰীজত কেঁচা মাংস ৰখাৰ ক্ষেত্ৰত এই দিশসমূহৰ ওপৰত গুৰুত্ব দিব লাগে।

 

অন্য খবৰ পঢ়কঃ শৰীৰৰ পৰা দুৰ্গন্ধ ওলাই নেকি? হ’ব পাৰে এইসমূহ ৰোগৰ সংকেত, জানক বিশেষজ্ঞৰ পৰা…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...