Chandipura Virus :সাৱধান! চণ্ডীপুৰা ভাইৰাছে ক্ষতি কৰিব পাৰে আপোনাৰ মগজুৰ…

এই ভাইৰাছটো প্ৰথমে নাগপুৰ জিলাৰ চণ্ডীপুৰা গাঁৱত চিনাক্ত কৰা হৈছিল। তেতিয়াৰ পৰা এই ভাইৰাছৰ নাম চণ্ডীপুৰা। প্ৰথম অৱস্থাত ইয়াৰ লক্ষণসমূহ জ্বৰৰ দৰে হয় যদিও লাহে লাহে এই ভাইৰাছে মগজুৰ ক্ষতি কৰিবলৈ আৰম্ভ কৰে। যাৰ ফলত মৃত্যু হয়।

Chandipura Virus :সাৱধান! চণ্ডীপুৰা ভাইৰাছে ক্ষতি কৰিব পাৰে আপোনাৰ মগজুৰ...

ভাইৰাছ

Published: 

16 Jul 2024 11:45 AM

দেশত চণ্ডীপুৰা ভাইৰাছত আক্ৰান্ত ৰোগীৰ সংখ্যা যথেষ্ঠ বৃদ্ধি পাইছে। এই ভাইৰাছত আক্ৰান্ত হোৱাৰ ফলত বহু শিশুৰ মৃত্যুও হৈছে। গুজৰাটৰ পাছত ৰাজস্থানতো মানৱ শৰীৰত এই ভাইৰাছৰ অৱস্থিতি পোৱা গৈছে। বিশেষজ্ঞসকলে জানিব দিয়া মতে এই ভাইৰাছ মানৱ দেহৰ বাবে বিপদজনক। ই মগজুৰ ক্ষতি কৰে। যদি সময়মতে ৰোগীৰ চিকিৎসা কৰা নহয় তেন্তে মৃত্যুও হ’ব পাৰে। এতিয়ালৈকে এই ভাইৰাছৰ কোনো ভেকচিন ওলোৱা নাই। যাৰ বাবে ইয়াক বিপদজনক বুলি ধৰা হয়।

বিশেষকৈ শিশুসকল এই ভাইৰাছত আক্ৰান্ত হয়। দুখন ৰাজ্যৰ শিশুৰ দেহত এই ভাইৰাছৰ অৱস্থিতি ধৰা পৰাৰ পাছতেই এতিয়া অন্য ৰাজ্যলৈও এই ভাইৰাছ বিয়পাৰ আশংকাই দেখা দিছে। এই ক্ষেত্ৰত বিশেষজ্ঞ সকলে সাৱধানতা অৱলম্বন কৰিবলৈ পৰামৰ্শ দিছে।

চণ্ডীপুৰা ভাইৰাছ কি

আৰ এম এল হাস্পতালৰ ডাঃ অংকিত কুমাৰে কয় যে চণ্ডীপুৰা ভাইৰাছ হৈছে ৰেবডোভিৰিডেৰ এটা আৰ এন এ ভাইৰাছ। ইয়াৰ বাবেই শিশু এনকেফেলাইটিছৰ স্বীকাৰ হ’ব পাৰে। এই ভাইৰাছটো অতি পুৰণি আৰু ইয়াৰ ৰোগী দেশত ১৯৬৫ চনত প্ৰথমবাৰৰ বাবে পোহৰলৈ আহিছিল। এই ভাইৰাছত সাধাৰণতে ২ মহীয়া শিশুৰ পৰা ১৫ বছৰীয়া কিশোৰ আক্ৰান্ত হয়। ইয়াৰ লক্ষণসমূহ সাধাৰণতে ইনফ্লুৱেঞ্জাৰ দৰে হয় যদিও এই ৰোগত অটোইম্যুন এনকেফেলাইটিছৰো সৃষ্টি হয়। এনে পৰিস্থিতিত মৃত্যুৰ হাৰ ৫০ৰ পৰা ৭০ শতাংশ। অৰ্থাৎ যদি এই ভাইৰাছে মগজুত প্ৰভাৱ পেলায় তেন্তে ১০০ টা শিশুৰ ভিতৰত ৫০ৰ পৰা ৭০ টা শিশুৰ মৃত্যু হ’ব পাৰে।

এই ভাইৰাছ মাখি, পোক-পৰুৱা আৰু মহ আদিত হয়। যদি এই পোকবোৰে  শিশুক কামোৰে তেন্তে ই সংক্ৰমণৰ সৃষ্টি কৰে। কিন্তু এই সংক্ৰমণৰ আন কিছুমান কাৰণো থাকিব পাৰে।

এই ভাইৰাছটো প্ৰথমে নাগপুৰ জিলাৰ চণ্ডীপুৰা গাঁৱত চিনাক্ত কৰা হৈছিল। তেতিয়াৰ পৰা এই ভাইৰাছৰ নাম চণ্ডীপুৰা। প্ৰথম অৱস্থাত ইয়াৰ লক্ষণসমূহ জ্বৰৰ দৰে হয় যদিও লাহে লাহে এই ভাইৰাছে মগজুৰ ক্ষতি কৰিবলৈ আৰম্ভ কৰে। যাৰ ফলত মৃত্যু হয়। চণ্ডীপুৰা প্ৰতিৰোধৰ বাবে কোনো ভেকচিন এতিয়ালৈকে ওলোৱা নাই। এই ভাইৰাছ ৰোগীৰ দেহত সোনকালে চিনাক্ত কৰিব পাৰিলে ভাল। নহলে পাছলৈ সমস্যা অধিক বৃদ্ধি হয়।

বিশেষজ্ঞই কয় যে, এই ভাইৰাছৰ পৰা বাছি থাকিবলৈ সদায় চাফ- চিকুনকৈ থাকিব লাগে। মহ, মাখি, পোক- পৰুৱা আদিয়ে যাকে নাকামোৰে তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগে। বিশেষকৈ শিশুসকলৰ ক্ষেত্ৰত অত্য়াধিক সাৱধানতা অৱলম্বন কৰা দৰকাৰ।

 

 

মৰ্ণিং ৱাক কৰেনে আপুনি? খালী ভৰিৰে পুৱা খোজ কাঢ়িলে পাব এনে উপকাৰিতা
Janmashtami 2025: জন্মাষ্টমীত বিৰল সংযোগ, ভক্তৰ প্ৰতিটো ইচ্ছা হ’ব পূৰণ!
Types of Condoms: কণ্ডম কেইপ্ৰকাৰৰ আপুনি জানেনে?
অৱশেষত অন্ত পৰিল দীৰ্ঘ প্ৰতীক্ষাৰ! ২২১ দিনৰ অন্তত ভাৰতীয় দলে দেখিলে এনে সফলতাৰ মুখ