শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

শত্ৰুতকৈও ভয়াৱহ আপোনাৰ আশে-পাশে থকা বন্ধুৰূপী এইসকল লোক, চাণক্যই দি গৈছে সকীয়নি

চাণক্যৰ মতে, মানুহৰ প্ৰকৃত শত্ৰুৰ তুলনাত ঘনিষ্ঠ লোকৰ বাবেই জীৱনত অধিক বিপদৰ সন্মুখীন হ’বলগীয়া হয়। প্ৰয়োজন হ’লে তেওঁলোকৰ পৰা দূৰত্ব বজাই ৰখাটো আৰু অধিক গুৰুত্বপূৰ্ণ বুলিও তেওঁ কৈ গৈছে। জানো আহক এই বিষয়ে।

শত্ৰুতকৈও ভয়াৱহ আপোনাৰ আশে-পাশে থকা বন্ধুৰূপী এইসকল লোক, চাণক্যই দি গৈছে সকীয়নি
আচাৰ্য চাণক্যৰ পৰামৰ্শImage Credit source: TV9 Network
monjit-dutta
Monjit Dutta | Published: 25 Sep 2025 15:41 PM

প্ৰাচীন ভাৰতীয় দাৰ্শনিক আচাৰ্য চাণক্যই ব্যক্তিৰ দৈনন্দিন জীৱনৰ সৈতে সংপৃক্ত বহু দিশৰ ওপৰত মতামত আগবঢ়াই গৈছে। তেওঁৰ এনে মতামতসমূহ আজিৰ সময়তো প্ৰাসঙ্গিক হৈ আছে। তেওঁৰ দ্বাৰা ৰচিত ‘চানাক্যনীতি’ গ্ৰন্থত মানৱ জীৱন, সামাজিক ব্যৱস্থা আৰু সঠিক পথৰ বিভিন্ন দিশৰ ওপৰত আলোকপাত কৰা হৈছে। জীৱনত সফলতা আৰু শান্তিৰ বাবে তেওঁ বহু মূল্যৱান উপদেশ এই গ্ৰন্থযোগে দি থৈ গৈছে। আচাৰ্য চাণক্যই আন দিশসমূহৰ লগতে মানুহক চিনাক্তকৰণৰো বহু বাখ্যা আগবঢ়াইছিল।

চাণক্যৰ মতে, মানুহৰ প্ৰকৃত শত্ৰুৰ তুলনাত ঘনিষ্ঠ লোকৰ বাবেই জীৱনত অধিক বিপদৰ সন্মুখীন হ’বলগীয়া হয়। তেওঁ স্পষ্টকৈ কয় যে কিছুমান মানুহ বন্ধুৰ বেশত শত্ৰুতকৈ অধিক ভয়ংকৰ ক্ষতি কৰিব পাৰে। সেয়ে সঠিক সময়ত চিনাক্ত কৰিব লাগে। প্ৰয়োজন হ’লে তেওঁলোকৰ পৰা দূৰত্ব বজাই ৰখাটো আৰু অধিক গুৰুত্বপূৰ্ণ বুলিও তেওঁ কৈ গৈছে। জানো আহক এই বিষয়ে-

১/ স্বাৰ্থপৰ মানুহ

চাণক্যৰ মতে আটাইতকৈ বিপদজনক মানুহ হ’ল স্বাৰ্থপৰ লোক। এনে লোকে নিজৰ কেৱল নিজৰ লাভৰ বাবে আনক ব্যৱহাৰ কৰে। নিজৰ কাম সম্পূৰ্ণ হোৱাৰ পিছত তেওঁলোকে সম্পৰ্কৰ কোনো মূল্য নাৰাখে। এনে মানুহক কেতিয়াও বিশ্বাস কৰা উচিত নহয়, কাৰণ প্ৰয়োজন হ’লে যিকোনো ব্যক্তিক ব্যৱহাৰ কৰি পেলাব পাৰে।

২/ মূৰ্খ মানুহ

যিসকলে ভাল আৰু বেয়াৰ পাৰ্থক্য বুজি নাপায় বা বিবেচনা কৰিব নোৱাৰে তেওঁলোকৰ লগত সম্পৰ্ক গঢ়ি তোলাটো সদায়ে বিপদজনক। তেওঁলোকে ভুল সিদ্ধান্তৰ জৰিয়তে লগত থকা লোকসকলকো বিপদত পেলায়। সেয়ে চাণক্যই মূৰ্খ মানুহৰ পৰা আঁতৰি থাকিবলৈ উপদেশ দিয়ে।

৩/ হতাশ বা দুখী মানুহ

যিসকল লোকে সদায় মন বেয়া কৰি থাকে, দুখী বা হতাশ হৈ থাকে, তেওঁলোকৰ লগত বেছি সময় কটালে জীৱনৰ অগ্ৰগতি ৰুদ্ধ হয়। নেতিবাচক চিন্তাই ক্ৰমান্বয়ে চৌপাশৰ মানুহকো প্ৰভাৱিত কৰে আৰু জীৱনত সমস্যা বৃদ্ধি কৰে।

৪/ বেয়া স্বভাৱৰ মানুহ

যিসকলৰ মানসিক অৱস্থা অস্থিৰ, খঙাল আৰু নিমিষতে তেওঁলোকৰ আচৰণ সলনি হয়, তেওঁলোক প্ৰায়ে শত্ৰুৰ তুলনাত অধিক বিপদজনক হৈ পৰিব পাৰে। তেওঁলোকৰ অযুক্তিকৰ খং বা হিংসাত্মক আচৰণে আনৰ বহু ক্ষতি কৰিব পাৰে।

আচাৰ্য চাণক্যই দিয়া সতৰ্কবাণী মানুহ চিনাক্ত কৰাত সদায়ে প্ৰাসঙ্গিক হৈ আছে। দৈনন্দিন জীৱনত আমি প্ৰতিদিনে বিভিন্ন ধৰণৰ মানুহৰ সংস্পৰ্শলৈ আহিছো। কিন্তু আমি যদি কাৰ লগত বন্ধুত্ব কৰিব লাগে আৰু কাৰ পৰা আঁতৰি থাকিব লাগে সেয়া চিনাক্ত কৰিব পাৰোঁ, তেতিয়া জীৱনত বহু অসুবিধাৰ পৰা আঁতৰি থকাটো সম্ভৱপৰ হয়।