Chanakya Niti: এই ৩ উপায়ৰ দ্বাৰা উপাৰ্জন কৰা ধন কাৰো হাতত নাথাকে! মানুহ হৈ পৰে দৰিদ্ৰ…

Chanakya niti: আচাৰ্য চাণক্যই মানুহক বিভিন্ন ধৰণৰ উপায় দি গৈছে। চাণক্যৰ মতে, কিছুমান উপায়ৰ দ্বাৰা উপাৰ্জন কৰা ধন মানুহৰ হাতত নাথাকে। ইয়ে মানুহৰ ক্ৰমান্বয়ে দৰিদ্ৰ কৰে।

Chanakya Niti: এই ৩ উপায়ৰ দ্বাৰা উপাৰ্জন কৰা ধন কাৰো হাতত নাথাকে! মানুহ হৈ পৰে দৰিদ্ৰ...

চাণক্য নীতি

Updated On: 

09 Oct 2025 11:07 AM

কোনে নিবিচাৰে ধনী হ’ব! প্ৰায় সকলো ব্যক্তিয়ে বহু টকা উপাৰ্জন কৰি ধনী হ’ব বিচাৰে। ইয়াৰ বাবে কিছুমানে কঠোৰ পৰিশ্ৰম কৰে আৰু কিছুমানে চৰ্টকাট পদ্ধতি গ্ৰহণৰ চেষ্টা কৰে। কিন্তু আচাৰ্য চাণক্যই কিছুমান এনে পদ্ধতিৰ কথা কৈছে যাৰ দ্বাৰা ধন উপাৰ্জন কৰিলে সেই ধন স্থায়ী নহয়।

আজিকালি মানুহৰ যিমানেই টকা নাথাকক কিয়, আৰু অধিক ধনী হ’ব বিচাৰে। মানুহে টকা উপাৰ্জন কৰিবলৈ বিভিন্ন উপায় অনুসৰণ কৰে। আচাৰ্য চাণক্যই কৈছে যে কেৱল টকা উপাৰ্জন কৰাই নহয়, সঠিকভাৱে উপাৰ্জন কৰাটোও অতি প্ৰয়োজনীয়।

কিছুমান মানুহে অস্থায়ী ধন-সম্পত্তিৰ লোভত ভুল উপায়েৰে ধন উপাৰ্জন কৰে। কিন্তু এয়া উচিত নহয়। চাণক্যই তেওঁৰ নীতিত বহু কথা কৈ গৈছে। তাৰ ভিতৰত ধনৰ ওপৰতো তেওঁ বহু মন্তব্য কৰি গৈছে। তেওঁৰ মতে, “অন্যায়, অসৎ আৰু ভুল পদ্ধতিৰে অৰ্জন কৰা ধন-সম্পত্তি মাত্ৰ দহ বছৰলৈকে থাকে।এঘাৰ বছৰলৈকে সেয়া সম্পূৰ্ণৰূপে হেৰাই যায়।”

তিনিটা উপায়েৰে অৰ্জন কৰা ধন স্থায়ী নহয়

১)অনৈতিক উপায়েৰে আহৰণ কৰা ধনঃ চাণক্যৰ মতে, অনৈতিক উপায়ৰ দ্বাৰা অৰ্জন কৰা ধন কেতিয়াও স্থায়ী নহয়। অৰ্থাৎ নিয়ম ভংগ কৰি অসৎ উপায়েৰে ধন উপাৰ্জন কৰিলে দৰিদ্ৰতাৰ দিশে আগবাঢ়ি যোৱাৰ দৰে হয়। উদাহৰণ স্বৰূপে যদি আপুনি উৎকোচ লৈ বা মিছা কথা কৈ আৰু আনক প্ৰতাৰণা কৰি টকা উপাৰ্জন কৰে তেন্তে সেই ধন কেতিয়াও স্থায়ী নহয়।

২) প্ৰতাৰণা কৰি ধন উপাৰ্জনঃ যদি আপুনি কাৰোবাক প্ৰতাৰণা কৰি বা প্ৰৱঞ্চনাৰে ধন-সম্পত্তি উপাৰ্জন কৰে সেই ধন কেতিয়াও স্থায়ী নহয়। আনক সমস্যা দি উপাৰ্জন কৰা ধনে মানসিক যন্ত্ৰণাৰ সৃষ্টি কৰে। ইয়াৰোপৰি যদি আপোনাৰ প্ৰৱঞ্চনাৰ কথা আনে গম পাই তেন্তে আপোনাৰ সুনাম আৰু সন্মান নষ্ট হ’ব পাৰে। গতিকে এই পদ্ধতিত ধন উপাৰ্জন কৰিব নালাগে।

৩) চুৰি কৰি উপাৰ্জন কৰা ধনঃ আচাৰ্য চাণক্যৰ মতে চুৰি কৰি উপাৰ্জন কৰা ধন বেছি দিনলৈ নাথাকে। এনে টকাত আধ্যাত্মিক তৃপ্তি নাথাকে। ইয়াৰোপৰি চুৰি কৰা ব্যক্তিজনে সমাজত সন্মান হেৰুয়ায়। টকা চুৰি কৰা ব্যক্তিয়ে ক্ৰমান্বয়ে আৰ্থিক অৱনতিৰ পথত আগবাঢ়ি যায়। তেওঁৰ জীৱনত কেতিয়াও সমৃদ্ধি নাহে।

চাণক্যৰ মতে, মানুহে সদায় সঠিক পদ্ধতিৰে টকা উপাৰ্জন কৰিব লাগে। সেই ধন মানুহৰ হাতত বেছি দিনলৈ থাকে।

 

 

অন্য খবৰ পঢ়কঃ চাউল-দাইলত কেতিয়াও নালাগে পোক! মাত্ৰ পাত্ৰটোত থৈ দিয়ক এই ২টা পাত…

 

আপোনাৰ ঘৰতো চৰায়ে বাহ সাজিছে নেকি? শুভ নে অশুভ জানক...
দেৱালীৰ সময়ত ঘৰলৈ আনক এই সামগ্ৰী! উদয় হ'ব ভাগ্য...
হ'ব পাৰে আৰ্থিক সমস্যা! দেৱালীৰ পূৰ্বে ঘৰৰ পৰা আঁতৰ কৰক এই সামগ্ৰী...
পুৰুষসকল সহজে আক্ৰান্ত হয় এইসমূহ ৰোগত, জানক...