কোনসকল মহিলাৰ ছাৰ্ভাইকেল কৰ্কট ৰোগ হোৱাৰ আশংকা বেছি? জানক…

আজিকালি বহু মহিলাৰ ছাৰ্ভাইকেল কৰ্কট ৰোগ হোৱা দেখা যায়। বিশেষকৈ ৩০ বছৰৰ পাছত মহিলাসকলৰ মাজত এই সমস্যা অধিক হয়। ইয়াৰ আছে বিশেষ কাৰণ।

কোনসকল মহিলাৰ ছাৰ্ভাইকেল কৰ্কট ৰোগ হোৱাৰ আশংকা বেছি? জানক...

চাৰ্ভাইকেল কৰ্কট ৰোগৰ কাৰণ

Updated On: 

04 Aug 2025 | 04:34 PM

দেশত বৃদ্ধি পাইছে কৰ্কট ৰোগত আক্ৰান্তৰ সংখ্যা। কৰ্কট ৰোগ বিভিন্ন প্ৰকাৰৰ আছে। তাৰ ভিতৰত এনে এবিধ আছে যি মহিলাসকলৰ মাজত দেখা যায়। এই কৰ্কট ৰোগৰ নাম চাৰ্ভাইকেল কৰ্কট ৰোগ (Cervical cancer)। WHOৰ তথ্য অনুসৰি বিশ্বৰ চতুৰ্থ সৰ্বাধিক সাধাৰণ কৰ্কট ৰোগ হৈছে ছাৰ্ভাইকেল কেন্সাৰ। এই কৰ্কট ৰোগ ৯০ শতাংশ প্ৰতিৰোধযোগ্য। গতিকে সময়মতে এই কৰ্কট ৰোগৰ লক্ষণৰ বিষয়ে জানিব পাৰিলে ভাল।

ভাৰতৰ বহু মহিলা ৩০ বছৰৰ অন্তত এই ৰোগত আক্ৰান্ত হয়। কিন্তু আপুনি জানেনে এই ৰোগৰ আঁৰত বহু কাৰণ আছে, যিবোৰ প্ৰায়ভাগ মহিলাই আওকান কৰা দেখা যায়। বহু মহিলাই ভাবে যে দুৰ্বলতা বা বয়স হোৱাৰ বাবে এনে ৰোগ হৈছে, কিন্তু ভাগৰ, কঁকালৰ বিষ, অনিয়মিত মাহেকীয়া আদি এই কৰ্কট ৰোগৰ লক্ষণ হ’ব পাৰে।

সাধাৰণতে ৩টা কাৰণ আছে, যাৰ বাবে মহিলাসকলৰ মাজত এই কৰ্কট ৰোগ বেছিকৈ হোৱা দেখা যায়।

HPV Virus- এই ৰোগৰ প্ৰথম কাৰণ হ’ল HPV Virus. এই ভাইৰাছ হৈছে এক যৌন সংক্ৰামক ভাইৰাছ। যি সংক্ৰমিত ৰোগীৰ সংস্পৰ্শলৈ আহিলে বিয়পে। উল্লেখ কৰা প্ৰয়োজন যে, প্ৰতিটো এইচ পি ভি ভাইৰাছ কৰ্কটলৈ পৰিণত নহয়। কিন্তু এই ভাইৰাছ যদি শৰীৰত দীৰ্ঘদিন ধৰি থাকে আৰু আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল হয়, তেন্তে এই ভাইৰাছে ছাৰ্ভাইকেল কোষৰ ক্ষতি কৰিব পাৰে।

ধূমপানঃ আজিকালি বহু মহিলাই ধূমপান কৰে। ধূমপান কৰিলে বা অনবৰত অনবৰতে ধূমপানৰ সংস্পৰ্শত থাকিলে মানুহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল হৈ পৰে। এনে পৰিস্থিতিত শৰীৰে ৰোগৰ বিৰুদ্ধে যুঁজিব নোৱাৰে আৰু ভাইৰাছে সহজে আক্ৰমণ কৰে। বহু গৱেষণাত দেখা গৈছে যে ধূমপান কৰা মহিলাসকলৰ ছাৰ্ভাইকেল কেন্সাৰ হোৱাৰ সম্ভাৱনা সৰ্বাধিক।

যৌনাংগৰ স্ৰাৱঃ যৌনাংগৰ পৰা স্ৰাৱ নিৰ্গমন হোৱাটো স্বাভাৱিক, কিন্তু যদি বাৰে বাৰে এয়া হয় তেন্তে সাৱধান হোৱা ভাল। কিছুমান মহিলাই লাজ বা ভয় কৰি ইয়াত আওকান কৰে। কিন্তু দীৰ্ঘদিন ধৰি যদি স্ৰাৱ ওলাই, গোন্ধ ওলাই আৰু পিৰিয়ড অনিয়মিত হয় তেন্তে স্বাস্থ্য পৰীক্ষা কৰা দৰকাৰ।

পৰিত্ৰাণৰ উপায়

  • HPV ভেকচিন লগাওক। এই ভেকচিন ৯ বছৰৰ পৰা ১৪ বছৰ বয়সৰ কিশোৰীক দিব লাগে।
  • ৩০ বছৰ বয়সৰ পিছত নিয়মিতভাৱে পেপ স্মিয়ৰ টেষ্ট কৰাব লাগে
  • ধূমপানৰ পৰা আঁতৰি থাকক।
  • সুষম খাদ্য গ্ৰহণ কৰক।
  • পৰ্যাপ্ত টোপনি লওক।

ইয়াৰোপৰি যদি অনবৰতে ভাগৰুৱা, পিঠিৰ বিষ, যৌন সম্পৰ্কৰ পাছত ৰক্তাক্ষৰণ, দুৰ্গন্ধযুক্ত স্ৰাৱ হয় তেন্তে তৎক্ষণাত চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰক।

 

 

অন্য খবৰ পঢ়কঃ আপোনাৰো আছে নেকি এইসমূহ অভ্যাস? তেন্তে হৈ পৰিব পাৰে খিংখিঙীয়া, দুৰ্বল আৰু…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...