কি কাৰণত হাড় দুৰ্বল হ’ব পাৰে ? এই সমস্যা ৰোধ কৰাৰ উপায় জানক

দুৰ্বল হাড় কেৱল এটা সাধাৰণ স্বাস্থ্যজনিত সমস্যা নহয়; ইয়াৰ ফলত বিভিন্ন ধৰণৰ স্বাস্থ্যজনিত সমস্যাও হ’ব পাৰে। কি কি কাৰণত হাড় দুৰ্বল হয় জানক।

কি কাৰণত হাড় দুৰ্বল হব পাৰে ? এই সমস্যা ৰোধ কৰাৰ উপায় জানক
Published: 

09 Nov 2025 | 04:52 PM

মজবুত হাড়ে শৰীৰত কেলচিয়ামৰ ভাৰসাম্য ৰক্ষা কৰে, যিয়ে পেশীবোৰক শক্তি প্ৰদান কৰে। বয়সৰ লগে লগে হাড়ৰ ঘনত্ব কমি যায়, গতিকে মজবুত হাড় থকাটো বিশেষভাৱে গুৰুত্বপূৰ্ণ। হাড় মজবুত কৰি ৰাখিলে ভংগীমা ভাল হয়, ভাগৰ কমি যায় আৰু ভৱিষ্যতে অষ্টিঅ’পৰ’ছিছৰ দৰে সমস্যা ৰোধ কৰাত সহায় কৰে।

দুৰ্বল হাড় কেৱল এটা সাধাৰণ স্বাস্থ্যজনিত সমস্যা নহয়; ইয়াৰ ফলত বিভিন্ন ধৰণৰ স্বাস্থ্যজনিত সমস্যাও হ’ব পাৰে। প্ৰথমতে, হাড় দুৰ্বল হ’লে হাড় ভাঙি যোৱাৰ সম্ভাৱনা বৃদ্ধি পায়। তদুপৰি দুৰ্বল হ’লে গাঁঠিৰ বিষ, পিঠি আৰু কঁকালৰ জঠৰতা, গতিশীলতাৰ সমস্যা, ষ্টেমিনা কমি যাব পাৰে। অষ্টিঅ’পৰ’ছিছ, কেলচিয়ামৰ অভাৱ, ভিটামিন ডিৰ অভাৱ ফলত হাড় দুৰ্ভল হ’ব পাৰে।

হাড় দুৰ্বল হোৱাৰ কাৰণ কি?

মেক্স হাস্পতালৰ ডাঃ অখিলেশ যাদৱে কয় যে, হাড়ৰ দুৰ্বলতা বহু কাৰণত হ’ব পাৰে। ইয়াৰ আটাইতকৈ সাধাৰণ কাৰণ হ’ল খাদ্যত কেলচিয়াম আৰু ভিটামিন ডিৰ অভাৱ, কিয়নো হাড়ৰ শক্তিৰ বাবে দুয়োটা অতি প্ৰয়োজনীয়। সূৰ্যৰ পোহৰৰ অপৰ্যাপ্ত সংস্পৰ্শতো ভিটামিন ডিৰ অভাৱত অৰিহণা যোগায়। বয়সৰ লগে লগে হাড়বোৰো পাতল হ’বলৈ আৰম্ভ কৰে, বিশেষকৈ মহিলাৰ ৰজোনিবৃত্তিৰ পিছত এই সমস্যা দেখা যায়।

ইয়াৰ উপৰিও শাৰীৰিক কাৰ্যকলাপৰ অভাৱ, বহি থকা কাম, ধূমপান, অত্যধিক মদ্যপান আৰু প্ৰচেছড খাদ্য অত্যধিক সেৱনে হাড় দুৰ্বল কৰি তোলে। থাইৰয়ড, বৃক্কৰ ৰোগ, ষ্টেৰইড আদি ঔষধ দীৰ্ঘদিন ব্যৱহাৰ কৰিলেও হাড়ৰ ঘনত্ব হ্ৰাস পাব পাৰে। সেয়ে সুষম জীৱনশৈলী আৰু পুষ্টি অতি প্ৰয়োজনীয়।

ইয়াক কেনেকৈ প্ৰতিৰোধ কৰিব পাৰি?

প্ৰতিদিনে ১৫-২০ মিনিট সূৰ্যৰ পোহৰত নিজকে ৰাখিব লাগে।

কেলচিয়াম আৰু ভিটামিন ডি সমৃদ্ধ খাদ্য খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰক।

নিয়মীয়াকৈ খোজ কঢ়া, যোগাসন বা ব্যায়াম কৰক।

ধূমপান আৰু মদৰ পৰা আঁতৰি থাকক।

জাংক ফুডৰ পৰিমাণ কম কৰক।

সময়ে সময়ে হাড়ৰ ঘনত্ব পৰীক্ষা কৰাব লাগে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...